/asomiyapratidin/media/media_files/2025/08/08/34d7a550-284b-4a80-94f7-4a6546228b77-2025-08-08-08-45-45.jpg)
ডিজিটেল সংবাদ:ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ সমান্তৰাল ভাৱে ঢকুৱাখনা উন্নয়ন খণ্ডটো চৰকাৰী আঁচনিৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত হৈছে। খণ্ডটোৰ বিভিন্ন পঞ্চায়তত হিতাধিকাৰীৰ বিপৰীতে আবন্তিত পুঁজি বিতৰণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে।
সংগৃহীত তথ্য মতে পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তত "ব্যক্তিগত হিতাধিকাৰী আঁচনি"( আই বি এছ)ৰ বিপৰীতে পুঁজি জবকাৰ্ডৰ জৰিয়তে প্ৰদানৰ ক্ষেত্ৰত সূত্ৰপাত ঘটোৱা হৈছে ব্যাপক অনিয়মৰ । ধোঁৱা চাঙত তোলা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা ।
পঞ্চায়তখনৰ হিতাধিকাৰী অসমী কোঁৱৰৰ (ফাৰ্ম পণ্ড) মীন পালনৰ পুখুৰী আঁচনিৰ বিপৰীতে আবন্তিত হৈছিল প্ৰায় ৫৮ হাজাৰ ৮১৯ টকা । এই আঁচনিৰ ৰূপায়ণৰ নামত জবকাৰ্ডৰ জৰিয়তে পুঁজি যোৱা ১আগষ্টত মুঠ ২৮ হাজাৰ ৬৭২ টকা মোকলাই দিয়া হল ।কিন্তু উক্ত পুঁজি হিতাধিকাৰী অসমী কোঁৱৰৰ জবকাৰ্ডৰ বিপৰীতে প্ৰদান কৰা নহল এপইচাও ।
অথচ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰি উক্ত পুঁজিৰ সমুদায় অংশ ১৬ দিনৰ কৰ্ম খতিয়ান দেখুৱাই অন্য ৭ গৰাকী ব্যক্তিৰ জবকাৰ্ডৰ জৰিয়তে সেইসকলৰ একাউন্টৰ নামত আদায় দিয়া হল । তেনেদৰে নিতা গোঁহাইৰ (ফাৰ্ম পন্দ ) মীন পালন পুখুৰী আঁচনিৰ বিপৰীতে চলিত মাহত উলিয়াই দিয়া হল মুঠ ২৮ হাজাৰ ৬৭২ টকা। কিন্তু হিতাধিকাৰী নিতা গোঁহাইৰ জবকাৰ্ডৰ বিপৰীতে পুঁজি এক পইচাও মোকোলাই নিদি নীতি বৰ্হিভূত ভাবে আদায় দিয়া হল ৭গৰাকী অন্য জবকাৰ্ডধাৰী ব্যক্তিক । যিটো নিয়মৰ পৰিপন্থী ।
পঞ্চায়তখনৰ জয়া মণি বৰুৱাৰ "ফাৰ্ম পন্দ" আঁচনিৰ বিপৰীতে ইতিমধ্যে মোকোলাই দিয়া হল মুঠ ২০ হাজাৰ ৪৮০ টকা । কিন্তু হিতাধিকাৰী বৰুৱাৰ জবকাৰ্ডৰ একাউণ্টত ফুটা কড়ী এটাও আবন্টন নিদি সমস্ত পুঁজি আদায় দিয়া হল অন্য ৫ গৰাকী জবকাৰ্ডধাৰীক ১৬ দিনৰ কৰ্মদিন দেখুৱাই ।
সমান্তৰাল ভাৱে হিতাধিকাৰী নৃপেন বুঢ়াগোঁহাইৰ একে আঁচনিৰ বিপৰীতে চলিত মাহত মোকলাই দিলে মুঠ ২৮ হাজাৰ ৬৭২ টকা ।এই বৃহৎ পুঁজিৰ মাত্ৰ ১৬দিনৰ কৰ্ম কৰা দেখুৱাই বুঢ়াগোঁহাইৰ জবকাৰ্ডৰ বিপৰীতে মোকোলাই দিলে মাত্ৰ ৪হাজাৰ ৯৬ টকা । বাকী সমস্ত পুঁজি আদায় দিয়া হল অন্য ৬ জন জবকাৰ্ডৰ গৰাকীক ১৬দিনৰ কাম কৰা দেখুৱাই প্ৰতি গৰাকীক ৪হাজাৰ ৯৬ টকাকৈ ।
তদ্ৰুপ ভাবে হিতাধিকাৰী বন্তি গোহাঁইৰ একে আঁচনি "ফাৰ্ম পন্দ"ৰ নামত ইতিপূৰ্বে মোকলাই দিয়া হল মুঠ ২৮ হাজাৰ ৬৭২ টকা । ইয়াৰে হিতাধিকাৰী বন্তি গোঁহাইক ১৬দিনৰ কাম কৰা দেখুৱাই ৪ হাজাৰ ৯৬ টকা আদায় দি অন্য সমস্ত পুঁজি বিভাগীয় নীতি নিয়ম ভৰিৰে মোহাৰি মোকলাই দিলে পৃথক ৬ গৰাকী জবকাৰ্ডধাৰী ব্যক্তিৰ একাউন্টত। এনে সীমাহীন নীতি বৰ্হিভূত কাৰ্যই পঞ্চায়তখন গ্ৰাস কৰি ৰাখিছে । তাৎপৰ্যপূৰ্ণ দিশ হল এই বিধি বৰ্হিভূত কাৰ্য খণ্ডটোত সংঘটিত হৈছে তদানীন্তন খণ্ড উন্নয়ন বিষয়াৰ জ্ঞাত সাৰে।
অনিয়মকেই নিয়ম গণ্য কৰি চৰকাৰী পুঁজি অপচয় কৰা আৰু পঞ্চায়ত আইন পদপিষ্ট কৰা এই দুষ্কাৰ্যত প্ৰত্যক্ষ ভাবে জড়িত হোৱাৰ অভিযোগ উঠিছে পঞ্চায়তখনৰ সেই সময়ৰ গ্ৰাম ৰোজগাৰ সহায়ক , সচিব ,কম্পিউটাৰ সহায়ক, এক্ৰীদিয়েটেড ইঞ্জিনীয়াৰ আৰু গাননিকৰ বিৰুদ্ধে ।
আঁচনিৰ পুঁজি প্ৰদানৰ বেলিকা এইসকল বিষয়া কৰ্মচাৰীয়ে পালন কৰিব লগা বিধিগত নীতি নিৰ্দেশনালৈ পিঠি দি এনেদৰে আঁচনিৰ ধন প্ৰদানৰ নামত গ্ৰহণ কৰা অবিবেচকী স্থিতিয়ে উন্নয়নখণ্ডটো দুৰ্নীতি অনিয়মৰ ৰম্য ভূমিলৈ পতিত কৰিছে । এইক্ষেত্ৰত নব নিযুক্ত খণ্ড উন্নয়ন বিষয়া চালেহ হেদায়ত হুছেইন আৰু ঢকুৱাখনাৰ নৱনিযুক্ত সমজিলা আয়ুক্ত সংস্কৃতি চুমানিৰ কঠোৰ হস্তক্ষেপ আৰু নিৰপেক্ষ তদন্ত পঞ্চায়তবাসীৰ কাম্য ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us