ধন দিলেহে ঢকুৱাখনাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা লাভ কৰে ৰোগীয়ে...

পৰ্য্যাপ্ত বিশেষজ্ঞ চিকিৎসকবিহীন ঢকুৱাখনাত  পুনৰ আবিৰ্ভাৱ হৈছে এগৰাকী মুন্নাভাইৰ । চৰকাৰী চিকিৎসালয়ত নহয় বিনামূলীয়া চিকিৎসা । চিকিৎসাৰ নামত ধন দিব লাগে ৰোগীয়ে ।

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পৰ্য্যাপ্ত বিশেষজ্ঞ চিকিৎসকবিহীন ঢকুৱাখনাত  পুনৰ আবিৰ্ভাৱ হৈছে এগৰাকী মুন্নাভাইৰ । চৰকাৰী চিকিৎসালয়ত নহয় বিনামূলীয়া চিকিৎসা । চিকিৎসাৰ নামত ধন দিব লাগে ৰোগীয়ে ।ৰোগীক চিকিৎসা প্ৰদানৰ নামত ৰোগীৰ পৰা নগদ ধন লোৱা ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ।

পূৰ্বৰে পৰা ৰোগীৰ জীৱনকলৈ নির্লজ হেতালি খেলাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈ অহা ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত এজন স্বয়ম্ভূ চিকিৎসকে ৰোগীক  চিকিৎসা সেৱা প্ৰদানৰ নামত দিন ডকাইতৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ  এক তথ্য পোহৰলৈ আহিছে। ঘটনাৰ দিন আছিল ২১ অক্টোবৰ ।

উক্তদিনা পুৱা বেলা প্ৰায় ১০ বজাত  ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল জালভাৰী গাঁওৰ এগৰাকী বয়স্ক মহিলা। বাওঁ হাতত আঘাট প্ৰাপ্ত হোৱা গঞা মহিলা গৰাকীক আত্মীয়ই বিধিগত ভাৱে চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকক দেখুৱাই  নিদান পত্ৰ (প্ৰেছক্ৰিপচন) গ্ৰহণ কৰে ।

মহিলা গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ মতে এক্সৰে কৰাৰ পাছত হাড় ভঙাতো পোহৰলৈ অহাত "প্লাষ্টাৰ" কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। এই সন্দৰ্ভত অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰ কাষ চপাৰ মনস্থ কৰোতেই নিজকে চিকিৎসক বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে এটা কোঠালৈ নি "পি অ পি" প্লাষ্টাৰ কৰি দিয়ে ।

নিৰ্বোধ নিঃস্ব আহত মহিলা গৰাকীৰ লগত যোৱা আত্মীয় মহিলা গৰাকীয়ে বিশেষ "চিকিৎসক" জনৰ পৰামৰ্শ অনুসৰি চিকিৎসালয়ৰ কক্ষত উপস্থিত হৈ "প্লাষ্টাৰ" কৰিবলৈ দিয়ে । যথাসময়ত "প্লাষ্টাৰ" কৰা শেষ হোৱাৰ পৰৱৰ্তী সময়ত "চিকিৎসক" গৰাকীয়ে ৰোগীৰ পৰা উক্ত সেৱা প্ৰদানৰ নামত ১হাজাৰ টকা দাবী কৰে ।

দৰিদ্ৰ নিঃস্ব মহিলা দুগৰাকীয়ে চৰকাৰী চিকিৎসালয়ত "চিকিৎসক" গৰাকীয়ে চিকিৎসা সেৱাৰ বিনিময়ত উক্ত টকা দাবী কৰাত  স্তম্ভিত হৈ ইমান পুঁজি হাতত নথকাৰ বিষয়টো বিনয়েৰে অৱগত কৰে । কিন্তু "চিকিৎসক" গৰাকীয়ে উক্ত পুঁজি প্ৰদান কৰিবই লাগিব বুলি দাবী কৰাত উপায়ন্তৰ দৰিদ্ৰ মহিলা ৰোগী আৰু আত্মীয়ই লগত থকা ৭০০ টকা আদায় দি ঘৰলৈ উভতে । তাৎপৰ্যপূৰ্ণ দিশ হল "চিকিৎসক" গৰাকীয়ে ভঙা হাড় জোৰা লগাবলৈ প্লাষ্টাৰ কৰাৰ পাছদিনাৰ পৰাই ৰোগীৰ হাতখন ফুলিবলৈ আৰম্ভ কৰে ।

পৰিস্থিতি ইমানেই বেয়ালৈ গতি কৰে যে ক্ৰমবৰ্ধিত হাৰত ফুলি যোৱা হাত আৰু প্ৰচণ্ড বিষত ৰোগীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে । বিষয়টো পাছত গুৱাহাটীত থকা পুত্ৰৰ অৱগত কৰাত উন্নত পৰীক্ষা কৰি হাতৰ ভিতৰত সংক্ৰমণ হোৱা আৰু ক্ৰুটিপূৰ্ণ চিকিৎসাৰ বিষয়টো পোহৰলৈ আহে ।

পৰিস্থিতি জটিল হোৱাৰ পূৰ্বে আত্মীয়ই উপায়ন্তৰ হৈ মহিলা গৰাকীৰ জৰুৰীকালীন চিকিৎসাৰ বাবে পাটনালৈ নিযাৰ পাছত বুধবাৰে  এটা জটিল অস্ত্ৰোপচাৰ কৰিব লগীয়া হয় । পাটনাৰ "পপোলাৰ নাৰ্ছিং হোম" চিকিৎসালয়ৰ দুগৰাকী বিশেষজ্ঞ চিকিৎসকে এনে ক্ৰুটিপূৰ্ণ ,আৰু ভয়ংকৰ চিকিৎসা ব্যৱস্থাৰ বাবে মহিলা গৰাকীৰ জীৱনলৈ দুৰ্যোগ নামি অহাৰ সম্ভাৱনা আহি পৰাৰ আশংকা ব্যক্ত কৰি স্তম্ভিত হয় ।দুগৰাকী শৈল্য চিকিৎসকৰ তত্বাৱধানত আজি বুধবাৰে সম্প্ৰতি মহিলা গৰাকীৰ সফল অস্ত্ৰোপচাৰ হোৱা বুলি আত্মীয়ই "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জনাইছে ।

ঢকুৱাখনা সমজিলাৰ ৰোগীৰ একমাত্ৰ নিৰ্ভৰযোগ্য চৰকাৰী চিকিৎসালয়খনত বাস্তৱিকতে চিকিৎসাৰ নামত দালালি আৰু কি পৰ্য্যায়ত ভেঁকোভাওনা হয় এইটো এটা সামান্য দৃষ্টান্তহে । "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ  হাতত পৰা তথ্য মতে উক্ত মহিলা গৰাকী চিকিৎসালয়ত উপস্থিত হৈ  ক্ৰুটিপূৰ্ণ চিকিৎসা গ্ৰহন কৰিছিল ২১ অক্টোবৰত ।কিন্তু "প্ৰেছক্ৰিপচন"ত "চিকিৎসকে" তাৰিখ সলনি কৰি ১৭ অক্টোবৰ কৰি দিছে বেপৰোৱা ভাবে। অৰ্থাৎ  ৰোগীক পূৰ্বৰ তাৰিখৰ এখন "প্ৰেছক্ৰিপচন" হাতত গুজি দি বিসংগতিমূলক চিকিৎসা কৰাত সহযোগিতা আগবঢ়াইছিল চিকিৎসকজনে। 

ঢকুৱাখানা