ঢকুৱাখনাৰ ৯ সাহিত্য সাধকলৈ যুৱ লেখক সন্মান-২০২৫

অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত 'অসম গ্ৰন্থমেলা' প্ৰাংগণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'যুৱ লেখক সন্মান' স্বৰূপে ২৫ হাজাৰ  টকা প্ৰদানেৰে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰাণিত কৰিব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 11.41.55 PM

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ প্ৰকাশন পৰিষদে ৰাজ্যখনৰ সম্ভাৱনাপূৰ্ণ প্ৰগতিশীল যুৱ লেখক সকলক সাহিত্য চৰ্চা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু তেওঁলোকৰ সাহিত্য প্ৰতিভা উজীৱিত কৰাৰ লক্ষ্যৰে ঘোষণা কৰা "যুৱ লেখক সন্মান"২০২৫ দেওবাৰে ঘোষণা কৰিছে।

WhatsApp Image 2025-12-21 at 11.33.52 PM

গ্ৰন্থবৰ্ষ ২০২৫ৰ সতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে  আগবঢ়োৱা "যুৱ লেখক সন্মান" ২০২৫ৰ অধীনত অসমীয়া, বাংলা, বড়ো , মিচিং, কাৰ্বি নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা সৰ্বমুঠ ৮১৮গৰাকী ৪০ অনূৰ্ধ্ব যুৱ লেখক-লেখিকাক "যুৱ লেখক সন্মান"ৰ বাবে নিৰ্বাচিত হৈছে।

WhatsApp Image 2025-12-21 at 11.33.53 PM

সাহিত্য সংস্কৃতিৰ বৰঘৰ স্বৰূপ ঢকুৱাখনা সমজিলাৰ মুঠ ৯গৰাকী যুৱ লেখকক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে । ঢকুৱাখনাৰ পৰা আৰু কৰ্মসূত্ৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা নিজস্ব সৃষ্টিশীল লেখনিৰে ভাষা সাহিত্যৰ  ভঁৰাললৈ মেটমৰা সাহিত্য সম্ভাৰ আগবঢ়াই অহা এইসকল সন্মানিত ব্যক্তি হল ক্ৰমে ডঃ বিজয় কৃষ্ণ দলে , ডঃ জ্যোতিষ্মান দাস , গৌৰী প্ৰসাদ শৰ্মা , মানস প্ৰতীম দত্ত , বিকাশ দিহিঙীয়া , ধ্ৰুৱ জ্যোতি চেতিয়া , নয়নমনি দাস , ৰিংকু মণি বৰা ,পৰেশ দাস আদি । অৱশ্যে পৰৱৰ্তী সময়ত ঢকুৱাখনাৰ এই কৃতিমানৰ তালিকা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

WhatsApp Image 2025-12-21 at 11.33.53 PM (1)

উল্লেখযোগ্য যে ৰাজ্যখনৰ ৮১৮ গৰাকী এনে  নিৰ্বাচিত লেখক-লেখিকাক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত 'অসম গ্ৰন্থমেলা' প্ৰাংগণত বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'যুৱ লেখক সন্মান' স্বৰূপে ২৫ হাজাৰ  টকা প্ৰদানেৰে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰাণিত কৰিব । ঢকুৱাখনাৰ এইসকল সাহিত্য সাধকৰ এই সন্মান প্ৰাপ্তিত সমজিলাখনৰ বিভিন্ন ব্যক্তি ,অনুষ্ঠান সংগঠনে অভিনন্দন জনাইছে ।

WhatsApp Image 2025-12-21 at 11.33.53 PM (2)

ঢকুৱাখনা