ঢকুৱাখনাত সাংসদ-বিধায়কৰ পদক্ষেপ, ব্ৰহ্মপুত্ৰৰ ১০ কোটিৰ স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ…

ঢকুৱাখনাত সাংসদ-বিধায়কৰ পদক্ষেপ, ব্ৰহ্মপুত্ৰৰ ১০ কোটিৰ স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত সাংসদ-বিধায়কৰ পদক্ষেপ,  ব্ৰহ্মপুত্ৰৰ ১০ কোটিৰ স্থায়ী খহনীয়া প্ৰতিৰোধ  আঁচনি শুভাৰম্ভ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বৰ লগতে  নদী দ্বীপ মাজুলীৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰা খহনীয়া প্ৰতিৰোধৰ প্ৰতি  ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে  সময়োপযোগী পদক্ষেপ ।  ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে  চিচি টেকেলিফুটা মথাউৰীৰ সমীপেৰে প্ৰবাহিত  ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী  গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ লক্ষ্যৰে  জলসম্পদ বিভাগে আৱন্তন দিয়া  প্ৰায়  ১০ কোটি টকাৰে আজি  প্ৰতিৰোধ আঁচনিৰ  কামৰ শুভাৰম্ভ কৰা হয় ঢকুৱাখনাত।

Advertisment

সোমবাৰে  বিয়লি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰে উপস্থিতিত বিধায়ক নৱ দলেয়ে চিচি টেকেলিফুটা মথাউৰীৰ  বান্দেনা বাঘচুক অঞ্চলত এই স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনিৰ কামৰ ফিটা কাটি শুভাৰম্ভ কৰে । 

ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ কুমাৰ দাস , সহকাৰী কাৰ্যবাহী অভিযন্তা  কৃষ্ণ কান্ত পেগু , লখিমপুৰ জিলা পৰিষদৰ  সভাপতি মঞ্জু বৰগোঁহাই  , কামৰ দায়িত্ব প্ৰাপ্ত  ঠিকাদাৰ ৰাজীৱ লোহিয়া আদিৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত নিৰ্মান কাৰ্যৰ  শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত বিধায়ক নৱ দলেয়ে । এছ অ পি দি (জি) ২০২১-২০২২ বৰ্ষৰ শিতানত আবন্তিত এই  ১০ কোটি পুঁজিৰে মথাউৰীৰে সমীপত অব্যাহত থকা খহনীয়া  অত্যাধুনিক জিঅ বেগৰ জৰিয়তে   প্ৰতিৰোধ আঁচনি  সম্পন্ন কৰা হব ।

প্ৰায়  ৩ কিলোমিটাৰ দৈৰ্ঘৰ আঁচনিখনৰ প্ৰায়  ৯০০ মিটাৰ  অংশ  বৃহৎ জিঅ বেগ  আৰু বাকী অংশত পৰ্কিউপাইন সংস্থাপন কৰি আঁচনিখন সফল ৰূপায়ন কৰা হব বুলি সাংসদ বৰুৱাই  মন্তব্য কৰে। বান্দেনা-বাঘচুক  অঞ্চলত এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত বিভাগীয় ভাবে আবন্তিত  পুঁজিৰে খৰালিৰ সময়তে খহনীয়া প্ৰতিৰোধ আঁচনিখন আৰম্ভ কৰি  ক্ষীপ্ৰ গতিৰে সন্তোষজনক অগ্ৰগতি প্ৰদান কৰিব বুলি ঢকুৱাখনা জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগুৱে  জানিবলৈ দিছে সংবাদ মাধ্যমক।