/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-15-44-49.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্যৰ স্বাস্থ্য খণ্ডক নব্য গতিশীলতা প্ৰদান কৰা উৎস্বৰ্গিত এন এইচ এম বিষয়া কৰ্মচাৰী সকলৰ বাবে অচলাবস্থাৰ গ্ৰাসত নিমৰ্জিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ড। ৰাজ্যজুৰি স্থবিৰ হৈ পৰিছে স্বাস্থ্য বিভাগৰ সকলো গুৰুত্বপূৰ্ণ সেৱা। স্বাস্থ্য সেৱা বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৰোগাক্ৰান্তই।
কেৱল মাত্ৰ ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা আৰু স্বাস্থ্য দপ্তৰৰ অমনোযোগী কাৰ্যকলাপৰ বাবে সমগ্ৰ ৰাজ্য জুৰি স্বাস্থ্যখণ্ড সমূহত নাগৰিকৰ বিলাই বিপত্তিৰ সীমা চেৰাই যোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা (এন এইচ এম)ৰ প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামৰ বাবে এনে এক অকল্পনীয় দুৰৱস্থাত আচ্ছন্ন হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ।
তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এন এইচ এমৰ কৰ্মৰত কৰ্মচাৰী সকলৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰা, এন এইচ এমৰ কৰ্মচাৰী সকলক স্বাস্থ্য বিভাগত খালি হৈ থকা পদত প্ৰত্যক্ষ ভাবে নিযুক্তিৰ দিয়াৰ লগতে সপ্তম পে কমিচনৰ আধাৰত বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ ৰাজহুৱা ঘোষণা সম্প্ৰতি ধোঁৱা চাংত উঠাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই প্ৰতাৰণাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নিষ্ঠাবান কৰ্মচাৰী সমাজ ।
এটা দশকৰো অধিক কাল স্বাস্থ্য মন্ত্ৰী আৰু সম্প্ৰতি মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হৈ এসময়ত নিজে দিয়া প্ৰতিশ্ৰুতি পুৰাণত প্ৰদৰ্শন কৰা নির্লজ হেমাহীৰ বাবেই ৰাজ্যজুৰি যোৱা ২৯ অক্টোবৰৰ পৰা আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী ।
কৰ্মচাৰী সন্থাৰ মুখ্য দাবী সমূহৰ উপৰিও এন এইচ এম কৰ্মচাৰী সকলক পে' স্কেলৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰি যুগ যুগ ধৰি নিয়মীয়া সেৱা আগবঢ়াই অহা বিষয়া কৰ্মচাৰী সকলক সম কামৰ সম বেতন প্ৰদান কৰা, সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰী সকলক ই পি এফ ৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৫ টা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত আৰম্ভ হোৱা ধাৰাবাহিক প্ৰতিবাদৰ অন্যতম অংশ হিচাপে ৩০,৩১ অক্টোবৰ ১আৰু ২ নৱেম্বৰত কৰ্মবিৰতি ,৩,৪ আৰু ৫ নৱেম্বৰত জিলা সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছত ৬ নৱেম্বৰৰ পৰা অহা ১২ নৱেম্বৰলৈ আৰম্ভ হৈছে সৰ্বাত্মক কৰ্মবিৰতি ।
ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ ডেৰ শতাধিক এন এইচ এম কৰ্মচাৰীয়েও বৃহস্পতি বাৰৰ পৰা আৰম্ভ কৰা সৰ্বাত্মক কৰ্মবিৰতিত স্বাস্থ্য বিভাগত একপ্ৰকাৰৰ অচলাবস্থাই গা কৰি উঠিছে। সমজিলাখনৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু স্বাস্থ্য উপ কেন্দ্ৰ সমূহৰ নিয়মীয়া কামকাজ সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হৈছে ।
সমজিলাখনৰ কৰ্মচাৰী সকলে নিজ নিজ কৰ্মথলীত উপস্থিত হৈছে যদিও নিৰ্দিষ্ট জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো গুৰুত্বপূৰ্ণ সেৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকি সংঘবদ্ধ প্ৰতিবাদত নামি পৰিছে । যাৰ বাবে ব্যাহত হৈছে আৰ বি এছ কেৰ সেৱা , লেব'ৰেটৰী সেৱা , নৈশ আৰু অ পি ডি চিকিৎসা সেৱাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক চৰকাৰী সেৱা।
চৰকাৰে লাখ লাখ টকা অপচয় কৰি অনুষ্ঠিত কৰা "মেগা স্বাস্থ্য মেলা"ত দ্বিতীয় স্তৰৰ বিনামূলীয়া উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে চিনাক্ত কৰা ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ ব্যৱস্থাতো প্ৰায় বাধাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।
স্বাস্থ্য বিভাগৰ দৈনিক প্ৰতিবেদন সংগ্ৰহ আৰু প্ৰেৰণ আদি সকলো "অনলাইন" সেৱা স্থবিৰ হৈ পৰিছে ঢকুৱাখনা আৰু ঘিলামৰাত। নাৰ্য প্ৰাপ্য আদায়ৰ দাবীত অহা ১২ নৱেম্বৰ পৰ্যন্ত চলিব লগা এই অধিকাৰ বিচৰা সংগ্ৰামত ভীষণ ভাবে ৰোগাক্ৰান্ত ৰাইজ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে।
মহকুমা অসামৰিক চিকিৎসালয়লৈ ৰক্ত পৰীক্ষাৰ বাবে অহা নিৰীহ ৰোগী এতিয়া "ৰিপোৰ্ট"ৰ পৰা বঞ্চিত হৈ উভতিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। সমগ্ৰ ঢকুৱাখনা সমজিলাৰ স্বাস্থ্য বিভাগত অচলাবস্থাৰ সৃষ্টি কৰি এন এইচ এম কৰ্মচাৰী সন্থাৰ ঢকুৱাখনা আৰু ঘিলামৰা সমিতিয়ে বৃহস্পতি বাৰে সাক্ষাৎ কৰে বিধায়ক নৱ দলেক ।
সন্থাৰ ঢকুৱাখনা সমিতিৰ সভাপতি ডা০ আনাৰুল হক , সম্পাদক আফজালুৰ ৰহমান ,খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু, খণ্ড সমন্বয়ক বিষ্ণু চেতিয়া , ঘিলামৰা সমিতিৰ সভাপতি ডাঃ বিজয় কুমাৰ শৰ্মা ,কাৰ্যকৰী সম্পাদক কুশল বৰঠাকুৰ, মনালিছা বৰা , জ্যোতি প্ৰসাদ বৰা আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাই বিধায়ক দলেক সাক্ষ্যৎ কৰি তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন ৯ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্বাস্থ্য কৰ্মী সকলৰ সৰ্বাত্মক প্ৰতিবাদৰ এদিনতে ঢকুৱাখনাত দেখা দিয়া এনে ব্যাপক স্থবিৰতাই অনাগত সময়ত কি ৰূপ লব সেয়া সহজেই অনুমেয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us