/asomiyapratidin/media/media_files/2025/09/06/266-2025-09-06-17-34-40.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : বৃহত্তৰ ঢকুৱাখনা ঘিলামৰাৰ কাব্য স্ৰষ্টা আৰু কাব্য প্ৰেমীসকলৰ সৃষ্টিশীলতাৰ ধাৰা ত্বৰাণিত কৰাৰ প্ৰয়াসেৰে আত্ম প্ৰকাশ কৰিছিল "কঢ়া পাৰৰ মালিতা"ই । ঘিলামৰাত ২০২৩ বর্ষত আত্মপ্ৰকাশ কৰা এই কাব্য মঞ্চৰ তৃতীয় বাৰ্ষিক অনুষ্ঠান অহা ১২ অক্টোবৰত ঘিলামৰাৰ কঁহুৱাৰে সুশোভিত কঢ়া নদীৰ অৱবাহিকাত অনুষ্ঠিত হ'ব।
কঢ়া নদীৰ পাৰৰ বিশাল শুভ্ৰ কঁহুৱাৰ দলিচাৰ বুকুত কবিতাৰ কৰণীৰে বাঙ্ময় কৰি অনুষ্ঠিত হব লগা "কঢ়া পাৰৰ মালিতা-২০২৫"ৰ এখন অভ্যৰ্থনা সমিতি শনিবাৰে ঢকুৱাখনাত গঠন কৰা হয়। ঢকুৱাখনা প্ৰেছ গীল্ডৰ সভাকক্ষত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে ক্ৰমে প্ৰতিমা চেতিয়া আৰু ৰঞ্জিতা চেতিয়া হাজৰিকাই ।
"কঢ়া পাৰৰ মালিতা" সমিতিৰ সম্পাদক দুলাল দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিগত বর্ষৰ আয় ব্যয়ৰ খতিয়ান দাঙি ধৰি সম্পাদক দিহিঙীয়াই প্ৰায় ২হাজাৰ ৫০০ টকা হাতে জমা থকা বুলি উল্লেখ কৰি এই সভাতেই ২০২৫ বর্ষৰ অনুষ্ঠানৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ পোষকতা কৰে। সভাত স্থায়ী সমিতিৰ সভাপতি অতুল বৰুৱা, শিক্ষাবিদ প্ৰতিমা চেতিয়া, উত্তম হাজৰিকা, প্ৰতিমা বুঢ়াগোহাঁই আদি বহু কেইগৰাকী বিশিষ্ট কাব্য সাধকে বক্তব্য আগবঢ়ায়।
সভাতেই ২০২৫ বর্ষৰ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে অতুল বৰুৱাক সভাপতি , দুলাল দিহিঙীয়াক সম্পাদক , পুলক জ্যোতি বৰা,অমৰজ্যোতি ঘোষক সহকাৰী সাধাৰণ সম্পাদক আৰু ৰঞ্জিতা চেতিয়া হাজৰিকাক কোষাধ্যক্ষ হিচাবে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। তাৰোপৰি দামোদৰ বৰুৱাক সভাপতি, প্ৰতিমা বুঢ়াগোহাঁইক সম্পাদক ,ৰমেন দাস, উত্তম কুমাৰ হাজৰিকা, ৰাতুল বৰুৱা, গুণগুণ গগৈ, গায়ত্ৰী দলেক সদস্য হিচাপে লৈ এখন পত্ৰিকা সম্পাদনা সমিতি গঠন কৰা হয় ।
বহু কেইগৰাকী প্ৰতিষ্ঠিত নবীন প্ৰবীণ কাব্য সাধকে অংশ গ্ৰহণ কৰিব লগা এই কবিতাৰ অনুষ্ঠানত নব গঠিত অভ্যৰ্থনা সমিতিখনে সকলো কাব্য স্ৰষ্টা আৰু কাব্য প্ৰেমীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰেকা কামনা কৰিছে ।