ঢকুৱাখনাৰ শ শ বিঘা মাহতলী অচিন ৰোগৰ গ্ৰাসত

খৰাংসদৃশ পৰিবেশৰ বাবে ঢকুৱাখনাৰ বহু সংখ্যক চহা শ্ৰমজীৱী ৰাইজৰ ধান খেতি সমুলঞ্চে উচন যোৱাৰ পাছত কষ্টসহিষ্ণু গঞা কৃষক নামিছিল মাহ খেতিত । সপোন দেখিছিল নিজৰ লগতে আনৰ আধিলৈ লোৱা কৃষি ভূমিত মাটি মাহৰ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বনৰ

author-image
Asomiya Pratidin
New Update
311

ডিজিটেল সংবাদ, ঢকুৱাখনা : খৰাংসদৃশ পৰিবেশৰ বাবে ঢকুৱাখনাৰ বহু সংখ্যক চহা শ্ৰমজীৱী ৰাইজৰ ধান খেতি সমুলঞ্চে উচন যোৱাৰ পাছত কষ্টসহিষ্ণু গঞা কৃষক নামিছিল মাহ খেতিত । সপোন দেখিছিল নিজৰ লগতে আনৰ আধিলৈ লোৱা কৃষি ভূমিত মাটি মাহৰ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বনৰ ।  

ধানৰ বিকল্প খেতি হিচাপে মাটি মাহৰ খেতিৰে অভাৱ পূৰণৰ । পিছে এইবাৰ মেহনতি কৃষকৰ সপোনত যেন চেঁচা পানী পেলাবলৈ উঠি পৰি লাগিছে ৰুষ্ট প্ৰকৃতি ।

অতি দুখজনকভাৱে দৰিদ্ৰ শ্ৰমজীৱী কৃষকৰ সঞ্চিত পুঁজি নিঃশেষ কৰি এইবাৰ মাটি মাহ খেতিতো লাগিল অচিনাক্ত ৰোগৰ নিৰন্তৰ আক্ৰমণ । কৃষকৰ হাড় ভঙা শ্ৰমৰ অন্তত ঠন ধৰি উঠা বিশাল কৃষি ভূমিৰ এই মাটি মাহৰ খেতিত লাগিছে অচিন ৰোগ ।

এফালৰ পৰা পুৰঠ পৈণত মাটি মাহৰ গছ হালধীয়া বৰণ ধৰি ক্ৰমাৎ মৃতপ্ৰায় অৱস্থালৈ গতি কৰা পৰিলক্ষিত হৈছে । প্ৰতি চেৰা মাটি মাহ পতানলৈ পতিত হৈ কৃষকৰ বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে । ঢকুৱাখনা সমজিলাৰ বিভিন্ন গ্ৰামাঞ্চলিয় খেতি পথাৰত উদ্ভৱ হৈছে এনে মৰ্মান্তিক পৰিবেশ ।

শেহতীয়াভাৱে ডিমৰুগুৰি পঞ্চায়তৰ অলিমূৰ ডাংধৰা গাঁওৰ বিশাল কৃষিভূমিতো এনে অচিন ৰোগৰ সাংঘাতিক প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে । পঞ্চায়তখনৰ ডেৰশ বিঘাৰো অধিক মাহতলীত এনে ৰোগৰ ভয়ানক প্ৰাদুৰ্ভাৱ দেখি হাঁহাকাৰ কৰিছে কৃষক পৰিয়ালসমূহে ।

তেনেদৰে কেঁকুৰী ,সোনাৰী চাপৰি , পশ্চিম ঢকুৱাখনা আদি পঞ্চায়তৰো শ শ কৃষকে সন্মুখীন হৈছে অনুৰূপ জটিল সমস্যাৰ । এইসমূহ পঞ্চায়তৰ তিনি শতাধিক কৃষক পৰিয়ালে  পাঁচ শতাধিক বিঘা ভূমিত কৰা মাহ খেতি নিঃশেষ হোৱাৰ পথত । প্ৰতি বিঘা মাহতলীত একে ৰোগৰ সংক্ৰমণ ঘটি এফালৰ পৰা ফচলহীন হৈ হালধীয়া বৰণ ধৰি উচন যোৱা পৰিলক্ষিত হৈছে।

উপায়ন্তৰ একাংশ কৃষকে এনে ৰোগাক্ৰান্ত খেতিতলী ট্রেক্টৰ মাৰি পুনৰ চহাই সৰিয়হৰ বীজ সিঁচা বুলি জনালে । ঢকুৱাখনা আৰু সোনাৰী চাপৰি কৃষি খণ্ডৰ প্ৰায় সৰ্বত্ৰতে উদ্ভৱ হোৱা এনে ভয়ংকৰ অৱস্থাৰ পাছতো মৰটোপনি ভগা নাই কৃষি বিভাগৰ ।

"কাতি বিহু" উদযাপনৰ সময়তে নিজৰ মৃতপ্ৰায় অস্তিত্ব জীয়াই ৰখা অকমন্য ঢকুৱাখনা মহকুমা কৃষি বিভাগটোৰ মুৰব্বী গৰাকীৰ লগতে সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া সকলৰ আহৰি নাই ভুক্তভোগী দৰিদ্ৰ শ্ৰমজীৱী কৃষক পৰিয়াল সমূহৰ মাজত প্ৰয়োজনীয় দিহা পৰামৰ্শ প্ৰদানৰ । বৈজ্ঞানিক পদ্ধতিৰে এই জটিল সমস্যাৰ মুকবিলা কৰাৰ নীতি নিৰ্দেশনা প্ৰদানৰ ।  

ইয়াৰ বিপৰীতে কেৱল বেতন লবলৈকে খাপ পিটি থকা ,চৰকাৰী আঁচনিৰ বীজ , কৃষি সামগ্ৰী ,যন্ত্ৰ পাতি বিতৰণৰ নামত অবৈধ বেহা পতাত সিদ্ধহস্ত কৃষি বিভাগটোৰ বেপৰোৱা বিষয়া কৰ্মচাৰী সকলৰ কোনো সহযোগিতা লাভ নকৰা বুলি সৰ্বশ্ৰান্ত কৃষক সকলে সংবাদ মাধ্যমক মুকলি অভিযোগ কৰে । প্ৰকৃত খতিখোৱা কৃষিজীৱী ৰাইজৰ সতে সম্পৃক্ত নোহোৱা মহকুমা কৃষি বিভাগটোৰ অকমন্য বিষয়া কৰ্মচাৰী সকলৰ এনে কুম্ভকৰ্ণ নিদ্ৰাৰ বাবেই ৯০ শতাংশ কৃষিজীৱী পৰিয়ালৰ স্ব উপাৰ্জনৰ পথ বাধাগ্ৰস্ত হৈ আহিছে বুলি  ভুক্তভোগী কৃষক ৰাইজে মুকলি অভিযোগ উত্থাপন কৰিলে ।

বিগত কেইবা বছৰ ধৰি ধাৰাবাহিকভাৱে অচিন ৰোগৰ গ্ৰাসত পৰি ক্ৰমাৎ কৃষিজাত সামগ্ৰীৰ উৎপাদন বহু পৰিমানে হ্ৰাস পোৱাৰ নিৰ্মম পৰিণতিত ঢকুৱাখনাৰ  গ্ৰাম্য অৰ্থনীতি দুৰ্বল হৈ অহা বুলি মন্তব্য কৰি এই স্পৰ্শকাতৰ সমস্যাৰ সন্দৰ্ভত কৃষিমন্ত্ৰীৰ জৰুৰীকালীন হস্তক্ষেপ দাবী জনায় । ঢকুৱাখনাৰ সৰ্বশ্ৰান্ত কৃষক পৰিয়াল সমূহৰ মাজত উদ্ভৱ হোৱা চিন্তনীয় পৰিস্থিতিৰ বিপৰীতে বিকল্প খেতিৰ উপায় উদ্ভাৱনত লখিমপুৰ জিলা কৃষি বিভাগে সময় থাকোতেই গুৰুত্ব প্ৰদানৰ দাবীও কৃষক পৰিয়াল সমূহৰ মাজত উথাপিত হৈছে ।

"গ্ৰাম্য অৰ্থনীতি সবল হ'লেহে দেশৰ উন্নতি সম্ভৱ" বুলি ৰাজ্য চৰকাৰে কৰি অহা মন্তব্যৰ বিপৰীতে ঢকুৱাখনা কৃষি বিভাগৰ নিষ্কৰ্ম্মা ভূমিকাৰ বাবেই গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত হোৱাৰ পাছত এইসকল বেতনভোগীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব । 

ঢকুৱাখনা