ঢকুৱাখনাত ইউৰিয়া  সাৰ বিচাৰি কৃষকৰ হাহাকাৰ

সভাই সমিতিয়ে কৃষক ৰাইজৰ হিতাৰ্থে অধিক ফচল উৎপাদনৰ বাবে ৰাজ সাহায্য যুক্ত ৰাসায়নিক সাৰ উপলব্ধ কৰাৰ ডাংকোব মাৰি অহা কৃষি মন্ত্ৰী অতুল বৰাৰ এনে আস্ফালনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত।
ঢকুৱাখনাত ইউৰিয়া  সাৰ বিচাৰি কৃষকৰ হাহাকাৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা;  সভাই সমিতিয়ে কৃষক ৰাইজৰ হিতাৰ্থে অধিক ফচল উৎপাদনৰ বাবে ৰাজ সাহায্য যুক্ত  ৰাসায়নিক সাৰ উপলব্ধ কৰাৰ ডাংকোব মাৰি অহা কৃষি মন্ত্ৰী অতুল বৰাৰ এনে আস্ফালনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত। লখিমপুৰ জিলাখনৰ অভিভাৱক মন্ত্ৰীৰো দায়িত্ব প্ৰাপ্ত কৃষিমন্ত্ৰী অতুল বৰাৰ বিভাগৰ অদূৰদৰ্শী নীতিৰ বলি হৈ এই চৰকাৰী সুবিধা বিচাৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে ঢকুৱাখনা মহকুমাৰ হাজাৰ বিজাৰ খেতিয়কে। 

  কৃষি নিৰ্ভৰ ঢকুৱাখনা মহকুমাৰ চহা শ্ৰমজীৱীৰ বাবে চলিত সময় চোৱা সৰিয়হ আৰু আনুসংগিক খেতিৰ বাবে অতি উপযুক্ত সময় হিচাপে পৰিগণিত হৈ আহিছে । মহকুমাটোৰ কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ  ঢকুৱাখনা ,ঘিলামৰা আৰু সোনাৰী চাপৰি কৃষি খণ্ডৰ অন্তৰ্গত হাজাৰ বিজাৰ চহা পৰিয়ালে পৰম্পৰাগত ভাবে ব্যৱসায়িক ভিত্তিত সৰিয়হ খেতি কৰাৰ বাবে  মাটি চহাই ৰাসায়নিক সাৰ চতিওৱাৰ বাবে উপযোগী কৰি ৰাখিছে ।

কিন্তু চৰকাৰী ক্ৰুটিপূৰ্ণ কৰ্মপন্থাৰ বাবে কৃষকৰ আশাত এতিয়া পানী পৰাৰ উপক্ৰম ঘটিছে।  কেৱল ৰাজসাহায্য যুক্ত ৰাসায়নিক সাৰ ইউৰিয়া সহজলভ্য যোগান ধৰাত চৰকাৰী ব্যৰ্থতাৰ বাবেই এইবাৰ কৃষকৰ মূৰত মাধমাৰ পৰিছে। সংগৃহীত তথ্য মতে  মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাত কৃষি বিভাগে মুঠ ২৯ খন ৰাসায়নিক সাৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। 

সেই অনুজ্ঞাপত্ৰৰ ভিত্তিত খুচুৰা সাৰ বিক্রেতা সকলৰ ওচৰত ডি এ পি , এম অ পি, এছ এছ পি, চইল আদি সৰিয়হ খেতিৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক সাৰ উপলব্ধ আছে । কিন্তু  ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰ এনেবোৰ কেন্দ্ৰৰ জৰিয়তে বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাত উদ্ভৱ হৈছে অনাহুত  পৰিস্থিতি। ইপিনে বিভাগীয় ভাবে চাহিদা অনুসৰি ইউৰিয়া যোগান ধৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষক সকল চিন্তিত হৈ পৰিছে।

সংগৃহীত তথ্য মতে মহকুমাটোৰ ঢকুৱাখনাৰ প্ৰগতি এণ্টাৰপ্ৰাইজ আৰু বৰ্মন বীজ ভাণ্ডাৰ আৰু ঘিলামৰাৰ কৃষক সাৰথি নামৰ তিনিটা বিতৰক প্ৰতিষ্ঠানৰ জৰিয়তে এই ইউৰিয়া সাৰ যোগানৰ ব্যৱস্থা চলিছে। কিন্তু কৃষকৰ চাহিদা অনুপাতে যথা সময়ত এই সাৰ যোগান ধৰাত ব্যৰ্থ হৈছে  প্ৰধানকৈ ঢকুৱাখনাৰ দুই প্ৰতিষ্ঠান।  চৰকাৰী বিতৰকৰ কৰ্তৃত্ব প্ৰাপ্ত এই দুই প্ৰতিষ্ঠানে  বিধি অনুযায়ী নিজে সাৰ বিতৰণৰ ব্যৱস্থা কৰাৰ পৰিপ্ৰেক্ষিতত   বহু দূৰ দূৰণিৰ পৰা কৃষক ৰাইজে পুৱাই তাঁত বাতি কৰি দিনটো শাৰী পাতি এক অবৰ্ণনীয় যন্ত্ৰণাৰ মাজেৰে সাৰ সংগ্ৰহ কৰিব লগীয়া জটিল পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে।

  দৈনিক পুৱাই সাৰ সংগ্ৰহ কৰিবলৈ ঢকুৱাখনা নগৰলৈ মালবাহী গাড়ী ঢাপলি মেলি অহা কৃষক সকলে বিয়লি পৰ্যন্ত সাৰ সংগ্ৰহ কৰিবলৈ সক্ষম নোহোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।  দেওবাৰে পুৱাও  অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয় ঢকুৱাখনা নগৰৰ প্ৰগতি এণ্টাৰপ্ৰাইজৰ লগতে বৰ্মন বীজ ভাণ্ডাৰৰ সন্মুখত।  পুৱতি নিশাই আহি  ইউৰিয়া সাৰ ক্ৰয়ৰ বাবে সমাগম ঘটা শ শ কৃষক ৰাইজে প্ৰতিষ্ঠানৰ সন্মুখত বোন্দা পৰ দি ৰোৱাৰ পাছতো  কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপাই অতিষ্ঠ হৈ পৰে ।

  ক্ষুব্ধ আৰু অতিষ্ঠ ৰাইজৰ চিঞৰৰ পাছত  বহু পলমকৈ কৰ্তৃপক্ষই  আৰক্ষীৰ সহযোগত সাৰ যোগান ধৰে যদিও ইয়াতো বৈষম্য হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰতি বেগ ইউৰিয়া ৩০৫ টকা দৰত ,প্ৰতি বেগ চইলৰ বেগত ২৫০ টকা  আৰু প্ৰতি বেগ ডি এ পিৰ দৰ ১ হাজাৰ ৫০০টকা দৰত বিক্ৰী কৰা বুলি একাংশ ক্রেতা  কৃষকে জানিবলৈ দিলে।  জনা মতে কৃষি বিভাগৰ শেহতীয়া নিৰ্দেশ মতে খুচুৰা সাৰ বিক্রেতা সকলক সাৰ বিক্ৰীৰ বাবে বাৰণ কৰি  বিতৰক সকলৰ জৰিয়তেহে  ইউৰিয়া বিতৰণ ব্যৱসায় চলোৱাৰ দিয়া নিৰ্দেশৰ বাবে গঞা ক্ষুদ্ৰ ক্ষুদ্র কৃষক সকলে ২০-৩০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি এই সাৰ সংগ্ৰহ কৰিব পৰা নাই।

যাৰ বাবে এইসকল গঞা ক্ষুদ্ৰ কৃষক এইবাৰ এই সৰিয়হৰ খেতিৰ লগতে সংযুক্ত বিভিন্ন খেতি যেনে আলু ,ৰঙালাও আদি খেতিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। এনেবোৰ বিতৰক প্ৰতিষ্ঠানে  কম পৰিমাণৰ ইউৰিয়া বিক্ৰী কৰাত মনোনিবেশ নকৰাৰ বাবে  ক্ষুদ্ৰ ক্ষুদ্ৰ চহা পৰিয়াল সমূহ ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰবল আশংকাই দেখা দিছে । 

ইপিনে এনেবোৰ গঞা কৃষকৰ প্ৰতি এনে অবিচাৰ হোৱাৰ সমান্তৰাল ভাৱে ৰাসায়নিক সাৰৰ নাটনিৰ অচিলাৰে  অত্যাধিক মূল্য বৃদ্ধি হোৱাৰো এক অভিযোগ উত্থাপিত হৈছে ।  ক্ষুব্ধ ক্রেতা কৃষক সকলে অভিযোগ কৰা মতে খুচুৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিক্রেতা সকলৰ জৰিয়তে এই সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হলে  কৃষক সকল যথেষ্ট পৰিমাণে উপকৃত হোৱাৰ সম্ভাৱনা আছিল। কিন্তু তাকে নকৰি  বেপৰোৱা আৰু অকমন্য  কৃষি বিভাগে  কেৱল বিতৰক সকলৰ জৰিয়তেহে  বিক্ৰীৰ ব্যৱস্থা কৰি একপ্ৰকাৰৰ ছিণ্ডিকেট সদৃশ পৰিবেশৰ সূত্ৰপাত ঘটাত উদগনি দিয়া বুলি সৰ্বত্ৰ সমালোচিত হৈছে । 

ইপিনে মহকুমাটোৰ গৰিষ্ঠ সংখ্যক খুচুৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিক্রেতাৰ খবৰ লোৱা কালত জনা মতে সাম্প্ৰতিক সময়ত প্ৰচুৰ চাহিদা থকা ইউৰিয়া সাৰ খুচুৰা কেন্দ্ৰ সমূহত উপলব্ধ নোহোৱাত অন্য সাৰ যেনে ডি এ পি , এম অ পি, এছ এছ পি,চইল আদি বিক্ৰী বন্ধ সদৃশ হৈ পৰা বুলি আক্ষেপৰে জনালে।

এহাতে চৰকাৰী ৰাজ সাহায্য যুক্ত ইউৰিয়া বিচাৰি কৃষকৰ হাঁহাকাৰৰ বিপৰীতে  এচাম খুচুৰা বিক্রেতাই গ্ৰাহক বিচাৰি হাঁহাকাৰ কৰা পৰিস্থিতিয়ে  অনাগত সময়ত মহকুমাটোৰ কৃষি খণ্ডত ব্যাপক নেতিবাচক প্ৰভাৱ যে পেলাব সেয়া নিশ্চিত হৈ পৰিছে। বিপৰীতে ঢকুৱাখনাৰ কৃষিজীৱী ৰাইজক চৰকাৰী  ৰাসায়নিক সাৰ প্ৰদানৰ বেলিকা মহকুমাটোত উদ্ভৱ হোৱা এনে কৃত্ৰিম নাটনি আৰু  জটিল পৰিস্থিতিৰ নীৰৱ দৰ্শক হৈ উপভোগ কৰিছে  সততে কৃষি খণ্ডৰ উন্নয়নৰ দম্ভালি মৰা কৃষি।মন্ত্ৰী অতুল বৰা আৰু কৃষি ভৱনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in