সাংস্কৃতিক শোভাযাত্ৰাৰে সমন্বয় তীৰ্থ ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ সফল সামৰণি...

এক বর্ষজোৰা বৰ্ণিল আয়োজনৰ সফল পৰিসমাপ্তি ঘটিল পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন জ্ঞানৰ পবিত্ৰ মন্দিৰত যোৱা

author-image
Asomiya Pratidin
New Update
LFLFLFL

ডিজিটেল সংবাদ, ঢকুৱাখনা:  এক বর্ষজোৰা বৰ্ণিল আয়োজনৰ সফল পৰিসমাপ্তি ঘটিল পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন জ্ঞানৰ পবিত্ৰ মন্দিৰত যোৱা ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সমন্বয় তীৰ্থ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰিল । দেওবাৰে সমাৰোহৰ অন্তিম দিনা বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ শ্ৰুতিমধুৰ  সমবেত সংগীতৰে আৰম্ভ হয় মুকলি সভা ।

জনাকীৰ্ণ পৰিবেশত উদযাপন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ শুভ উদ্বোধন কৰে  শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰাই । উদ্বোধকডঃ বৰাই এগৰাকী ৰাজনীতিবিদে কৰিব নোৱাৰা কাম এগৰাকী শিক্ষাগুৰুৱে কৰিব পাৰে বুলি কৈ বিদ্যায়তনিক ক্ষেত্ৰতখনৰ লগতে এগৰাকী ছাত্ৰৰ মানসিক আৰু নৈতিক উত্তৰণত এগৰাকী মাতৃৰ অতুল্য ভূমিকা থাকে বুলি কয় । ডঃ বৰাই যি কাম এগৰাকী শিক্ষকে শ্ৰেণী কোঠাত সম্পাদন কৰিব নোৱাৰে সেই কঠিন কাম এগৰাকী মাতৃয়ে ঘৰত অনায়াসে কৰিব পাৰে বুলি কৈ এই অমুঘ শক্তি সম্পন্ন মাতৃ সকলক ছাত্ৰ সকলৰ শিক্ষা আৰু সংস্কাৰৰ ৰূপকাৰ বুলি আখ্যা দিয়ে ।

বিদ্যালয় পৰিয়াল, প্ৰাক্তন শিক্ষাৰ্থী , অভিভাৱক ৰাইজ উপস্থিতিৰে জীপাল সভাত  মুখ্য অতিথি  হিচাবে উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উপাচাৰ্য ডঃ মুকুল চন্দ্ৰ বৰাই ।  উপাচাৰ্য ডঃ বৰাই ভাষণ প্ৰসংগত  প্ৰকৃতিৰ অবিৰাম  ধ্বংস আৰু বিনষ্টই মানৱ সভ্যতা আৰু আর্থ সামাজিক বিকাশত প্ৰধান অন্তৰায় হৈ থিয় দিয়ে বুলি কয় । তেওঁ পৃথিৱীৰ সকলো সম্পদ পৃথিৱী প্ৰকৃতিৰ বুকুৰ পৰাই সৃষ্ট বুলি কৈ আমি মানৱ জাতিয়ে এই কথা পাহৰি চৰম অত্যাচাৰ প্ৰকৃতিৰ ওপৰতে কৰাত আক্ষেপ প্ৰকাশ কৰে ।

উপাচাৰ্য ডঃ বৰাই প্ৰকৃতিৰ সমতা স্থাপনৰ ক্ষমতা মানৱতকৈ অধিক বুলি প্ৰসংগ উনুকিয়াই  মানৱ জাতিৰ প্ৰকৃতি বিদ্বেষী কৃত্ৰিমতাই অচিৰেই পৃথিৱী ধ্বংস কৰিব বুলি সকীয়নী দিয়ে । বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী সংগীতা ছেত্ৰীৰ অমৰ শিল্পী জুবিন গাৰ্গৰ এটি কালজয়ী  সংগীতৰ শ্ৰুতিমধুৰ  পৰিবেশন আৰু জালভাৰী গাঁও আই মাতৃ সকলৰ সুললিত নামৰ ছন্দত বাঙ্ময় হৈ পৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে  মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ তৰুণ কুমাৰ নাথ , বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনাৰ সমজিলা আয়ুক্ত  অপূৰ্ব কুমাৰ নাথ , সৰুপথাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক  কৃষ্ণ কমল কোঁৱৰ , প্ৰাক্তন ছাত্ৰ, ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচ, হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ  মানস জ্যোতি নেওগ ,যোৰহাট নৰ্মাল স্কুলৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সুৰেন দত্ত, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনন্ত দত্ত ,প্ৰাক্তন ছাত্ৰ ডঃ মনোৰঞ্জন দত্ত ,অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ,প্ৰাক্তন ছাত্ৰী  কুসুম দত্তকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি  সভাত উপস্থিত থাকে ।

বিয়লি ভিন্ন জাতি জনগোষ্ঠীয় স্বকীয় লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ সম্বল সমূহৰ প্ৰতীকী উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । বিদ্যালয়ৰ শিক্ষাগুৰু মুকুল গগৈয়ে উদ্বোধন কৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই  পশ্চিম ঢকুৱাখনাৰ ৰাজপথ মোহাচন্ন কৰি পুনৰ বিদ্যালয় প্ৰাঙ্গনত প্ৰৱেশ কৰাৰ পাছত সমন্বয় সমাৰোহৰ সফল সামৰণি মৰা হয় । সমাৰোহ উদযাপন সমিতিৰ  সম্পাদক দুলু শইকীয়া আৰু আদৰণি উপ সমিতিৰ সম্পাদিকা ডিম্পী বৰগোঁহায়ে সমাৰোহৰ সফলতাত সৰ্বতো প্ৰকাৰে অৰিহণা যোগোৱা সকলো প্ৰাক্তন শিক্ষাৰ্থী, শুভাকাংক্ষীক  কৃতজ্ঞতা যাচিছে ।

ঢকুৱাখনা