ঢকুৱাখনাত কেন্দ্ৰীয় মে' ডাম মে' ফি আৰম্ভ

বৰ অসমৰ প্ৰাণ প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ শ্ৰদ্ধাশীল স্মৰণেৰে শুক্ৰবাৰৰ পৰা ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মে' ডাম মে ফি।

author-image
Asomiya Pratidin
New Update
26

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৰ অসমৰ প্ৰাণ প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ শ্ৰদ্ধাশীল স্মৰণেৰে শুক্ৰবাৰৰ পৰা ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মে' ডাম মে ফি। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্র অসমৰ উদ্যোগত ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু জ্ঞাতিবৰ্গৰ সহযোগত বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে এই কেন্দ্ৰীয় ধৰ্মীয় অনুষ্ঠান। 

পুৱা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি মান চাও প্ৰদীপ চমুৱাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে 
শিক্ষাৰ্থীসকলৰ মাজত উচ্চ আৰু নিম্ন শাখাত  সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বিভিন্ন বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা শুভ উদ্বোধন কৰে  শিক্ষক, মান চাও বিশ্বজিৎ  বুঢ়াগোহাঁইয়ে। লোক শিল্পী নিলোৎপল চমুৱা মুখ্য বিচাৰক আৰু লক্ষ্যজিত কোঁৱৰ, গণেশ চমুৱা সহযোগী বিচাৰক হিচাপে উপস্থিত থকা প্ৰতিযোগীসকলৰ মাজত উচ্চ শাখাত আহোমৰ সম্পূৰ্ণ প্ৰতীক চিহ্ন আৰু নিম্ন শাখাত ৰংঘৰ অংকন কৰিবলৈ দিয়া হয় ।

WhatsApp Image 2026-01-30 at 3.46.56 PM

তাৰোপৰি থলুৱা বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । দুপৰীয়া বিকাশ কেন্দ্ৰৰ মঞ্চত অনুষ্ঠিত কৰা হয় দিহা নাম প্ৰতিযোগিতা । নাং স্বৰ্ণলতা চমুৱাই শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাত বহুকেইটা দলে অংশগ্ৰহণ কৰে । সন্ধিয়ালৈ  বান ফ্রী পূজা সম্পন্ন কৰে চাও টংকেশ্বৰ গগৈয়ে ।

কাইলৈ প্ৰথম কাৰ্যসূচী পুৱা মৈদাম তৰ্পণ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি চাও ৰঞ্জিত সন্দিকৈয়ে । ইয়াৰ পাছতে স্বৰ্গদেউ চ্যুকাফাৰ স্থায়ী প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব বিকাশ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি চাও হেমন্ত গগৈয়ে ।

ইয়াৰ পাছতে  উলিয়াব লগা বৰ্ণাঢ্য সাংস্কৃতিক উদ্বোধন কৰিব তাই আহোম উন্নয়ন পৰিষদৰ কাৰ্যকৰী সদস্য নাং যুতিমালা বুঢ়াগোঁহাইয়ে। ইয়াৰ পাছতে  মুখপত্ৰ "বান ফাই" উন্মোচন কৰিব প্ৰবীণ সাংবাদিক কুশল গগৈয়ে । বিয়লিলৈ অনুষ্ঠিত হব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱা, বিশিষ্ট অতিথি হিচাপে সাংবাদিক নাং এঞ্জেলা চাংমাই ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী  নাং ছোনিয়া বৰগোঁহাই , নিৰ্দিষ্ট বক্তা হিচাবে চাও ডিম্বেশ্বৰ গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

ঢকুৱাখনা