চাৰিকড়ীয়া নদীৰ পুৰণি সুঁতিক নিঃশেষ কৰাত লাগিল ফাটবিহু সমিতি!

পুনৰ এক স্পৰ্শকাতৰ বিতৰ্কৰ আৱৰ্তত সোমাইছে ঢকুৱাখনাৰ ফাটবিহু সমিতি । বিশ্ব বন্দিত ফাটবিহুৰ বাকৰিৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰকৃতি প্ৰদত্ত গভীৰ জলাশয় পুতি আৰম্ভ কৰা প্ৰকৃতি বিৰোধী কাৰ্যৰ বাবে

author-image
Asomiya Pratidin
New Update
kkkdd

ডিজিটেল সংবাদ,  ঢকুৱাখনা: পুনৰ এক স্পৰ্শকাতৰ বিতৰ্কৰ আৱৰ্তত সোমাইছে ঢকুৱাখনাৰ ফাটবিহু সমিতি । বিশ্ব বন্দিত ফাটবিহুৰ বাকৰিৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰকৃতি প্ৰদত্ত গভীৰ জলাশয় পুতি আৰম্ভ কৰা প্ৰকৃতি বিৰোধী কাৰ্যৰ বাবে ভীষণ ভাবে সমালোচিত হব লগা হৈছে ফাটবিহু সমিতি ।

ফাটবিহু সমিতিৰ অপৰিপক্ক চিন্তাৰ বাবেই প্ৰকৃতি সৃষ্ট এটা সুগভীৰ জলাশয় নিশ্চিহ্ন কৰি বিহু বাকৰিৰ পাৰিপাৰ্শ্বিক ভৱিষ্যতলৈ ভয়ংকৰ বিপদ নমাই অনাৰো গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । ঐতিহাসিক চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ম'হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ফাটবিহু সমিতিয়ে আৰম্ভ কৰা তৎপৰতাৰ পাছৰে পৰা সূত্ৰপাত ঘটিছে এই ব্যাপক জন অসন্তুষ্টিৰ ।

ফাটবিহু সমিতিয়ে ঐতিহ্য বহনকাৰী ফাটবিহুৰ সুকীয়া মাত্ৰা প্ৰদান কৰি অহা চাৰিকড়ীয়া নদীৰ পুৰণি সুঁতিটোৰ বিশাল অংশ পুতি আৰম্ভ কৰা পাৰিপাৰ্শ্বিক আঘাটৰ বাবে বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে । ইতিমধ্যে ফাটবিহু বাকৰিৰ সন্মুখত অৱস্থিত মৰা সুঁতিটোৰ বিশাল অংশ পুতি নিঃশেষ কৰা হল ।  

প্ৰাকৃতিক জলাশয়তো এনেদৰে আইন বিৰূদ্ধ ভাবে নিঃশেষ কৰা নীতি বিৰুদ্ধ কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ঢকুৱাখনাৰ অগ্ৰণী প্ৰকৃতি সংগঠন মেগামিক্স প্ৰকৃতি সংঘ । ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত প্ৰকৃতি সৃষ্ট নদী ,বিল , সুঁতি ,জলাশয় পুখুৰী আদিৰ লগতে ইতিহাস সমৃদ্ধ পুখুৰী সমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰি স্বাভাৱিক ভাবে সুৰক্ষিত কৰি ৰখাৰ বাবে যোৱা ২৮ অক্টোবৰতে জিলা আয়ুক্ত প্ৰণবজিত কাকতিক আৰু  ঢকুৱাখনা সমজিলা আয়ুক্তক মেগামিক্স প্ৰকৃতি সংঘই স্মাৰক পত্ৰ যোগে আহ্বান জনাইছিল ।

ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক তথা প্ৰকৃতিপ্ৰেমী সকল আশ্বস্ত হৈছিল জিলা আয়ুক্ত গৰাকী প্ৰকৃতি সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত সচেষ্ট হব । সংৰক্ষিত হব ঢকুৱাখনাৰ নৈ খাল বিল জলাশয় সুঁতি আদি প্ৰকৃতি প্ৰদত্ত উৎস সমূহ । কিন্তু বাস্তৱত আশাহত হল ঢকুৱাখনাৰ প্ৰকৃতি সংৰক্ষক সকল । প্ৰকৃতি সংঘৰ এই পদক্ষেপৰ পাছতে ঢকুৱাখনাৰ ফাটবিহু বাকৰিৰ সন্মুখৰ চাৰিকড়ীয়া নদীৰ এৰা সুঁতিৰ বিস্তৃত অংশ অবৈধ ভাৱে বালিৰে পুতি জলাশয়তো নিৰ্মম ভাবে হত্যা কৰা হল ।  

প্ৰাকৃতিক উপাদান এই নৈ খাল বিল জলাশয় সমূহৰ বেদখল কৰা , নিঃশেষ কৰা আদি কাৰ্য নীতি বিৰুদ্ধ হোৱাৰ পাছতো জিলা আয়ুক্ত কিম্বা ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ জ্ঞাত সাৰেই , প্ৰশাসনৰ চকুৰ সন্মুখতে  বালিৰে এৰা সুঁতিতো পুতি নিঃশেষ কৰা কাণ্ডই স্তম্ভিত কৰিছে প্ৰকৃতি প্ৰেমী সকলক । জিলা আৰু সমজিলা প্ৰশাসনৰ এই স্পৰ্শকাতৰ বিষয়ত প্ৰদৰ্শন কৰা গুৰুত্বহীনতাত নিৰুৎসাহিত হোৱা প্ৰকৃতি প্ৰেমী তথা প্ৰকৃতি সংঘই যোৱা ২৭ নৱেম্বৰত পুনৰ ঢকুৱাখনা সমজিলা প্ৰশাসনক এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

প্ৰকৃতি সংঘৰ সভাপতি চেনিৰাম বৰুৱা ,সম্পাদক দেৱজিৎ ফুকনৰ নেতৃত্বত যোৱা এটা প্ৰকৃতি সংৰক্ষকৰ দলে ভৱিষ্যতৰ দিনত সমগ্ৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক পৰিবেশলৈ ভয়ংকৰ বিপদ নমাই অনাৰ পূর্ণ সম্ভাৱনা থকা এই এৰা সুঁতিৰ জলাশয়তো ধ্বংস কৰাৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক পুনৰ সুৰক্ষিত আৰু সংৰক্ষিত কৰি তোলাৰ বাবে প্ৰশাসনৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰে ।

তাৰোপৰি প্ৰকৃতি সংঘৰ কাৰ্য্যালয়ত এখন সংবাদ মেলৰো আয়োজন কৰে সংঘই ।  প্ৰবীণ প্ৰকৃতি সংৰক্ষক দিগেন্দ্ৰ নাথ হাজৰিকা , মেগামিক্স প্ৰকৃতি সংঘৰ সম্পাদক দেৱজিৎ ফুকন , কাৰ্যকৰী সদস্য ক্ৰমে ডঃ অমল চন্দ্ৰ দত্ত ,ডঃ নৰেন্দ্ৰ নাথ দত্ত আদি উপস্থিত থকা সংবাদমেলত এনে কাৰ্যই ফাটবিহুৰ স্বকীয়তাক নিজেই ধ্বংস কৰা বুলি মন্তব্য কৰি পুনৰ এৰা সুঁতিৰ পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ আহ্বান জনায় ।

ইয়াৰ অন্যথাই ভৱিষ্যতৰ দিনত ফাটবিহু বাকৰি আৰু পাৰ্শ্বৱতী এলেকাত বিৰূপ নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাৰ দোহাই দি এই প্ৰকৃতি বিৰুদ্ধ পদক্ষেপ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় । লগতে ঐতিহাসিক কোৱাবাৰী দলনী ,বিলমুখ পক্ষী উদ্যান আদিয়ো সন্মুখীন হৈ অহা জটিল সমস্যাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই সংবাদমেলত ।উল্লেখযোগ্য যে ফাটবিহু বাকৰিৰ সন্মুখৰ এৰা সুঁতিৰ বিস্তৰ অংশ বালিৰে পুতি দিয়া কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে ।

এটা প্ৰাকৃতিক জলাশয়ৰ বৃহৎ অংশ কি দৰে বেপৰোৱা ভাবে নিঃশেষ কৰাৰ বাবে সিদ্ধান্ত ললে ফাটবিহু সমিতিয়ে , কিয় এই আইন বিৰূদ্ধ কাৰ্যৰ বিৰুদ্ধে মৌন হৈ ৰল বিহু সমিতি তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । এৰাসুঁতিৰ পূৰ্বৰ স্বকীয়তা অক্ষুন্ন ৰাখি , সুঁতিটোৰ সৌন্দৰ্যবৰ্ধন কৰি বিহু আৰু প্ৰকৃতিৰ সমন্বয় সাধনৰ বিষয়টো কিয় এৰাই চলিলে ফাটবিহুৰ বিষয়ববীয়া আৰু সদস্য সকলে সেয়াও এক চৰ্চাৰ বিষয় হিচাবে ধৰা দিছে ঢকুৱাখনাৰ হাটে বাটে । চৰকাৰী ভূমি বেদখলৰ অভিযোগেও স্পৰ্শ কৰি যোৱা এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।

ঢকুৱাখনা