ঢকুৱাখনাত বিশাল  আইন সজাগতা ৰেলী…

ঢকুৱাখনাত বিশাল  আইন সজাগতা ৰেলী…

ডিজিটেল সংবাদ: ঢকুৱাখনা:  দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ  সতে  সংগতি ৰাখি ৰাষ্ট্ৰীয় আৰু  লখিমপুৰ জিলা  আইন  সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশক্ৰমে দেওবাৰে ঢকুৱাখনা সদৰত উলিওৱা হয় এক বৃহৎ বাইচাইকেল ৰেলীৰ।  ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰা দেওবাৰে পুৱা প্ৰায় ৮ বজাত শুভাৰম্ভ কৰা  আইন সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে মহকুমা ন্যায়িক দণ্ডাধীশ স্বৰস্বতী জহৰী পাদুনে ।

ঢকুৱাখনা মহকুমা প্ৰশাসনৰ  সহকাৰী আয়ুক্ত মাচি তপ্ন , ঢকুৱাখনা উকীল সন্থাৰ উপদেষ্টা প্ৰশান্ত হিলৈদাৰী, সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা , সম্পাদক মনোজ কুমাৰ গোঁহাইৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক অধিবক্তা , লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সদস্য কৃষ্ণ ধৰ , শৰৎ বৰা , ন্যায়িক দণ্ডাধীশ আদালতৰ  কৰ্মচাৰী সকল,  ঢকুৱাখনা সদৰ থানাৰ  আৰক্ষী ,বিভিন্ন গাঁওৰ গাঁওৰক্ষী বাহিনীৰ সদস্য , হাৰ্হি মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ লগতে সাধাৰণ নাগৰিক সহ অৰ্ধ শতাধিকে স্বতঃ স্ফূৰ্ত ভাবে এই আইন সজাগতা ৰেলীত অংশ গ্ৰহণ কৰি  ৰাইজৰ মাজত  আইনী সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই।

মহকুমা ন্যায়িক আদালতৰ চৌহদৰ পৰা বিভিন্ন গ্ৰামাঞ্চলেৰে পৰিভ্ৰমণ কৰি নগৰৰ আলোক নগৰ হৈ পুনৰ ন্যায়িক আদালত প্ৰাংগণত সামৰণি মৰা এই সজাগতা ৰেলীৰ  যাত্ৰা কালত বিভিন্ন পথচাৰী , সাধাৰণ নাগৰিক, ব্যৱসায়ী আদিৰ মাজত  বিনামূলীয়া আইনী সাহাৰ্য প্ৰদানৰ  বিভিন্ন দিশ সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে  কোভিড বিধি পালনেৰে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in