/asomiyapratidin/media/media_files/2026/03/05/vfdgrfg-2026-03-05-22-18-52.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যৰ বিধানসভা সাধাৰণ নিৰ্বাচনৰ দিন সমাগত। শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক তৎপৰতা অব্যাহত থকাৰ সময়তে ৭৭নম্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী অদ্যপি চূড়ান্ত হোৱা পৰিলক্ষিত হোৱা নাই।
সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি মুঠ ৬গৰাকী কংগ্ৰেছীয়ে এইবাৰ আবেদন কৰিছে। ইয়াৰ ভিতৰত প্ৰাৰ্থীত্বৰ দৌৰত যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ, প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ বিষয়ববীয়া ডঃ সুৰজিত দলে, লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতি ভোগেশ্বৰ লাগাচুৰ নাম দলীয় মহলত সঘনে চর্চা হোৱাৰ তথ্য পোৱা গৈছে। এই তিনিজনীয়া পেনেলৰ নাম সমষ্টিটোৰ কংগ্ৰেছৰ মহলত ব্যাপক চৰ্চা হোৱাৰ সময়তে দলটোৰ ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক মণ্ডল কংগ্ৰেছ সমিতি, ভোট কেন্দ্ৰ সমিতি, বুথ পৰ্যায়ৰ সমিতিয়ে এগৰাকী সৎ, নিষ্কলুষ আৰু দলৰ নিষ্ঠাবান নেতৃত্বক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী দলৰ শীর্ষ স্তৰত জনাই দিয়াৰ তথ্য সংবাদ মাধ্যমৰ হাতলৈ আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-22-19-56.jpeg)
শেহতীয়া ভাবে, ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত ২২৬ খন ভোটকেন্দ্ৰ সমিতিৰ ১৯০ খন সমিতি আৰু ২৩ মণ্ডল কংগ্ৰেছ সমিতিৰ ২১খন সমিতিয়ে প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি, বিধায়িনী দলৰ নেতালৈ প্ৰেৰণ কৰা পৃথক পৃথক পত্ৰই চিন্তান্বিত কৰি তুলিছে দলটোক। দলটোৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ ডঃ সুৰজিত দলেৰ বিৰুদ্ধে উথাপিত নিৰীহ বয়স্ক নাগৰিকৰ ভূমি কুক্ষীগত কৰাৰ অভিযোগ , মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ জলপানীৰ পুঁজি অপব্যবহাৰ কৰাৰ অভিযোগ ,হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত নাম সাঙোৰ খাই পৰাৰ স্পৰ্শকাতৰ বিষয়বোৰে দলীয় ভাৱমূৰ্তি লাঘৱ কৰাৰ সম্ভাৱনা আৰু আশংকা প্ৰকাশ কৰি বিষয়টো দলৰ মজিয়াত শক্তিশালী ভাবে উপস্থাপন কৰিছে।
শাসক দলৰ প্ৰাৰ্থী নৱ দলেৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰবাহিত হোৱা সমষ্টিটোত বিৰোধী দলৰ প্ৰাৰ্থী গৰাকী নিকা ভাৱমূৰ্তিৰ হোৱাটো কংগ্ৰেছৰ মহলে কামনা কৰি দলৰ শীর্ষ নেতৃত্বৰ অৱগত কৰিছে। সংগৃহীত তথ্য মতে ইতিমধ্যে ২১খন মণ্ডল সমিতিয়ে এই ক্ষেত্ৰত নিজ নিজ মণ্ডলৰ সৰ্বসন্মত মতামত দলৰ সভাপতিলৈ লিখিত পত্ৰ যোগে প্ৰেৰণ কৰিছে। ইয়াৰোপৰি সমিতি সমূহে অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশি জিলা কংগ্ৰেছৰ উপ সভাপতি ভোগেশ্বৰ লাগাচুৰ সপক্ষে থিয় দিছে। ২১ খন মণ্ডল কংগ্ৰেছৰ লগতে ১৯০ খনৰো অধিক বি এল এ আৰু পি চি চিয়ে পূব ঢকুৱাখনাৰ ভোমা লাগাচু গাঁওৰ বাসিন্দা ষ্টীল অথৰিটি অফ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰবন্ধক লাগাচুৰ পক্ষত থিয় দি বিতৰ্কিত আৰু নেতিবাচক ভাবে চৰ্চিত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানে দলৰ সৰ্বাধিক ক্ষতি কৰাৰো আশংকা প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-2026-03-05-22-20-20.jpeg)
উল্লেখযোগ্য যে, অন্যতম প্ৰত্যাশী আনন্দ নৰহৰ বিৰুদ্ধে যোৱাতো বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী পদ্মলোচন দলেৰ বিৰুদ্ধে ভোট বিভাজনত জড়িত থকাৰ বিষয়টো অনুকিয়াই দলীয় সূত্ৰই এগৰাকী জনদৰদী ,নিষ্ঠাৱান প্ৰাৰ্থীৰ জৰীয়তে আগন্তুক বিধানসভাৰ সাধাৰণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছক। ইপিনে ঢকুৱাখনাত দলৰ সন্মান বচাবলৈ প্ৰদেশ কংগ্ৰেছে অনাগত সময়ত কি কৌশলী আৰু সৰ্বজন সমাদৃত স্থিতি গ্ৰহণ কৰে তালৈ অপেক্ষাৰ বিকল্প নোহোৱা হৈছে সমষ্টিটোৰ দলীয় নেতা কৰ্মীৰ।
স্মৰ্তব্য যে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ঢকুৱাখনাৰ মুঠ ১ লাখ ৬৩ হাজাৰ ৭০৩ গৰাকী ভোটাৰ বিশিষ্ট সমষ্টিটোত বিৰোধী দলটোৰ প্ৰাৰ্থী নিশ্চিত নোহোৱাত দলীয় নেতা কৰ্মী সকল নিস্তেজ হৈ পৰা পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us