/asomiyapratidin/media/media_files/2025/08/18/cxcxaaaa-2025-08-18-18-24-23.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ মাতমৰা মথাউৰিৰ জিৰ পইণ্টত সোমাবাৰে বিয়লি সংঘটিত হল এক মৰ্মান্তিক ঘটনা । ব্ৰহ্মপুত্ৰৰ সুঁতিত স্নান কৰিবলৈ গৈ সন্ধানহীন এজন ব্যক্তি। ব্যক্তিজন ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বৰ্ষা বাঘমৰা গাঁওৰ ৰঞ্জিত ঘোষ বুলি জানিব পৰা গৈছে।
প্ৰত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে, গাঁওখনত শ্ৰী শ্ৰী মনসা দেৱীৰ পূজা অৰ্চনা কৰাৰ পাছত সোমাবাৰে বিয়লি প্ৰায় ১-১৫ বজাত মনসা দেৱীৰ মূৰ্তি বিসৰ্জন দিবলৈ আহি মাতমৰা জিৰ পইণ্টৰ সুঁতিত স্নান কৰিছিল ঘোষে। এনেতে অকস্মাত পানীৰ সোঁতত উটি যায় ব্যক্তিজন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-image-2025-08-18-18-31-20.jpeg)
পাছত ব্যক্তিজনৰ সন্ধানহীন হোৱাৰ খবৰ এছডিআৰএফ বাহিনীক অৱগত কৰা হয়। এছডিআৰএফ বাহিনীয়ে অশেষ সন্ধান চলায়ো সফল নহল। পানীৰ প্ৰবল সোঁত আৰু গভীৰতাৰ বাবে ব্যৰ্থ হোৱা এছডিআৰ ফ বাহিনীয়ে সন্ধিয়া অভিযান স্থগিত ৰাখে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।