ঢকুৱাখনাত আলি আয়ে লৃগাংঃ গুমৰাগৰ ছন্দত মতলিয়া অসম আৰক্ষীৰ জোৱান

ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধিশালী উৎসৱ আলি আয়ে লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় ভূমিপুত্ৰই উদযাপন কৰি আহিছে এই কৃষিভিত্তিক লোক উৎসৱটি।

author-image
Asomiya Pratidin
New Update
HT6SDERTDTY6TH

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধিশালী উৎসৱ আলি আয়ে লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় ভূমিপুত্ৰই উদযাপন কৰি আহিছে এই কৃষিভিত্তিক লোক উৎসৱটি। ৰঙা মদাৰ,ৰঙা শিমলু ফুলৰ ৰঙীন গাঁথাৰ মাজত জাক জাক মিচিং ডেকা গাভৰুৰ গুমৰাগ চমানৰ বিনন্দীয়া সুৰত মতলীয়া হৈছে মিচিং সমাজ।

WhatsApp Image 2026-02-18 at 6.51.21 PM

এখন চিৰ সেউজ ,শস্য শ্যামলা পথাৰৰ সপোন দেখি দ্যই প'ল'ৰ ওচৰত প্ৰাৰ্থনা জনাই শস্যৰ বীজ সিঁচা পৰ্ব আজিৰ পৰাই শুভাৰম্ভ কৰে নৃগোষ্ঠীয় ৰাইজে। ঢকুৱাখনা সমজিলাৰ সকলো মিচিং জনগোষ্ঠী অধ্যুষিত গ্ৰামাঞ্চলত জাক জমকতাৰে অনুষ্ঠিত হৈছে এই কৃষিভিত্তিক লোক উৎসৱ। 

WhatsApp Image 2026-02-18 at 6.50.59 PM

 ঢকুৱাখনাৰ গাঁও গ্ৰামাঞ্চলৰ সকলো চহা প্ৰাণ একত্ৰিত হৈ উদযাপন কৰিছে লোক উৎসৱ লৃগাং। সমজিলাখনৰ অভয়পুৰ , ইন্দুৰ, বৰবিল, বালি, ভোমা মিৰি দীঘলী ,ভলুকাজান , লাইপুলিয়া ,কৰ্দৈগুৰি আদি বিভিন্ন গাঁওত পৰম্পৰা আৰু ৰীতি নীতি অনুসৰি চহা ৰাইজ মিলিত হৈ সম্পন্ন কৰিছে লৃগৎ অৰ্থাৎ বীজ সিঁচা পৰ্ব। গাঁওৰ বয়স্ক ব্যক্তিৰ জৰিয়তে পৰম্পৰা অনুসৰি এই লৃগাং সম্পন্ন কৰাৰ পাছত গুমৰাগ চমান গাই আনন্দত মতলীয়া হৈছে গঞা। অনাগত সময়ত খেতি পথাৰ শস্য শ্যামলা হোৱাৰ বাবে দ্যই পল' ,কাৰছিং কাটঙৰ ওচৰত প্ৰাৰ্থনা জনাই জনগোষ্ঠীয় ৰাইজে পৰম্পৰাগত খাদ্য পৰিৱেশন কৰি গুমৰাগ ,চমান গাই উদযাপন কৰে।

WhatsApp Image 2026-02-18 at 6.50.11 PM

ইফালে চিলাপথাৰস্থিত ২২ নং অসম আৰক্ষী বেটেলিয়ানতো দিনজোৰাকৈ পালন কৰা হয় লৃগাং। বেটেলিয়ানৰ অধিনায়ক বুদ্ধিন্দ্ৰ নাথ মৰাঙৰ উদ্যোগত বেটেলিয়ান চৌহদত দিন জোৰকৈ অনুষ্ঠিত কৰা হয় লৃগাং। পুৱা লৃগৎ কৰাৰ পাছত পৰম্পৰাগত ভাৱে সমৃদ্ধিশালী লোক উৎসৱ উদযাপন কৰা হয়। সন্ধিয়া অনাতাঁৰ কণ্ঠশিল্পী দুলেন দত্ত, জনপ্ৰিয় কণ্ঠশিল্পী গৌতম কোঁৱৰ, বেটেলিয়ানৰ জোৱান, জনপ্ৰিয় মিচিং কণ্ঠশিল্পী মিন্টু দলে আদিৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে লৃগাং থলী জীপাল কৰি তোলে।

আলি আয়ে লৃগাং