লখিমপুৰ আৰক্ষী অধীক্ষকৰ বাসগৃহত গৃহৰক্ষী জোৱানৰ আত্মহনন

আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসগৃহৰ চৌহদত আত্মহননৰ পথ বাছি ললে আৱাসত কৰ্মৰত "অডাৰ্লি" গৃহৰক্ষী বাহিনীৰ জোৱান বিশ্বজিৎ হাজংয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ আৰক্ষীত এক অঘটন সংঘটিত হয় । লখিমপুৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাৰ চৰকাৰী আবাসত কৰ্মৰত এজন গৃহৰক্ষী জোৱানে ললে চৰম পন্থা।সন্ধিয়া প্ৰায় ৫ বজাত আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসগৃহৰ চৌহদত আত্মহননৰ পথ বাছি ললে আৱাসত কৰ্মৰত "অডাৰ্লি" গৃহৰক্ষী বাহিনীৰ জোৱান বিশ্বজিৎ হাজংয়ে।

b99526ce-d5bc-4de8-b51f-95ff058537fb

দীৰ্ঘদিন ধৰি আৰক্ষী অধীক্ষকৰ চৰকাৰী বাস গৃহত অডাৰ্লি হিচাবে কৰ্মৰত আছিল জ্যেষ্ঠ গৃহৰক্ষী বাহিনীৰ কৰ্মী বিশ্বজিৎ  হাজং । গৃহৰক্ষী বাহিনীৰ  জোৱানজনৰ অপমৃত্যুৰ কাৰণ অদ্যপি অজ্ঞাত। লখিমপুৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ঘটনাকলৈ লখিমপুৰ সদৰত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে । জ্যেষ্ঠ গৃহৰক্ষী জোৱানজনৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ অহাৰ আশা  কৰা হৈছে ।

b99526ce-d5bc-4de8-b51f-95ff058537fb

ঢকুৱাখনা