/asomiyapratidin/media/media_files/2025/10/08/ujjjss-2025-10-08-18-45-38.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আৰক্ষীক সংযমী , দুৰ্নীতিমুক্ত আৰু জনদৰদী হোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান পদপিষ্ট কৰা এখন আৰক্ষী থানা হৈছে ঢকুৱাখনা সদৰ থানা । ১৮৫৭ চনতে স্থাপিত ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক এইখন ঐতিহ্য গৰকা থানাত এতিয়া একাংশ উন্মত্ত আৰক্ষী বিষয়া আৰু মধ্যভোগীৰ উৰ্ধবাহু নৃত্য চলে ।
ঢকুৱাখনা সদৰ থানাৰ অচি প্ৰিয়ব্ৰত গগৈৰ অদক্ষ পৰিচালনা আৰু একাংশ বিষয়াৰ অসহিষ্ণু স্থিতিৰ বাবেই আৰক্ষী -জনতাৰ সুসম্পৰ্ক বিঘ্নিত হোৱাই নহয় ঢকুৱাখনা থানা বুলিলেই সাধাৰণ নাগৰিকে ঘৃণাত নাক কোচাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। চোৰাং বনজ সম্পদৰ সৰবৰাহকাৰীৰে অশুভ মিতিৰালি , চালানবিহীন দাম্পৰ ধাবাত ৰাখি মধ্যস্থতাকাৰীৰ জৰিয়তে কমিচন সংগ্ৰহ , একাংশ মধ্যভোগীক দিনে নিশাই থানাত আশ্ৰয় দি গোচৰ আপোচ মীমাংসা কৰাৰ নামত অশুভ বেহা মেলা আদি অগণন অভিযোগত আকণ্ঠ ডুব যোৱাৰ গুৰুতৰ অভিযোগ আছে সদৰ থানাখনৰ বিৰুদ্ধে ।
পোচাকী শক্তিৰ অপব্যবহাৰ কৰি এইসকল গনবিচ্ছিন্ন বিষয়াই অনিয়মকে নিয়ম কৰাৰ বাবেই ঐতিহ্যমন্দিত থানাখন সম্প্ৰতি গনবিচ্ছিন্ন হোৱাৰ সমান্তৰাল ভাৱে ৰক্ষকে ভক্ষক হোৱাৰো গুৰুতৰ অভিযোগ প্ৰায়ে উথাপিত হৈ আহিছে । থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ জ্ঞাতসাৰেই ব্যাপক হাৰত মানৱ অধিকাৰ খৰ্ব হৈ অহাৰ সময়তে যোৱা লক্ষ্মী পূজাৰ নিশা দুগৰাকী ব্যক্তিক সদৰ থানাৰ ভিতৰত এজন উন্মত্ত আৰক্ষী বিষয়াই নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
সংগৃহীত তথ্য মতে থানাখনৰ সহকাৰী উপ পৰিদৰ্শক ললিত কাকতিয়ে নিশা তহল ডিউটিত গৈ জামুগুৰি এলেকাৰ পৰা এজন যুৱকক ধৰি থানালৈ লৈ আনে । পূজা উপলক্ষত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা স্বাভাৱিক ভাবেই সতীৰ্থৰ সৈতে পাৰ্টি কৰি থকা অৱস্থাত এজন বেটেলিয়ান জোৱানে চলাই যোৱা আৰক্ষীৰ বাহনখন উক্ত স্থানত ৰাখি ভিতৰত প্ৰৱেশ কৰে ।
আৰক্ষীৰ উপস্থিতিত স্বত্বাধিকাৰীজনে এই সন্দৰ্ভত কাকতিক অৱগত কৰোঁতেই আৰক্ষীয়ে উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাত যুৱকজনৰ মবাইলতো মজিয়াত পৰো যায় ।মবাইলটো উঠাব লওঁতেই আৰক্ষী বিষয়াজনৰ গচক পৰাৰ উপক্ৰম হোৱাত যুৱকজনে ভৰিটো হাতেৰে আঁতৰাই মবাইলটো নিৰাপদে তুলি আনে । এই কথাতে উন্মত্ত আৰক্ষী বিষয়া আৰু লগত যোৱা অসম আৰক্ষীৰ বেটেলিয়ান জোৱানে যুৱকজনক নিৰ্যাতন চলাই থানালৈ লৈ আনে ।
থানাত উপস্থিত হৈয়ে নিৰীহ যুৱকজনক "লকআপ" ভৰাই দিয়ে । মাজনিশা পুনৰ যুৱকজনক বাহিৰলৈ উলিয়াই আনি একে কোঠাতে থিয় কৰাই আৰু পূৰ্বৰে পৰা "লকআপ"ত থকা বাঁহপৰা গাঁওৰ অন্য এজন যুৱকক বাহিৰলৈ উলিয়াই আনি দুয়োকে লাঠিৰে নিৰ্মম ভাবে প্ৰহাৰ কৰে । বেটেলিয়ানৰ সহযোগত লাঠী ,চৰ ,ঘোঁচাৰে শাৰীৰিক নিৰ্যাতন চলাই দুয়োকে নিশা প্ৰায় ১ বজাত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়ে ।
আৰক্ষীৰ নিৰ্মম প্ৰহাৰত মজিয়াত বহি যোৱা দুই যুৱকক চিকিৎসালয়লৈ হাতত "হেণ্ডকাফ" লগাই নি স্বাস্থ্য পৰীক্ষা কৰি পুনৰ থানালৈ আনি অকথ্য গালি গালাজ কৰি জটিল পৰিবেশৰ সৃষ্টি কৰে। বেটেলিয়ান জোৱান সকলো উপস্থিত থকা উক্ত সময়ত আৰক্ষী বিষয়া কাকতিয়ে চি চি কেমেৰাৰ সন্মুখতে মাৰি শেষ কৰি দিয়াৰো ভাবুকি দি বহু সময় ধৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰি ওলাই যায় ।
দুপৰীয়া সৰ্ব শৰীৰত আঘাটৰ যন্ত্ৰণাত চটফটাই থকা যুৱক দুজনক আৰক্ষীয়ে মোকোলাই দিয়ে । সম্প্ৰতি দুয়োগৰাকী আহত যুৱকে নিজ নিজ ঘৰত আশ্ৰয় লৈ চিকিৎসা গ্ৰহণ কৰি আছে । চকু মুখ মণ্ডল ফুলি ,শৰীৰত প্ৰচণ্ড মাৰৰ যন্ত্ৰনাময় আঘাতলৈ দিন কটাব লগীয়া হৈছে এই দুই নিৰীহ যুৱকে ।
আইনৰ ৰক্ষক আৰক্ষীৰ হাততেই অমানৱীয় , তালিবানি শাস্তিৰে যন্ত্ৰণা ভোগী দিন অতিবাহিত কৰা এই দুই যুৱকক ন্যায় দিয়াৰ পৰিবৰ্তে এতিয়া সমগ্ৰ ঘটনা ঢাকিবলৈ নির্লজ প্ৰয়াস চলাইছে থানাখনত দিনে নিশাই দপদপাই অহা এটা সুবিধাবাদী দালাল চক্ৰ আৰু আৰক্ষী বিষয়াই ।
মানৱ অধিকাৰ লঙ্ঘন কৰি এনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা অভিযোগ দেধাৰ আছে । থানাখনত গোচৰৰ নিস্পতিৰ নামত শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ একাংশ দালাল চক্ৰই অৰ্থ সংগ্ৰহৰ নির্লজ বেহা পতাৰো বহু অভিযোগ উত্থাপিত হৈ আহিছে মাজে সময়ে । পৰৱৰ্তী সময়ত উক্ত দালাল চক্ৰটোৰ লগতে এনে বহু দুষ্কাৰ্য ফাদিল কৰা হব ।