ঢকুৱাখনাৰ দক্ষিণ চাপৰিত ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ বিদ্যুৎ নিয়ন্ত্ৰণ কেন্দ্ৰ

ঢকুৱাখনা বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলবাসীৰ বাবে এটা সুখবৰ।

author-image
Asomiya Pratidin
New Update
rwe4wewew

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলবাসীৰ বাবে এটা সুখবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা ,উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে বৃহত্তৰ পশ্চিম মাছখোৱাবাসীলৈ ইতিবাচক খবৰ কঢ়িয়াই আনিছে বিদ্যুৎ বিভাগে। 

অঞ্চলটোৰ বিদ্যুৎ গ্ৰাহক সকলৰ প্ৰতি নিৰন্তৰ আৰু নিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্ৰস্থল দক্ষিণ চাপৰিৰ নেওগঘুলিত স্থাপন কৰা হৈছে  ৫ এম ভি এ ক্ষমতা সম্পন্ন বিদ্যুৎ নিয়ন্ত্ৰণ কেন্দ্ৰ। এ আই আই বি শিতানৰ ৫ কোটি ব্যয় সাপেক্ষে এই নিয়ন্ত্ৰণ কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।

WhatsApp Image 2026-02-10 at 6.53.52 PM (1)

কেন্দ্ৰটোত বিদ্যুৎ বিভাগে নিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰাৰ সকলো যন্ত্ৰপাতি সংস্থাপন কৰি গ্ৰাহকৰ বাবে উৎসৰ্গা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ অভিযন্তা আদিত্য কুমাৰ তামুলীয়ে জনোৱা মতে, কেন্দ্ৰটোলৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ সৰবৰাহ কৰাৰ বাবে মাছখোৱাৰ পৰা ঢকুৱাখনা-মাছখোৱা লোকনিৰ্মাণ পথৰ দাঁতিৰে বিদ্যুৎ খুঁটা স্থাপন কৰি গোবিন্দপুৰ চাৰিআলিহৈ কেন্দ্ৰটোত সংযোগ কৰা হৈছে।

WhatsApp Image 2026-02-10 at 6.53.52 PM

প্ৰায় ১৬'৫ কিলোমিটাৰ দৈৰ্ঘৰ ৩৩ কে ভি এই বিদ্যুৎ  পৰিবাহী লাইনৰ পৰীক্ষণমূলক প্ৰবাহ কাইলৈ সম্পন্ন কৰা হব । মাছখোৱা নিয়ন্ত্ৰণ কক্ষৰ পৰা দক্ষিণ চাপৰি কেন্দ্ৰ সংযোগ কৰা এই বিদ্যুৎ পৰিবাহী লাইনৰ দাঁতিত বাস কৰা জনসাধাৰণৰ প্ৰতি  বিদ্যুৎ বিভাগে সতৰ্কতা মূলক জাননী জাৰি কৰিছে । বুধবাৰে ১১ ফেব্ৰুৱাৰীৰ দিনৰ ১০ বজাৰ পৰা এই বিদ্যুৎ লাইনৰ খুঁটা ,তাঁৰ আদি স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

WhatsApp Image 2026-02-10 at 6.53.51 PM (1)

এই  ৩৩ কে ভি বিদ্যুৎ পৰিবাহী লাইনৰ পৰীক্ষামূলক প্ৰবাহ ১১ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা যিকোনো মুহূৰ্তত আৰম্ভ হব বুলি জানিবলৈ দি এই লাইনৰ দাঁতিকাষৰীয়া গাঁও সমূহৰ লগতে গোবিন্দপুৰ, থেকেৰাগুৰি, হাৰ্হি ,দক্ষিণ চাপৰি, লোটাচুৰ, ইন্দুৰ, বৰবিল, ভোমা ,মাতমৰা ,কৰ্দৈগুৰি আদি গাঁওৰ বাসিন্দা সকলকো এই সতৰ্কতা পালন কৰিবলৈ আহ্বান জনাইছে বিদ্যুৎ উপ সংমণ্ডল অভিযন্তা আদিত্য কুমাৰ তামুলীয়ে। অন্যথা কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হলে বিদ্যুৎ বিভাগ দায়বদ্ধ নহয় বুলি সকীয়াই দিছে।

WhatsApp Image 2026-02-10 at 6.53.51 PM

উল্লেখযোগ্য যে, পূৰ্বে ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডল কেন্দ্ৰৰ হিলৈদাৰী ফিডাৰৰ জৰিয়তে এনেবোৰ অঞ্চলত বিদ্যুৎ যোগান ধৰি অহা হৈছিল । পৰৱৰ্তী সময়ত দক্ষিণ চাপৰি  নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা এই সমূহ গ্ৰামাঞ্চলত নিয়মীয়া বিদ্যুৎ যোগান ধৰা হব।

ঢকুৱাখনা