/asomiyapratidin/media/media_files/2025/09/09/new-ap-web-6-3-2025-09-09-23-02-16.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এক বিশাল গণতান্ত্ৰিক গণ প্ৰতিবাদত কঁপি উঠিল ঢকুৱাখনা নগৰ । অসম আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ পানী নসৰকা নিৰাপত্তা ব্যৱস্থাৰ মাজতো হাজাৰ বিজাৰ প্ৰাপ্য অধিকাৰ বিচৰা খিলঞ্জীয়াৰ নিনাদত আকাশ বতাহ কঁপি উঠিল ঢকুৱাখনাৰ ।
ভূমিপুত্ৰ চুতীয়া জাতিক সুদীর্ঘ দিন ধৰি ৰজাঘৰীয়াই কৰি অহা প্ৰবঞ্চনা, সংবিধান প্ৰদত্ত জনগোষ্ঠীকৰণৰ মৰ্যাদা প্ৰদানৰ নামত শাসক গোষ্ঠীয়ে অব্যাহত ৰখা ল'ৰা ধেমালিৰ প্ৰতিবাদত অভ্ৰভেদী উচ্চাৰিত হ'ল চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত মঙলবাৰে নৃগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্য্যদা প্রদানৰ দাবীত উলিওৱা হয় এক বিশাল জোৰ সমদল ।
ঢকুৱাখনা সাধণী ভৱনৰ সতী সাধনীৰ বেদীত চাকি বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ শিৰত লৈ শুভাৰম্ভ কৰা হয় এই বিশাল জোৰ সমদল। "চাইচা"ৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়া, সাধাৰণ সম্পাদক পলাশ হাজৰিকা আদিৰ উপস্থিতিত ঢকুৱাখনা, ঘিলামৰা, বগীনদী ,মাছখোৱা আদিৰ ৬সহস্ৰাধিক ভূমিপুত্ৰ চুতীয়া জাতিৰ নাগৰিকে হাতে হাতে জোৰ লৈ সন্ধিয়া ৬-৪৫ বজাত আৰম্ভ কৰে এই বিশাল সমদল ।
সাধনী ভৱনৰ পৰা আৰম্ভ কৰা এই বিশাল প্ৰতিবাদী সমদলে ঢকুৱাখনা নগৰৰ ৰাজপথ উত্তাল কৰি পুনৰ সাধনী ভৱনত নিশা ৭ বজাত প্ৰতিবাদী কাৰ্যসূচীৰ সফল সামৰণি মাৰে। জনগোষ্ঠীটোৰ বৃদ্ধ বৃদ্ধা, মুনিহ তিৰোতা, যুৱক যুৱতী সকলোৱে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহি কলে আমাক আমাৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰক ।
জনজাতিকৰণৰ নামত প্ৰতাৰণা প্ৰবঞ্চনা কৰা বিজেপি চৰকাৰৰ ধুৰন্ধৰ খেলৰ আৰু আমি নীৰৱ দৰ্শক নহওঁ । লখিমপুৰ, ধেমাজি মাজুলী জিলাৰ হাজাৰ বিজাৰ নৃগোষ্ঠীয় প্ৰবঞ্চিত ৰাইজৰ আগত বক্তব্য ৰাখে ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা মহেন শইকীয়া,সভাপতি কৌস্তভ কিশোৰ চুতীয়া ,সম্পাদক পলাশ হাজৰিকা আদিয়ে।
কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ধৰ্ম প্ৰাণ চুতীয়া, বিত্ত সম্পাদক মুকুট শইকীয়া, বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববিয়াৰ উপস্থিতিত নিজৰ উদাত্ত ভাষণত সভাপতি চুতীয়াই কয় ভূমিপুত্ৰ চুতীয়া জাতিৰ প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনৰ এয়া এক প্রাৰম্ভিক নমুনা । এটা দশক ধৰি বিজেপি শাসনাধিষ্ঠিত কেন্দ্ৰিয় আৰু ৰাজ্য চৰকাৰৰ জনজাতিকৰণৰ নামত খিলঞ্জীয়া চুতীয়া সকলক প্ৰদান কৰি অহা ললিপপৰ মোহত আৰু ভুল নাযায় জনগোষ্ঠীয় ৰাইজ ।
২০১৪ চনতে গেৰুৱা দলে নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰিছিল ১০০ দিনৰ ভিতৰত চুতীয়া সকলক জনগোষ্ঠীৰ মৰ্য্যদা প্ৰদান কৰাৰ । কিন্তু ক্ষমতাৰ গাদীত অধিষ্ঠিত হৈ নিজৰ দলীয় ইস্তাহাৰ পদপিষ্ট কৰি সকলো পাহৰিলে গেৰুৱা দলে। ১০ টা বছৰ উকলি গল। ভূমিপুত্ৰ সকলৰ জনজাতিকৰণ নহল । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণাৰ খেল খেলিলে ভূমিপুত্ৰ সকলক লৈ ।
গেৰুৱা দলৰ এনে ১০বছৰীয়া প্ৰতাৰণাৰ নির্লজ ৰাজনীতিৰ প্ৰতিবাদ জনাই ৰাজপথলৈ আহিছে প্ৰবঞ্চিত ৰাইজ। আমি সকীয়াই দিছোঁ গেৰুৱা দল আৰু চৰকাৰক । আলোচনাৰ নামত আলোচনা আৰু নালাগে । লাগে সমাধান। যদি সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভূমিপুত্ৰ চুতীয়া সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি স্বায়ত্ব শাসনৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ইয়াৰ চৰম গণতান্ত্ৰিক প্ৰত্যুত্তৰ পাব গেৰুৱা দলে ।
ন এছ টি, ন ৰেষ্ট , আমাক স্বায়ত্ব শাসন প্ৰদান কৰক, জনজাতিকৰণ আমাৰ নাৰ্য প্ৰাপ্য, প্ৰতাৰক বিজেপি দল হুচিয়াৰ, গেৰুৱা দলৰ প্ৰতাৰণা সহ্য কৰা নহব, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আদি শ্লোগানত উত্তাল পৰিবেশৰ সূচনা কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ৰাজ্যিক সভাপতি কৌস্তভ চুতীয়াই কয় আমাৰ প্ৰাপ্য আজুৰি আনিবৈ লাগিব ।
খিলঞ্জীয়াৰ শত্ৰু হিচাবে থিয় দিয়া গেৰুৱা চৰকাৰে শীঘ্ৰে আমাক প্ৰাপ্য অধিকাৰ আদায় নিদিলে স্বজাতিৰ ৫০ হাজাৰোধিক ভোটাৰৰ ভোট শক্তিৰে গণতান্ত্ৰিক ভাবে যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰা হব ।প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন ৮দফীয়া স্মাৰক পত্ৰ কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে প্ৰেৰণ কৰে ৰাজ্যিক সমিতি আৰু ঢকুৱাখনা জিলা সমিতিয়ে ।