/asomiyapratidin/media/media_files/2025/12/11/dgfffffff-2025-12-11-19-32-18.jpg)
ডিজিটেল সংবাদ: ঢকুৱাখনাঃ সনাতন পুৰুষ সত্য, শুদ্ধ অখণ্ডিত জ্ঞানৰ চৈতন্য মুৰ্ত্তি, পৰম সত্ত্বা ভগৱানৰ স্বৰূপ উপলব্ধিৰে মোক্ষলাভৰ পথ সুগম কৰাই বৈদিক সনাতন ধৰ্মৰ মূলমন্ত্র। সেইয়া কেবল সম্ভব হয় ঈশ্বৰত একান্ত ভকতি আৰু সৎ সঙ্গ লাভৰ জৰিয়তেহে।
ভকত বৈষ্ণৱৰ পবিত্ৰ চৰণ ধূলিৰে হৃদয়ত মন পখালি, এক সু-শৃঙ্খলিত ঐক্যবদ্ধ সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা বৈদিক সনাতন ধৰ্মালোচনী সমাজৰ ৪৭ সংখ্যক ঢকুৱাখনা জিলাৰ দ্বি-বাৰ্ষিক অধিৱেশন, বাৰেচহৰীয়া সবাহ, যুৱ আৰু মহিলা সমাৰোহ বৰামাৰী গাঁৱৰ তীৰ্থাংকৰ নৰাম ভূঞা সমন্বয় ক্ষেত্রত অহা ৩১ জানুৱাৰী, ০১ আৰু ০২ ফেব্রুবাৰী শনি, দেও আৰু সোমবাৰে অনুষ্ঠিত হব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/whatsapp-image-2025-12-11-19-41-23.jpeg)
এই মূল কাৰ্যসূচীৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে বৈদিক মন্ত্রোচ্চাৰণ, খোল-তাল, মংগল উৰুলি ধ্বনিৰে স্থাপন হয় অনুষ্ঠানৰ লাইখুঁটা। এই পবিত্ৰ লাইখুঁটা স্থাপন কৰে ঢকুৱাখনা জিলাৰ আচাৰ্য ৰোহিনী কুমাৰ মহন্তই । ঢকুৱাখনা জিলা বৈদিক বৈষ্ণৱ সনাতন সমাজৰ ৮ খন আঞ্চলিকৰ ভকত বৈষ্ণৱবৃন্দই অংশগ্ৰহণ কৰে আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/whatsapp-image-2025-12-11-19-41-45.jpeg)
সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে জনাকীৰ্ণ মাংগলিক পৰিবেশত লাইখুঁটা স্থাপনৰ পাছতে প্ৰয়াত নৰাম ভূঞা সমম্বয় ক্ষেত্ৰৰ সমীপৰে বৰামাৰী গাঁৱৰ নামঘৰত নামাচাৰ্য হেমকান্ত দত্তই নাম প্ৰসঙ্গৰে অনুষ্ঠানটি ভক্তিময় কৰি তোলে। অনুষ্ঠানৰ অন্তত জিলা সমিতিৰ সভাপতি সম্পাদক, আদৰণি সমিতিৰ সভাপতি সম্পাদকবৃন্দই উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক অনুষ্ঠিত হব লগা মূল কাৰ্যসূচীত সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us