চাৰিকড়িয়াৰ পাৰত জুবিনৰ গান...

প্ৰাণৰ শিল্পীক সশ্ৰদ্ধ স্মৰণৰ এক বৰ্ণিল প্ৰয়াস অনুৰণিত হল ঢকুৱাখনাত । ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেল পথাৰত দেওবাৰে বিয়লি হাজাৰ বিজাৰ জুবিন অনুৰাগী সমবেত হৈ  গালে এটাৰ পাছত সিটো প্ৰাণৰ

author-image
Asomiya Pratidin
New Update
new ap web  4 (3)

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  প্ৰাণৰ শিল্পীক সশ্ৰদ্ধ স্মৰণৰ এক বৰ্ণিল প্ৰয়াস অনুৰণিত হল ঢকুৱাখনাত । ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেল পথাৰত দেওবাৰে বিয়লি হাজাৰ বিজাৰ জুবিন অনুৰাগী সমবেত হৈ  গালে এটাৰ পাছত সিটো প্ৰাণৰ শিল্পী জুবিনৰ  হৃদয়স্পৰ্শী কালজয়ী গীত । বাঁহী, গীতাৰৰ অপূৰ্ব মূৰ্ছনাত ধ্বনিত হল হিয়াৰ আমঠুৰ  শ্ৰুতিমধুৰ গীত । 

WhatsApp Image 2025-11-30 at 8.19.20 PM

ঢকুৱাখনা সমজিলাৰ  নব গঠিত "সপ্তশিখা " নামৰ  সামাজিক সাংস্কৃতিক সংগঠনৰ উদ্যোগত আয়োজিত এই  অপূৰ্ব জুবিন স্মৰণ অনুষ্ঠানত ঢকুৱাখনা সমজিলাৰ হাজাৰ বিজাৰ জুবিন অনুৰাগীৰ আগমনত প্ৰাণোচ্ছল হৈ পৰে ৰাজহুৱা খেল পথাৰ প্ৰাঙ্গন।  ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ বন্তি প্ৰজ্বলনেৰে প্ৰথমে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰা হয় । লখিমপুৰ ,জিলা পৰিষদৰ সভানেত্ৰী চানিয়া বৰগোঁহাই , সমজিলা আয়ুক্ত অপূৰ্ব  কুমাৰ নাথ  ,সমজিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ বড়োৱে  আয়তীৰ উৰুলিৰ মাজত প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত্ত বন্তি প্ৰজ্বলন কৰাৰ পাছতে  আদৰণি ভাষণ আগবঢ়াই বিধায়ক নৱ দলেয়ে ।  

WhatsApp Image 2025-11-30 at 8.18.04 PM

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বিধায়ক গৰাকীয়ে শিল্পী গৰাকী কায়িক ভাবে আমাৰ মাজত নাথাকিলেও  তেওঁৰ মহান আৰু অপূৰ্ব  সৃষ্টিৰাজিৰে আমাৰ মাজত  অনাদি অনন্ত কাললৈ জীয়াই থাকিব বুলি কয়  । একেধাৰে সংগীত পৰিচালক , চলচিত্ৰ পৰিচালক সংগীত শিল্পী, বাদ্যযন্ত্ৰী , সুৰকাৰ , গীতিকাৰ ,কণ্ঠ শিল্পী সকলো প্ৰতিভাৰ আকৰ জুবিন গাৰ্গলৈ ঢকুৱাখনাবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাই ঢকুৱাখনা বিধানসভা সমষ্টিৰ ৫ সহস্ৰাধিকে জুবিনৰ গীত পৰিবেশন কৰাৰ প্ৰয়াসৰ বাবে কৃতজ্ঞতা জনাই।

এনে প্ৰয়াসে সমাজত যোগাত্মক পৰিবেশৰ সৃষ্টি হব বুলি কৈ শিল্পী গৰাকীয়ে সংগীতৰ জৰিয়তে সুন্দৰ শক্তিশালী  গতিশীল সমাজ গঠনৰ  পৰিবেশ সৃষ্টি কৰাৰ উপৰিও আমাক  অনুপ্ৰাণিত কৰি আহিছে বুলি কয়। বিধায়ক গৰাকীয়ে ঢকুৱাখনাত  জুবিন গাৰ্গৰ স্মৃতিত এখন সংগীত বিদ্যালয় স্থাপন কৰাৰ লগতে ঢকুৱাখনা আৰু  ঘিলামৰাত দুটা প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ঘোষণা কৰে।

WhatsApp Image 2025-11-30 at 8.17.33 PM

"সপ্তশিখা"ৰ কাৰ্যকৰী সভাপতি  প্ৰণৱ কুমাৰ বৰুৱা , সম্পাদক যোগানন্দ গগৈ প্ৰমুখ্যে সকলো বিষয়ববীয়া ,সমজিলাৰ গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ নাগৰিক , শিল্পী , অনুৰাগী সমাজৰ উপস্থিতিত  মৌন প্ৰাৰ্থনাৰ পাছতে শিল্পী গৰাকীৰ বহু কেইটা গানৰ বাঁহীৰ সুৰত অপূৰ্ব ঝংকাৰ তোলে ঢকুৱাখনাৰ বাঁহী বাদক সকলে। ইয়াৰ পাছতে বাদ্যযন্ত্ৰী সুবিমলজিৎ ডেকা , বিশ্ব বৰা , লেনীন গগৈ ,পৰাগ গগৈ ,প্ৰদীপ বৰুৱা, জ্ঞান গুঞ্জন বৰা আদি ঢকুৱাখনাৰ ২৫ গৰাকী গীটাৰ বাদকে জুবিনৰ গানৰ সুৰৰ লহৰ তোলে ।

ইয়াৰ পাছতে প্ৰায় ৫ হাজাৰ কণ্ঠশিল্পীয়ে সমস্বৰে প্ৰাণৰ শিল্পী গৰাকীৰ  বহু কেইটা অপূৰ্ব আৰু জনপ্ৰিয় গীত পৰিবেশন কৰি ঢকুৱাখনাৰ আকাশ বতাহ জুবিনময় কৰি  কাৰ্যসূচীৰ সফল সামৰণি মাৰে । "সপ্তশিখা"ৰ এই প্ৰশংসনীয় শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ঢকুৱাখনা সমজিলাবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে যুটীয়া সম্পাদক গৌৰৱ বৰুৱাই ।

ঢকুৱাখনা