ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ...

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ শক্তিশালী বুনিয়াদ বিশিষ্ট ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মতে ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ

author-image
Asomiya Pratidin
New Update
SASASSA

ডিজিটেল সংবাদ: ঢকুৱাখনা: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ শক্তিশালী বুনিয়াদ বিশিষ্ট ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মতে ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাবে নিযুক্ত ফিৰোজ দত্তই এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পূৰ্বৰ সভাপতি অনুপ বৰুৱাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে । এই সন্দৰ্ভত অনুষ্ঠিত কাৰ্যভাৰ হস্তান্তৰ পৰ্বৰ পূৰ্বে  নৱনিযুক্ত সভাপতি ফিৰোজ দত্তক যুৱ কংগ্ৰেছৰ এটা দলে নগৰ চাৰিআলিৰ পৰা আদৰি আনে ।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তথা ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ প্ৰভাৰী গুঞ্জন প্ৰতীম দত্তৰ নেতৃত্বত যোৱা যুৱ কংগ্ৰেছৰ দলটোৱে  নৱনিযুক্ত সভাপতি গৰাকীক আদৰি আনি ঢকুৱাখনা ৰাজীৱ ভৱনত উষ্ণ অভিনন্দন জনাই এক সভা অনুষ্ঠিত কৰে ।

যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত  উপস্থিত থাকে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি  প্ৰাঞ্জল চুতীয়া , জ্যেষ্ঠ কংগ্ৰেছ নেতা ডঃ সুৰজিত দলে  ,জ্যেষ্ঠ কংগ্ৰেছ নেতা ভোগেশ্বৰ লাগাচু, ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰাক্তন  সম্পাদক ৰাকেশ পেগু , শৰৎ পাতিৰ ,লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন ,যুৱ কংগ্ৰেছৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ সভাপতি লক্ষ্যনাথ ঙাতে , ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা , ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীনাক্ষী গগৈ আদি বহু সংখ্যক যুৱ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ নেতা কৰ্মী  ।

 জনাকীৰ্ণ সভাত আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত সভাপতি ফিৰোজ দত্তই  ঢকুৱাখনা ব্লকত কংগ্ৰেছ দলৰ ভেঁটি অধিক মজবুত কৰাত আপ্ৰাণ চেষ্টা চলাই যাব বুলি কৈ যুৱ শক্তিৰ ঐক্যবদ্ধ প্ৰয়াসৰ জোৰত ঢকুৱাখনাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো অধিক জনমুখী কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে ।

সভাতেই বিজেপি , সন্মিলিত গনশক্তি অসম দলৰ সক্ৰিয় সদস্য ক্ৰমে কেশৱ পেগু, জুৱেল দলে, মনোজ পেগু, ৰাতুল দলে উৎপল পেগু  আৰু আগম দলেয়ে যুৱ কংগ্ৰেছত যোগদান কৰে। নবাগত সকলক জিলা নেতৃত্বই দলীয় বস্ত্ৰৰে আদৰণি জনাই ।

ঢকুৱাখনা