/asomiyapratidin/media/media_files/2026/01/04/dfdfeaxsa-2026-01-04-18-39-19.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ ভৱিষ্যত বিপদাপন্ন। ভয়াবহ সংকটৰ গ্ৰাসত নিমৰ্জিত অসম আৰু অসমীয়া। কাৰণ অসমৰ খিলঞ্জীয়াৰ ভূমিস্বত্ব আৰু অধিকাৰ কাঢ়ি নিয়া হৈছে। বৰ অসমৰ ভূমিপুত্ৰ সকলৰ মাটি কাঢ়ি নি বিদেশী পুঁজিপতি আদানী আম্বানীৰ হাতত গতাই দিয়া হৈছে। খিলঞ্জীয়াৰ জীৱন জীৱিকাক বিপদজনক অৱস্থালৈ নিক্ষেপ কৰি এই অত্যাচাৰ চলাই গৈছে দিছপুৰৰ ৰজা মামা আৰু মামীয়ে । যতেই মাটি দেখা পাই এই মামা মামীয়ে তাতেই থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰি হয় নিজৰ পৰিয়ালৰ নামত লয় নহয় আদানী আম্বানীক বিক্ৰী কৰি দিয়ে। স্বাধীকাৰ বিচাৰি বৰ অসমৰ কাৰ্বি,বড়ো,মিচিং আদি খিলঞ্জীয়াই কৰি অহা গণতান্ত্ৰিক সংগ্ৰামক অৰ্থহীন কৰি ৪০ হাজাৰ বিঘা মাটি এইজন অত্যাচাৰী মুখ্যমন্ত্ৰীয়ে আদানী আম্বানীক গতাই দিলে। যেতিয়ালৈকে এইজন অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে কোনো ভূমিপুত্ৰৰ মাটি সুৰক্ষিত নহয়। নিজৰ মাটি, নিজৰ জাতি সুৰক্ষিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক দিছ্পুৰৰ পৰা উৎখাট কৰিব লাগিব । মামা-মামীৰ অপশাসন শেষ কৰিবলৈ দিছপুৰৰ পৰা বিজেপি দলক খেদিবই লাগিব।"
দেওবাৰে দুপৰীয়া এক বিশাল জন সভাত বক্তব্য আগবঢ়াই এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সহযোগিতাত ঢকুৱাখনাত দেওবাৰে অনুষ্ঠিত মাটি বচাওঁক, জাতি বচাওঁক" শীৰ্ষক এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সভাপতি গগৈয়ে আগবঢ়াই গেৰুৱা দল আৰু চৰকাৰৰ বিৰুদ্ধে আক্ৰমনাত্মক বক্তব্য আগবঢ়ায়।
প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহে আঁত ধৰা সভাত সভাপতি গগৈয়ে কয় বিগত ১০ বছৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰু চোৰ ,চাউল চোৰ ,কয়লা চোৰ, মাটি চোৰ কৰি সৰ্বত্ৰতে ছিণ্ডিকেটৰাজৰ সূত্ৰপাত ঘটাই অসমীয়াৰ বৰ্তমান আৰু ভৱিষ্যত অন্ধকাৰাচন্ন কৰিলে। সেয়ে এইবাৰ অসমৰ ৰাইজে মন বান্ধিছে ৰাইজক মজা দিয়া সকলক এইবাৰ ৰাইজে মজা দিব। ইয়াৰ বাবে সময় সমাগত বুলি কৈ গগৈয়ে সমাগত বিধানসভাৰ নিৰ্বাচন ৰাজনৈতিক দলৰ মাজৰ নিৰ্বাচন নহয় , ভুক্তভোগী ৰাইজৰ অত্যাচাৰী মামা মামীৰ স্বেচ্ছাচাৰীৰাজৰ বিৰুদ্ধে ঐক্যবদ্ধ গণতান্ত্ৰিক যুঁজ হিচাবে অভিহিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/267f59a2-1a84-439c-bfc-2026-01-04-18-39-53.jpg)
অসম প্ৰদেশ কংগ্ৰেছ দল পৰিবৰ্তনকামী ৰাইজৰ লগত আছো বুলি নিশ্চয়তা প্ৰদান কৰি গগৈয়ে কয়, শাসক যেতিয়া অহংকাৰী হয় তেনে শাসকৰ ৰাজত্বৰ অৱসান হোৱাৰ নজিৰ ইতিহাসত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংস মামাৰ ভূমিকা লৈ শাসনৰ গাদী সুৰক্ষিত কৰিবলৈ ধৰ্ম ,ভাষা, জাতিৰ নামত ভাতৃ সংঘৰ্ষ সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা উৎখাট কৰিবলৈ তৎপৰ হোৱা বুলি কয় । তেওঁ সুদীর্ঘ ভাষণ কালত সভাপতি গৰাকীয়ে যদি সুশাসন লাগে,পৰিবৰ্তন লাগে, উন্নয়নৰ পোহৰ লাগে তেন্তে অহা নিৰ্বাচনত বিজেপি দলত শাসনৰ পৰা আঁতৰাই দিয়াৰ বাবে আহ্বান জনায়।
ইফালে, সমাগত নিৰ্বাচনত বিবেক ভোটৰ আহ্বান জনায় সভাপতি গগৈয়ে ধন বল,বাহুবল, প্ৰশাসনিক বল প্ৰয়োগ কৰি নিৰ্বাচন জিকাৰ সপোন দেখা বিজেপি দল আৰু মুখ্যমন্ত্ৰীক স্বাভিমানী অসমীয়াই ঐক্যবদ্ধ হৈ অহংকাৰী শাসকক প্ৰত্যাখ্যান কৰি এক সুকীয়া বাৰ্তা দাঙি ধৰিব বুলি কয়। কেইবা সহস্ৰাধিক ৰাইজ আৰু দলীয় কৰ্মীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত গগৈয়ে মুখ্যমন্ত্ৰীক মিচলিয়া আখ্যা দি তেওঁক পাকিস্তানী এজেন্ট সজোৱা অভিযোগৰ প্ৰমাণ দাখিলত ব্যৰ্থ হোৱা,অসম কণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানত ব্যৰ্থ হোৱা, দুৰ্বল চার্জচিট দাখিলেৰে গেৰুৱা দলৰ ঘনিষ্ঠ অভিযুক্তক সুৰক্ষা দিয়া আদি তথ্য দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথাৰ কোনো মূল্য নাই বুলি ব্যক্ত কৰে।
ঢকুৱাখনা নগৰৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত সভাত ৰাইজৰ উৎসাহ দেখি গগৈয়ে অহাবাৰ কংগ্ৰেছ দলৰ বিধায়ক ঢকুৱাখনা সমষ্টিত জয়ী হোৱাটো নিশ্চিত বুলি কয়। ৰাইজক সজাগ সচেতন হোৱাৰ আহ্বান জনায় গগৈয়ে ৰাজ্য কংগ্ৰেছ দলৰ চৰকাৰ হলে বিজেপিৰ মদৰ দোকান খুলি নব প্ৰজন্মক পংগু কৰা , চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰা আদি নীতিৰ পৰিবৰ্তে বিদ্যালয় স্থাপন কৰা , ৰাইজৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰা, দৰিদ্ৰ মহিলাৰ বাবে আঁচনি সাৰ্বজনীন কৰা, থলুৱা কৃষি ভিত্তিক লঘু উদ্যোগ স্থাপন কৰা, থলুৱা ঠিকাদাৰৰ উপযোগী হোৱাকৈ আঁচনি গ্ৰহণ কৰা, মহিলাৰ নিৰাপত্তা আৰু আত্মসন্মান সুনিশ্চিত কৰা আদি কৰ্ম আঁচনি গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ঊদয় শিফ ভানু, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ দৰ্শন সিং, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ঘন বুঢ়াগোঁহাই, সাধাৰণ সম্পাদক জয় প্ৰসাদ দাস, ডেভিড ফুকন, অমৃত গগৈ, ৰাজকুমাৰ নীল নেত্ৰ নেওগ, উদীপ ভানু , লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গংগা জ্যোতি টায়েগাম, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগম, জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন , উপ সভাপতি আনন্দ নৰহ , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া ,ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়াকে প্ৰমুখ্য কৰি বহু সংখ্যক দলীয় নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে সভাত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp-image-2-2026-01-04-18-40-27.jpeg)
এই সভাত নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি উদয় শিফ ভানু , নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা তত্বাৱধায়ক জিতেন্দ্ৰ দৰ্শন সিং ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম,উপ সভাপতি আনন্দ নৰহ ,প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই, জ্যোতি প্ৰসাদ দাস আদিয়ে বক্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ পৰা অহা সভাপতি গগৈ আৰু অন্যান্য দলীয় শীর্ষ নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মকর্তা সকলে বাইক ৰেলী কৰি আদৰি আনে । দলীয় শ্লোগানেৰে ৰাজপথ উত্তাল কৰি সভা অনুষ্ঠিত কৰাৰ পৰৱৰ্তী সময়ত ষ্টেডিয়াম প্ৰাঙ্গনৰ পৰা ঢকুৱাখনা নগৰ চাৰিআলিলৈ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সভাপতি প্ৰমুখ্যে শীর্ষ নেতৃত্বই। পদযাত্ৰাৰ সামৰণি মাৰি সভাপতি গগৈয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এখন শান্তি সম্প্ৰীতিৰ বৰ অসম পুনৰ গঢ় দিয়াৰ বাবে কংগ্ৰেছৰ হাত শক্তিশালী কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us