ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযানত অবৈধ চুলাই ভাটী উচ্ছেদ

ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ নেতৃত্বত বৃহস্পতিবাৰে চলোৱা অভিযান কালত  প্ৰায় ৪৭০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাচ, প্ৰায় ২০ লিটাৰ চুলাই,৪টা চুলাই ভাটীৰ সঁজুলি জব্দ কৰি থলীতে বিনষ্ট কৰে।

author-image
Asomiya Pratidin
New Update
fg

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ঢকুৱাখনা সমজিলাত অব্যাহত আছে অবৈধ চুলাই বিৰোধী অভিযান। গাঁৱে-ভূঞে নিৰন্তৰ হাৰত চলি আছে অবৈধ চুলাই ভাটী উচ্ছেদ অভিযান। ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ নেতৃত্বত বৃহস্পতিবাৰে চলোৱা অভিযান কালত  প্ৰায় ৪৭০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাচ, প্ৰায় ২০ লিটাৰ চুলাই,৪টা চুলাই ভাটীৰ সঁজুলি জব্দ কৰি থলীতে বিনষ্ট কৰে।

অভিযানকাৰী দলটোৱে শিঙিয়া, গৰৈমাৰী, ঢাপলিয়াল গাঁও , চেতিয়া গাঁও ,মাতমৰা আদি গাঁৱত অভিযান চলাই বহু কেইটা চুলাই ভাটী উচ্ছেদ কৰি ভৱিষ্যতে এনে সমাজবিৰোধী নিষিদ্ধ বেহা নচলাবলৈ অন্তিম সকীয়নী প্ৰদান কৰে।

ঢকুৱাখনা