/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-11-11-24-new-2-2025-12-25-20-19-19.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে গেৰুৱা দলৰ আজ্ঞাবাহী ভৃত্যৰ ভূমিকা পালিছে । নিৰপেক্ষ বিচাৰৰ পৰিৱৰ্তে শাসক দলৰ অভিযুক্তৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰি সাধাৰণ ৰাইজৰ আৰক্ষীৰ প্ৰতি আস্থা বিশ্বাস কমাই আনিছে। এই গুৰুতৰ অভিযোগ লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-20-17-46.jpeg)
উল্লেখ্য় যে , বৃহস্পতি বাৰে ঢকুৱাখনা সদৰ থানাৰ সন্মুখত অৱস্থান আৰু ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি এই অভিযোগ উত্থাপন কৰে। লখিমপুৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়াক ঢকুৱাখনাত বুধবাৰে বিজেপিৰ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বুলি নিজকে পৰিচয় দিয়া পশ্চিম ঢকুৱাখনাৰ উন্নাসিক যুৱক গুণীন চুতীয়া নামৰ এজন ব্যক্তিয়ে নিৰ্মম ভাবে শাৰীৰিক আক্ৰমণ কৰে। সামান্য কথাতে সংযমহীন হৈ গেৰুৱা নেতাজনে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত শইকীয়াৰ চকু আৰু মুখ মণ্ডল ফাটি যায় ।
সম্প্ৰতি চিকিৎসাধীন যুৱ নেতা গৰাকীয়ে নিজে ঢকুৱাখনা সদৰ থানাত এজাহাৰ দাখিল কৰে বুধবাৰে।আৰক্ষীয়ে আহত শইকীয়াক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত গোচৰৰ তদন্তৰ নামত পক্ষপাতী আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গোচৰ দাখিলৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়োৱাৰ পৰিবৰ্তে সোপাধিলা নীতি গ্ৰহণ কৰাত ক্ষুব্ধ হৈ বৃহস্পতি বাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-18-08.jpeg)
বৃহস্পতি বাৰে আৰক্ষীৰ এনে পক্ষপাতী আচৰণত অতিষ্ঠ হৈ যুৱ কংগ্ৰেছৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া , জিলা কংগ্ৰেছৰ বিষয়ববীয়া কেশেন চেতিয়া , সমষ্টি যুৱ কংগ্ৰেছৰ সম্পাদক লক্ষ্য নাথ নাতে ,জিলা যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰেমধৰ মিলি, জিলা আৰু ব্লক নেতৃত্বই অংশ লোৱা প্ৰতিবাদী কাৰ্যসূচীৰে থানাৰ সন্মুখত উত্তাল পৰিবেশৰ সৃষ্টি কৰে। এনে সময়তে ঢকুৱাখনা সমজিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ বড়ো থানাত উপস্থিত হৈ প্ৰতিবাদকাৰীক আশ্বস্ত কৰে । সমজিলা আয়ুক্ত গৰাকীৰ আশ্বস্ত হোৱা প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সামৰি শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই । অন্যথাই অধিক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সকীয়নী প্ৰদান কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us