৩১নং কঁপহুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতি গুৰুত্বহীন আচৰণ বিধায়ক, শিক্ষা বিষয়াৰ...

ইখনৰ পাছত সিখন চৰকাৰী খণ্ডৰ বিদ্যালয় চিৰ কাললৈ বন্ধ হোৱাৰ পাছত ঢকুৱাখনাৰ এখন ঐতিহ্যবহনকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিও নামি আহিছে ভয়ংকৰ দুৰ্যোগ । চৰকাৰী বেতনভোগী এচাম দায়িত্বশীল শিক্ষা বিষয়াৰ

author-image
Asomiya Pratidin
New Update
trss

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  ইখনৰ পাছত সিখন চৰকাৰী খণ্ডৰ বিদ্যালয় চিৰ কাললৈ বন্ধ হোৱাৰ পাছত ঢকুৱাখনাৰ এখন ঐতিহ্যবহনকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিও নামি আহিছে ভয়ংকৰ দুৰ্যোগ । চৰকাৰী বেতনভোগী এচাম দায়িত্বশীল শিক্ষা বিষয়াৰ দায়িত্বহীন কাণ্ডৰ পৰিপ্ৰেক্ষিতত এইবাৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ঢকুৱাখনা বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ৩১ নম্বৰ কঁপহুৱা প্ৰাথমিক বিদ্যালয়।

ঢকুৱাখনাৰ শৈক্ষিক সম্ভ্ৰম হিচাবে চিহ্নিত  ১৮৭২ চনতে প্ৰতিষ্ঠা হোৱা ৩১ নম্বৰ কঁপহুৱা প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি বিৰাজ কৰি আহিছে শিক্ষকবিহীন অৱস্থা । মুঠ ৬ টা শ্ৰেণীৰ শতাধিক শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰা এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকী সহ তিনি গৰাকী শিক্ষকে শিক্ষকতা আগবঢ়াই আহিছে ।

এগৰাকী টিউটৰ আৰু দুগৰাকী নিয়মীয়া শিক্ষক নিযুক্ত এইখন বিদ্যালয়ৰ নিয়মীয়া শিক্ষক দুগৰাকী অৱসৰ গ্ৰহণৰ সময় সমাগত যদিও নিৰবিছিন্ন শিক্ষকতা আগবঢ়াই আহিছে। ইতিমধ্যে শিক্ষাৰ্থী নামভৰ্তিৰ সময় আৰম্ভ হোৱাৰ সময়তে  বিদ্যালয়খনত পৰ্য্যাপ্ত শিক্ষক নিযুক্তি নিদি অকমন্য শিক্ষা বিষয়া বৰফুকনে  গ্ৰহণ কৰি অহা দায়িত্বহীন ভূমিকাৰ বাবে শুক্ৰবাৰে এনেবোৰ পক্ষৰ বিৰুদ্ধে সবল প্ৰতিবাদত নামে শিক্ষাৰ্থী সকল ।

যোৱা শুকুৰবাৰে বিদ্যালয় প্ৰাঙ্গনত উপস্থিত হোৱা  সমূহ শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ পাঠ গ্ৰহণৰ পৰা বিৰত হৈ বিদ্যালয় প্ৰাঙ্গনত সাব্যস্ত কৰে গণতান্ত্ৰিক প্ৰতিবাদ। ইতিমধ্যে ডেৰশ বছৰ অতিক্ৰম কৰা বিদ্যালয়খনত অতি কমেও আৰু দুগৰাকী শিক্ষক নিযুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক ৰাইজে ।  বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগিতাত সাব্যস্ত হোৱা এই প্ৰতিবাদৰ কালত বিদ্যালয় পৰিচালনা সমিতিয়ে জনোৱা মতে বিদ্যাৰ্থী সকলৰ গুণগত শিক্ষা প্ৰদানৰ সহায়ক হোৱাকৈ আৰু দুগৰাকী "টেট" শিক্ষকক নিযুক্তি দিয়াৰ দাবীত ইতিমধ্যে ঢকুৱাখনাৰ বিধায়ক  নৱ দলে , বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক সৌৰভ বৰফুকন , খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈ  ,লখিমপুৰ জিলা আয়ুক্ত আৰু সমজিলা প্ৰশাসন সকলোকে স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিল বিদ্যালয় পৰিয়ালে ।  

বিধায়ক প্ৰমুখ্যে সকলো চৰকাৰী বিষয়াই প্ৰতিবাৰেই শিক্ষক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু বাস্তৱত এজনো শিক্ষক নিযুক্তি দিয়াত গুৰুত্ব নিদিলে এনেবোৰ পক্ষই ।  শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীলৈ গুৰুত্ব আৰোপ নকৰি চৰম দায়িত্বহীনতা প্ৰদৰ্শন কৰি অহা  বেপৰোৱা শিক্ষা বিষয়া বৰফুকনৰ এনে  হঠকাৰী আচৰণৰ প্ৰতিবাদত শিক্ষা এৰি সংগ্ৰামত নমা বুলি কৈ অদক্ষ শিক্ষা বিষয়া গৰাকীৰ ওপৰত ক্ষোভ উজাৰে ।

বৃহত্তৰ অঞ্চলতোৰ অন্যতম নামজ্বলা বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া  এনে শিক্ষকবিহীন অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি আজি শিক্ষাৰ্থী সকলে  আমাক পৰ্যাপ্ত শিক্ষক দিয়ক ,  আমাক আৰু২ গৰাকী শিক্ষক লাগিবই , শিক্ষা বিষয়া হায় হায় আদি শ্লোগান দি বিদ্যালয় চৌহদ উত্তাল কৰি তোলে । বিদ্যালয়খনৰ একাংশ অভিভাৱক ৰাইজে অভিযোগ কৰে যে কেৱল বেতনৰ আশা পালি থকা অকমন্য শিক্ষা বিষয়া ডি আই আৰু বি ই ই অই বিদ্যালয়খনৰ দীৰ্ঘদিন জোৰা এই দুৰৱস্থা আঁতৰ কৰাত মনোনিবেশ নকৰিলে ।

ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়েও কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ আহৰি নাই । পৰিণতিত  বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱা বুলি কৈ এনেবোৰ অকমন্য বিষয়া জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই  বিদ্যালয়খনৰ ভৱিষ্যত অন্ধকাৰাচন্ন  হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী সকলৰ এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ বিকল্প নোহোৱা হল বুলি দোহাৰে ।বিদ্যালয় পৰিয়ালে শীঘ্ৰে দুগৰাকী স্থায়ী শিক্ষকক নিযুক্তি দিয়াৰ অন্তিম দাবী জনায় । অন্যথাই অন্য প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰো সকীয়নী দিয়ে শিক্ষা বিভাগৰ লগতে বিধায়ক গৰাকীক।

উল্লেখযোগ্য যে সভাই সমিতিয়ে গেৰুৱা স্তাৱক বাহিনীয়ে  বিধায়ক নব দলেক  "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" আখ্যা দি চলাই অহা প্ৰচাৰৰ উলংগ স্বৰূপ উদঙাই আজি কণ কণ ছাত্ৰ ছাত্ৰী সকলে সাব্যস্ত কৰা কাৰ্যই বিধায়ক গৰাকীৰ তথাকথিত উন্নয়নৰ  বাস্তৱ ৰূপ সবল ৰূপত  উন্মোচিত কৰিলে  । 

ঢকুৱাখনা মহাবিদ্যালয় ঢকুৱাখনা