/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-15-01-56.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা 'তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসম'ৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা দেওবাৰে সম্পন্ন হয়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত দিনৰ ১ বাজি ৩০ মিনিটত অনুষ্ঠিত হোৱা সাধাৰণ সভাত কেন্দ্ৰৰ সভাপতি জিতেন গগৈয়ে সভাপতিত্ব কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/3414dbd2-c9c7-4458-9bed-1358cf8f4aef-2025-12-15-14-36-19.jpeg)
উক্ত সভাত আগন্তুক ২০২৫-২০২৭ বৰ্ষৰ বাবে 'তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম'ৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। কেন্দ্ৰৰ বিদায়ী সম্পাদক অৰুণ চমুৱাই আঁত ধৰা সভাত বিগত কাৰ্যকালৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ কৰাৰ পাছতে আগন্তুক ২০২৫-২০২৭ বৰ্ষৰ বাবে প্ৰদীপ চমুৱাক সভাপতি, হেমন্ত গগৈক কাৰ্যকৰী সভাপতি আৰু হিতেশ ফুকনক প্ৰধান সম্পাদক হিচাপে লৈ তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। উক্ত সভাত আগন্তুক ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় 'মে-ডাম মে-ফী' উদযাপন সমিতিখনো গঠন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/1a08f263-a025-40f2-8412-de38b3fa2cfe-2025-12-15-14-36-33.jpeg)
২০২৬ বৰ্ষৰ ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব লগীয়া 'মে-ডাম মে-ফী' উদযাপন সমিতিৰ সভাপতিৰ হিচাপে ৰঞ্জিত সন্দিকৈক নিৰ্বাচিত কৰাৰ সমান্তৰালকৈ সাধাৰণ সম্পাদক হিচাপে সত্য চমুৱা আৰু শান্তনু গগৈক যুটীয়া ভাৱে নিৰ্বাচিত কৰা হয়। উক্ত সভাত আগন্তুক মে-ডাম মে-ফী' উৎসৱৰ বছৰেকীয়া মুখপত্ৰ 'বান-ফাই' শীৰ্ষক স্মৰণিকাখন সম্পাদনাৰ বাবে অৰুণ চমুৱাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। স্মৰণিকা খনত প্ৰকাশৰ বাবে ইতিহাসৰ তথ্য সমৃদ্ধ প্ৰবন্ধ, গল্প, কবিতা আদিৰ লগতে মৌলিক চিন্তা-চৰ্চা সন্নিৱিষ্ট বিভিন্ন ধৰণৰ লেখা প্ৰেৰণৰ বাবেও সম্পাদক অৰুণ চমুৱাই আহ্বান জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/dcb84f2a-cf88-4396-8075-7c67be2666b4-2025-12-15-14-36-49.jpeg)
লেখা সমূহ পৰিস্কাৰ বগা কাগজত হাতে লিখি অথবা ৰামধেনু ছফ্টৱেৰত ডি টি পি কৰি অহা ১৫ জানুৱাৰীৰ পূৰ্বে arunchamuah111@gmail.com ত মেইল কৰি বা হোৱাটচ নম্বৰ ৯৮৫৯৫১৪৩০৪/৯৪০১২৬৪০১৬ পঠাবলৈ আহ্বান জনায়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us