ঢকুৱাখনাত যুৱ কংগ্ৰেছীয়ে জ্বলালে গেৰুৱা নেতা কুলদীপ চেংগৰেৰ প্ৰতিকৃতি

অৰ্ধ শতাধিক যুৱ কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপি চৰকাৰ গ'বেক , গেৰুৱা চৰকাৰ মুৰ্বাবাদ, গেৰুৱা নেতা কুলদীপ চেংগৰেক ফাঁচী দিয়ক, ধর্ষণকাৰীক সুৰক্ষা দিয়া বিজেপি নিপাত যাওক, বিজেপি হায় হায় , নৱ দলে মূর্দাবাদ আদি ধ্বনিৰে সদৰ চাৰি আলি উত্তাল কৰি তোলে । 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ   বৃহস্পতিবাৰে ঢকুৱাখনাত জ্বলিল গেৰুৱা নেতা কুলদীপ চেংগৰেৰ প্ৰতিকৃতি। ঢকুৱাখনা সদৰ চাৰি আলিত ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত উন্নাওৰ দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিজেপি নেতা কুলদীপ চেংগৰেৰ প্ৰতিকৃতি দাহ কৰা হয় ।

বৃহস্পতিবাৰে দুপৰীয়া অৰ্ধ শতাধিক যুৱ কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপি চৰকাৰ গ'বেক , গেৰুৱা চৰকাৰ মুৰ্বাবাদ, গেৰুৱা নেতা কুলদীপ চেংগৰেক ফাঁচী দিয়ক, ধর্ষণকাৰীক সুৰক্ষা দিয়া বিজেপি নিপাত যাওক, বিজেপি হায় হায় , নৱ দলে মূর্দাবাদ আদি ধ্বনিৰে সদৰ চাৰি আলি উত্তাল কৰি তোলে । 

নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক ৰাকেশ মেনা,  প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি, ঢকুৱাখনা বিধানসভা সমষ্টিৰ দলৰ সাম্ভাব্য প্ৰাৰ্থী আনন্দ নৰহ, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন, ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ফিৰোজ দত্ত,  জিলা যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ  সম্পাদক প্ৰেমধৰ মিলি ,বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছৰ  সভাপতি ভাস্কৰ বৰা, ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ সমিতিৰ সভাপতি লক্ষ্যধৰ নাতেকে মুখ্য কৰি বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকি প্ৰতিবাদী শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ।

নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় "যি খন চৰকাৰে "বেটি পঢ়াও বেটি বচাও" শ্লোগান দিয়ে সেই চৰকাৰৰ দিনত মহিলাৰ জীৱনৰ সুৰক্ষা নাই । নিৰীহ মহিলাক দলবব্ধ ধৰ্ষণ কৰা গেৰুৱা নেতাক ধনৰ বিনিময়ত সুৰক্ষিত কৰে ।

অত্যাচাৰী এনে গেৰুৱা নেতাৰ ফাঁচীৰ দাবী তুলি মেনাই কয় কেৱল গেৰুৱা দলৰ নেতা হোৱাৰ বাবেই ধৰ্ষণৰ দৰে জঘন্য অপৰাধত অভিযুক্ত ধর্ষণকাৰী কুলদীপ চেংগৰে আজিও মুক্ত আকাশৰ তলত থকা বুলি কৈ এনে দুমুখীয়া নীতিৰ  চৰকাৰৰ কটু সমালোচনা কৰে।

দুপৰীয়া ঢকুৱাখনাত উপস্থিত হোৱা কেন্দ্ৰীয় নেতা গৰাকীক ব্লক যুৱ কংগ্ৰেছে গামোচাৰে আদৰণি জনায়।পাছত ঢকুৱাখনা ৰাজীৱ ভৱনত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় নেতাগৰাকী ডিব্ৰুগড়লৈ ৰাওনা হয় ।

জিলা আয়ুক্ত