/asomiyapratidin/media/media_files/2025/10/20/sfererererer-2025-10-20-15-19-37.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ সংস্কৃতি জগতৰ দুই মহীৰূহৰ স্মৃতি চিৰ যুগমীয়া হ'ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ম'হঘুলি চাপৰিৰ বুকুত। অসম আৰু অসমীয়াক বিশ্বৰ বুকুত স্বাভিমানী কৰি তোলা সংগীতজ্ঞ, সুৰৰ সাধক ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব লোক সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰ ঢকুৱাখনাৰ ম'হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত।
অসমীয়া জাতীয় জীৱনৰ সমুজ্জল নক্ষত্ৰ স্বৰূপ এই দুই সংগীত সাধকৰ আৱক্ষ মূৰ্তি ফাটবিহু বাকৰিত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত ব্যক্ত কৰিছে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক প্ৰশান্ত হাজৰিকাই। ফাটবিহু সমিতিৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অচিৰেই এই দুই বিশ্ব ৰত্নৰ প্ৰতিমূৰ্তি স্থাপনৰ শুভকাৰ্যৰ শুভাৰম্ভ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। ফাটবিহু সমিতিৰ উদ্যোগত আৰু একক প্ৰচেষ্টাৰে সুনিপুন খনিকৰৰ জৰিয়তে এই দুই প্ৰবাদ পুৰুষৰ নিখুঁত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিছে বিষয়ববীয়াদ্বয়ে ।
সমান্তৰাল ভাৱে অহা ২০২৬ বর্ষৰ ফাটবিহু মহোৎসৱৰ বছেৰেকীয়া প্ৰকাশ, মুখপত্ৰ "বিহুৱান"খন জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰি প্ৰকাশ কৰা হ'ব বুলিও গ্ৰহণ কৰা সিদ্ধান্ত ব্যক্ত কৰে। সাধাৰণতে প্ৰতি বছৰে মুখপত্ৰখন বিশেষ ব্যক্তিৰ নামত উৎসৰ্গা কৰি উৎসৰ্গিতৰ পৰিয়ালৰ অৰ্থ সাহায্যৰে বিহুৱানখন প্ৰকাশ কৰা হয়। কিন্তু ২০২৬ বর্ষৰ "বিহুৱান"খন কোনো দাতা পক্ষৰ অবিহনেই গণকণ্ঠ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি ফাটবিহু সমিতিয়ে নিজে প্ৰস্তুত কৰি প্ৰকাশ কৰিব। যত গাৰ্গৰ জীৱন চৰ্য্যা, সৃষ্টিশীলতা আৰু অতুল্য অৱদানৰ গৱেষণালব্ধ লেখনিৰ অপূৰ্ব সমাহাৰ ঘটিব ।
ৰাজ্যখনৰ দুগৰাকী মহান মনীষীৰ অৱদানলৈ শ্ৰদ্ধাঞ্জলি জনাই ফাটবিহু সমিতিয়ে ঢকুৱাখনীয়া ফাটবিহুপ্ৰেমীৰৱ সহযোগিতাৰে কাৰ্যকৰী কৰিব লগা এই মহান পদক্ষেপৰ বাবে উচ্চ প্ৰশংসিত হৈছে। গৰ্বিত হৈছে একক জাতীয় সম্পদৰ থলী ফাটবিহু। কিন্তু এইখিনিতে চৰ্চালৈ আহিছে অন্য এক গুৰুত্বপূৰ্ণ বিষয়।
ঢকুৱাখনাৰ একক জাতীয় লোক সম্পদ ফাটবিহুক বহুল প্ৰচাৰ প্ৰসাৰ আৰু বৌদ্ধিক চেতনাৰে সাৰ্বজনীন কৰি নব্য মাত্ৰা প্ৰদান কাৰক, অসমীয়া ভাষা সাহিত্যৰ যুগদ্ৰষ্টা সাহিত্যিক, নিৰবধি নদী চাৰিকড়ীয়াৰ আজন্ম প্ৰেমিক, ম'হঘুলি চাপৰিৰ পাৰিপাৰ্শ্বিক পৰিবেশ, গছ লতিকাৰে সমৃদ্ধ হৈ বহুতো গল্প উপন্যাসৰ স্ৰষ্টা ঢকুৱাখনাৰ গৌৰৱ হোমেন বৰগোহাঞিৰ এটা প্ৰতিমূৰ্তি কিয় স্থাপন কৰাত গুৰুত্ব আৰোপ কৰা নাই ফাটবিহু সমিতিয়ে। আমৃত্যু চাৰিকড়ীয়া নদী, মহঘুলি চাপৰিৰ সতে সম্পৃক্ত হৈ প্ৰাণৰ ঢকুৱাখনাৰ ফাটবিহুক বৌদ্ধিক পৰিমণ্ডলত ব্যাপক পৰিচয় কৰি দিয়া, অসমীয়া গদ্য সাহিত্যৰ নতুন মাত্ৰা প্ৰদানকাৰী, বৰেণ্য সাহিত্য একাডেমী বঁটা প্ৰাপক অসমৰ বৌদ্ধিক নক্ষত্ৰ বৰগোহাঞিৰো এটা আবক্ষ মূৰ্তি স্থাপন কৰাৰ প্ৰয়োজনীয়তা কিয় আহিব নোৱাৰে?
ঢকুৱাখনাৰ স্বাভিমানী ব্যক্তিত্বৰ অধিকাৰী বৰগোহাঞি আৰু তেওঁৰ অৱদানক নব প্ৰজন্মৰ মাজত পৰিচিত কৰাত সহায়ক হোৱাকৈ দুই সংগীত সাধকৰ লগতে স্থিতপ্ৰজ্ঞ , অসমৰ বৌদ্ধিক আন্দোলনৰ অন্যতম কাণ্ডাৰী বৰগোহাঞিৰো এটা প্ৰতিমূৰ্তি ফাটবিহু বাকৰিত স্বৰ্ণউজ্জ্বল ৰূপত জিলিকাই ৰখাৰ সময়োপযোগী সিদ্ধান্ত ফাটবিহু সমিতিয়ে গ্ৰহণ কৰাৰ আশাত অপেক্ষাৰত ঢকুৱাখনাৰ সুধী সমাজ ।
স্মৰ্তব্য যে, ইতিমধ্যে বিধায়ক নব দলেয়ে ঢকুৱাখনাত প্ৰজ্ঞাৰ সাধক বৰগোহাঞিৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ ঘোষণা কৰিছিল। প্ৰশংসনীয় এই বিষয়টোকলৈ বৰগোহাঞিৰ গুণমুগ্ধ সকলৰ মাজত বহু চর্চা চলিছিল । কিন্তু বছৰ অতিক্ৰমা এই বিষয়টো এতিয়া ধোঁৱা চাংত উঠিল । ঘোষণাতে সীমাবদ্ধ থকা বিধায়ক নব দলেয়ে অদ্যপি বিচাৰি পোৱা নাই প্ৰাতঃস্মৰণীয় ব্যক্তি হোমেন বৰগোহাঞিৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে সুবিধাজনক এডোখৰ মাটি ।
অতি লজ্জাকৰ বিষয় হল, প্ৰজ্ঞাৰ সাধক গৰাকীৰ মূৰ্তি স্থাপনকলৈ ঢকুৱাখনাৰ এটা "নিষ্কৰ্ম্মা পক্ষ"ই আৰম্ভ কৰিছে দৃষ্টিকটু টনা আজোৰা খেল। এনে জটিল সময়তে ফাটবিহু সমিতিয়ে প্ৰয়াত কথা শিল্পী গৰাকীলৈ অকৃত্ৰিম শ্ৰদ্ধা জনাব বিচাৰিলে এই গেথেলা মৰা সময়োপযোগী বিষয়টোৰ স্থায়ী নিস্পতি হোৱাৰ অৱকাশ দেখা গৈছে। প্ৰয়াত বৰগোহাঞিৰ নিঃস্বাৰ্থ গুণমুগ্ধই আপ্ৰাণ বিচাৰিলেও ফাটবিহু সমিতিৰ ওপৰতে কিন্তু সমগ্ৰ বিষয়টো নিৰ্ভৰশীল। সুৰ কণ্ঠৰ শিল্পী ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ সতে ফাটবিহু বাকৰিত জিলিকিব নে প্ৰজ্ঞাৰ সাধক কথা শিল্পী হোমেন বৰগোহাঞিৰ আৱক্ষ মূৰ্তি?