/asomiyapratidin/media/media_files/2026/03/06/ddddsds-2026-03-06-22-47-55.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাগত বান আৰু গড়া খহনীয়াৰ কৰাল গ্ৰাসৰ পৰা ঢকুৱাখনা সদৰৰ লগতে নদী পৰীয়া কৃষিজীৱী ৰাইজক পৰিত্ৰাণ দিয়াৰ তৎপৰতা গ্ৰহণ কৰিছে বিধায়ক নৱ দলেয়ে । ঢকুৱাখনা বিধানসভা সমষ্টিৰ উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ মহেমাৰীত সেই লক্ষ্যৰে শুক্ৰবাৰে ১কোটি ১২ লাখ আৰু ২৫ লাখ টকা ব্যয় সাপেক্ষ দুখন অত্যাধুনিক খহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপনেৰে জনদায়বদ্ধতা পালন কৰে জনপ্ৰতিনিধি দলেয়ে ।
নিৰ্বাচনোত্তৰ সময়ৰ ব্যস্ততাৰ মাজতে শুক্ৰবাৰে বিয়লি এই দুই গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নৱ দলেয়ে । কঢ়া নদীৰ মথাউৰীৰ মহেমাৰী গাঁওত এছ অ পি দি জি শিতানৰ দুখন খহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দলেয়ে ।
ঢকুৱাখনা জলসম্পদ বিভাগৰ জৰিয়তে ৰূপায়ন হব লগা মহেমাৰী গাঁওৰ পৰা বানটৌ পথাৰ অঞ্চলৰ কৃষিজীৱী ৰাইজক কঢ়া নদীৰ খহনীয়াৰ গ্ৰাসৰ পৰা স্থায়ী পৰিত্ৰাণ দিয়াৰ লক্ষ্যৰে এই ব্যয় বহুল আঁচনি দুখনৰ শুক্ৰবাৰে কামৰ শুভাৰম্ভ কৰা হয় ।
এই আধাৰশিলা স্থাপন অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই , ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কৃষ্ণ পেগু ,সহজিলা আয়ুক্ত অপূৰ্ব নাথ, পঞ্চায়ত সভানেত্ৰী গিতাঞ্জলি চেতিয়া সন্দিকৈকে প্ৰমুখ্যে কৰি বহু সংখ্যক বিশিষ্ট নাগৰিক ,বিভাগৰ বিষয়া কৰ্মচাৰী ,দলীয় নেতৃত্ব আৰু স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে ।
ৰাইজৰ প্ৰত্যাশা চৰকাৰী পুঁজি লুণ্ঠন আৰু উদৰস্থকৰণত সিদ্ধহস্ত ঢকুৱাখনা জলসম্পদ বিভাগৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা তথা অন্য বিষয়া সকলৰ কবলত পৰি যাতে এই আঁচনি দুখন ভেঁকুভাওনালৈ পতিত নহয় তাৰ প্ৰতি বিধায়ক আৰু সহজিলা প্ৰশাসন যাতে অধিক সতৰ্ক হয় ।
এই সন্দৰ্ভত মহেমাৰীত অনুষ্ঠিত এক সভাত বিধায়ক গৰাকীয়ে অচিৰেই কঢ়া নদীৰ ওপৰৰ বেপাৰী ঘাট আৰু আমগুৰি ঘাটৰ ওপৰত দুখন পকী দলং পৰ্যায় ক্ৰমে নিৰ্মান কৰাৰ তথ্য সদৰী কৰি প্ৰাৰম্ভিক ভাবে বেপাৰী ঘাটৰ ওপৰত এখন প্ৰায় ১০কোটি ব্যয় সাপেক্ষ পকী দলং নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিব বুলি সদৰী কৰে । বিধায়ক গৰাকীয়ে চমু বক্তব্যত ৰাইজৰ কৰ কাতলৰ পুঁজিৰে নিৰ্মান হবলগা এই আঁচনি সমূহৰ ওপৰত ৰাইজৰ সতৰ্ক দৃষ্টি কামনা কৰে ।
লগতে সমাগত ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ঢকুৱাখনা সমষ্টিৰ গেৰুৱা দলৰ প্ৰাৰ্থী গৰাকীক মৰম আশীৰ্বাদ কৰাৰ বাবে প্ৰাৰ্থনা জনায় । উল্লেখযোগ্য বিধায়ক গৰাকীয়ে শুক্ৰবাৰে দুপৰীয়া পশ্চিম মাছখোৱাৰ দক্ষিণ চাপৰিৰ নেওগঘুলি অঞ্চলত নিৰ্মিত অসম শক্তি বিতৰণ আৰু বিপনন পৰিসীমিতৰ ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত এটা বিদ্যুৎ নিয়ন্ত্ৰণ কেন্দ্ৰৰো শুভ উদ্বোধন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us