ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ কুমাৰ বৰুৱাক অৱসৰকালীন সম্বৰ্ধনা...

ঢকুৱাখনাৰ শৈক্ষিক গৰিমা সমুজ্জল কৰি অহা অন্যতম শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় । বৰেণ্য বিদ্যায়তনিক ইতিহাসেৰে সমৃদ্ধ এইখন উচ্চ শিক্ষানুষ্ঠানত বিগত ৩০ বছৰ ধৰি শিক্ষকতাৰ

author-image
Asomiya Pratidin
New Update
ikjjdd

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক গৰিমা সমুজ্জল কৰি অহা অন্যতম শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় । বৰেণ্য বিদ্যায়তনিক ইতিহাসেৰে সমৃদ্ধ এইখন উচ্চ শিক্ষানুষ্ঠানত বিগত ৩০ বছৰ ধৰি শিক্ষকতাৰ অতুল্য সেৱা আগবঢ়াই অহা শিক্ষাগুৰু প্ৰণৱ কুমাৰ বৰুৱাই যোৱা ৩১অক্টোবৰত অৱসৰ গ্ৰহণ কৰে । অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষক হিচাবে বিদ্যালয়খনত নিযুক্তি লাভ কৰি তিনি দশক জুৰি উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত মেটমৰা অৱদান আগবঢ়াই যোৱা বৰুৱাক শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে অৱসৰকালীন সম্বৰ্ধনা জনাই বিদ্যালয় পৰিয়ালে।  বিদ্যালয় প্ৰেক্ষাগৃহত এই সন্দৰ্ভত দুপৰীয়া অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা সভা ।

অধ্যক্ষ কল্পনা গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰবীণ শিক্ষাবিদ ,বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে চেনিৰাম বৰুৱা, লিখন চন্দ্ৰ বুঢ়াগোহাঁই ,প্ৰেম গগৈ , অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শৰ্মা ,পৰম শংকৰ দত্ত , সম্বৰ্ধিত বৰুৱাৰ মাতৃ , পত্নী অনামিকা শইকীয়া , নিকট আত্মীয় দেবযানী বৰুৱা , টিকেন্দ্ৰ বৰুৱা , বিশিষ্ট নাগৰিক লালিত্য কুমাৰ দাস আদি বহু কেইবাগৰাকী  ব্যক্তি উপস্থিত থাকে । সভাৰ প্ৰাৰম্ভতে বন্তি প্ৰজ্বলন অনুষ্ঠান সম্পন্ন কৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰেখা চমুৱাই । বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ বৃন্দগান সুধাকণ্ঠৰ "মানুহে মানুহৰ বাবে..."ৰে শুভাৰম্ভ হোৱা সভাত বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে।

১৯৯৫ চনত বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক কলা শাখাৰ পাঠদান আৰম্ভ হোৱাৰ পৰৱৰ্তী সময়ত প্ৰায় ২০২১ চনত প্ৰাদেশিকৃত হয় । কিন্তু অতি দুখজনক বিষয় হল পৰ্যাপ্ত বিষয় শিক্ষক বিহীন ভাবে  কলা শাখাৰ প্ৰতিষ্ঠা দিনৰে পৰা বৰ্তমান পৰ্যন্ত পৰিচালিত হৈ আহিছে একাদশ আৰু দ্বাদশ শ্ৰেণী । অৰ্থনীতি বিষয়ৰ বিষয় শিক্ষক বৰুৱাইও প্ৰথম অৱস্থাৰে পৰাই ২০২১ চনলৈকে ২৬টা বছৰ বিনা বেতনে নিজা বিষয়ৰ লগতে অন্য বিষয়ৰো নিৰন্তৰ ভাবে জ্ঞানৰ গৰিমা বিলাই আহিছিল ।

বৃহত্তৰ ঢকুৱাখনাৰ আঢ়ৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা এই উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৰাজনীতি বিজ্ঞান, বুৰঞ্জী , তৰ্ক বিজ্ঞান আদি বিষয়ৰ শিক্ষকক নিযুক্তি নিদিয়াৰ স্বত্তেও অন্য বিষয় শিক্ষক অথবা সহকাৰী শিক্ষকৰ জৰিয়তে  নিয়মীয়া পাঠদান দি অহা এইখন আগশাৰীৰ বিদ্যালয়ত এনে শিক্ষকৰ দীৰ্ঘদিনীয়া অভাৱে শিক্ষাৰ্থী সকলক ভৱিষ্যতৰ দিনত ক্ষতিগ্ৰস্ত কৰি অহাৰ আশংকা কৰি বহু কেইগৰাকী ব্যক্তিয়ে নিজস্ব বক্তব্য আগবঢ়াই । বৰুৱাৰ লগতে এইসকল মুষ্টিমেয় আত্মোৎস্বৰ্গী শিক্ষকৰ বৰেণ্য ত্যাগ আৰু অৱদানৰ বাবেই প্ৰতি বছৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্নৰ হাৰ অতি সন্তোষজনক হোৱা বুলিও মন্তব্য কৰে বক্তা সকলে ।

সভাত নিজৰ তিনি দশক জোৰা কৰ্মজীৱনৰ অম্লমধুৰ অভিজ্ঞতাৰ ৰোমন্থন কৰে সম্বৰ্ধিত বিষয় শিক্ষক বৰুৱাই । নিমন্ত্রিত অতিথি শিক্ষাবিদ , অধ্যক্ষ গগৈ ,বিদ্যালয়ৰ শিক্ষক ,কৰ্মচাৰী আৰু শিক্ষাৰ্থী সকলেও বক্তব্য আগবঢ়াই বৰুৱাৰ সময়ানুৱৰ্তী আৰু অগ্ৰণী ভূমিকাৰ একেমুখে শলাগ লয় । জনাকীৰ্ণ সভাত অৱসৰ গ্ৰহণ কৰা শিক্ষক বৰুৱাক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ ,স্মাৰক , গামোচা , গ্ৰন্থ সম্ভাৰেৰে কৃতজ্ঞতা জনায় । সভাৰ অতিথি আৰু শিক্ষাৰ্থী সকলেও ব্যক্তিগত ভাবে বৰুৱাৰ কৰ্মনিষ্ঠাৰ উচ্চ প্ৰশংসা কৰি সম্বৰ্ধনা জ্ঞাপনেৰে ভৱিষ্যতৰ দিনটো বিদ্যালয়ৰ সতে সম্পৃক্ত হৈ থকাৰ আহ্বান জনায়।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় ঢকুৱাখনা