/asomiyapratidin/media/media_files/2026/02/16/hkkjdfkjdff-2026-02-16-23-53-06.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিছে । দিনে নিশাই আৰক্ষীৰ বাহনৰ চাইৰেণৰ শব্দই ঢকুৱাখনা সদৰৰ ৰাজপথ গৰম কৰি থকাৰ মাজতে আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই সোমবাৰে সংঘটিত হ'ল এক ডকাইতি কাণ্ড । দিন দুপৰতে দুজনীয়া দুষ্কৃতিকাৰী যুৱকে ঢকুৱাখনাৰ ৰাজপথত এক দম্পত্তিৰ পৰা কাঢ়ি নিলে ৫ লাখ টকা ।
ঘটনাৰ বিৱৰণী মতে, সোমবাৰে দুপৰীয়া ভাৰতীয় ষ্টেট বেঙ্কৰ ঢকুৱাখনা শাখাৰ পৰা সাঁচতীয়া ধন উলিয়াবলৈ আহিছিল ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত কমাৰ গাঁৱৰ দম্পত্তি বুলেন দত্ত আৰু দীপালী দত্তই। দুপৰীয়া বেংকৰ পৰা ধন উলিয়াই নিজা স্কুটি বাহনেৰে ঘৰলৈ বুলি ৰাওনা হৈছিল ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথেৰে । এনেতে এখন দুচকীয়া বাহনত ফুলমাস্ক হেলমেট পৰিহিত দুজন ব্যক্তিয়ে দত্ত দম্পত্তিক অনুসৰণ কৰি কিছু দূৰ গৈ কোঁৱৰ গাঁওৰ অংশত দত্তৰ স্কুতিখন আগভেটি ৰখাই এটা বেগত নিয়া টকাখিনি কাঢ়ি লৈ উধাও হয় ৰাজপথেৰে ।
ঘটনাৰ আকস্মিকতাত বিস্মিত দম্পত্তিয়ে পৰৱৰ্তী সময়ত ঢকুৱাখনা সদৰ থানাত এই ডকাইতি সন্দৰ্ভত অৱগত কৰে । কিন্তু আৰক্ষীয়ে বেংক কৰ্তৃপক্ষৰ সৈতেহে যোগাযোগৰ পৰামৰ্শ আগবঢ়াই ভুক্তভোগী মহিলাগৰাকীক ।পাছত বেংক কৰ্তৃপক্ষক অভিযোগ দিয়াত কৰ্তৃপক্ষই যথোচিত গুৰুত্ব আৰোপ নকৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। তাৰোপৰি বেংকৰ পৰা লাভ নকৰিলে অন্যান্য সহযোগিতা। পাছত ঢকুৱাখনা আৰক্ষী গৈ এই সন্দৰ্ভত তদন্ত কৰে।
ঢকুৱাখনা সমজিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ বড়োৱে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি বিভিন্ন প্ৰতিষ্ঠানৰ চি চি কেমেৰাৰ ফুটেজ আহৰণ কৰি কিছু তথ্য সংগ্ৰহ কৰিছে । উল্লেখ্য যে, ঢকুৱাখনা নগৰত দিনদুপৰতে ডকাইতি কাণ্ড সংঘটিত কৰি জনজীৱন অতিষ্ঠ কৰা ঘটনাই সাধাৰণ নাগৰিকৰ জীৱন বিপদাপন্ন কৰি তুলিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us