ঢকুৱাখনাত উদ্ধাৰ যুৱকৰ মৃতদেহঃ অঞ্চলজুৰি চাঞ্চল্য

পবিত্ৰ জন্মাষ্টমী দিনাই ঢকুৱাখনাত সংঘটিত হল এক অঘটন। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মহেমাৰীৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এটা মৃতদেহ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পবিত্ৰ জন্মাষ্টমী দিনাই ঢকুৱাখনাত সংঘটিত হল এক অঘটন। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মহেমাৰীৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এটা মৃতদেহ। জামুগুৰি-কঢ়াঘাট বাইপাছৰ মহেমাৰীৰ অংশৰ এটা উপপথৰ দাঁতিত দুপৰীয়া উদ্ধাৰ হয় পুৰুষৰ মৃতদেহটো।

জিন্স পেন্ট আৰু বগা চাৰ্ট পৰিহিত মৃত ব্যক্তিজন ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত চাউৰেকীয়া গাঁওৰ ধৰ্মেশ্বৰ গগৈ বুলি চিনাক্ত কৰা হৈছে। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিজন অজ্ঞাত ব্যক্তিৰ বাইকত উঠি কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত অকাল মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উথাপিত হৈছে। কি পৰিস্থিতিত ঘৰৰ পৰা বহু দূৰৰ নিৰ্জন স্থান ৰাজপথৰ দাঁতিত মৃত অৱস্থাত ব্যক্তিজন পৰি আছিল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। 

দৰিদ্ৰ, নিঃস্ব, কৰ্মক্ষম ব্যক্তিজনৰ মৃত্যু স্বাভাৱিক কাৰণত নে অন্য কিবা কাৰণ আছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছত পোহৰলৈ আহিব। প্ৰত্যক্ষদর্শীৰ খবৰৰ ভিত্তিত আত্মীয়ই গৈ ব্যক্তিজনৰ কাষত উপস্থিত হয় যদিও ব্যক্তিজনে ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰে। পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষীক অৱগত কৰাত আৰক্ষী গৈ ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিছে।

সম্প্ৰতি ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দৰিদ্ৰতাৰ সতে যুঁজি নিজস্ব কৰ্মশক্তিৰ জৰিয়তে নিঃস্ব জীৱন নিৰ্বাহ কৰা বয়স্ক ব্যক্তিজনৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। গাঁওখনৰ গুণগ্ৰাহী যুৱ সমাজে স্বেচ্ছাই আৰ্থিক বৰঙণি আগবঢ়াই বিধিগত প্ৰক্ৰিয়া সম্পন্ন কৰাত সহযোগিতা কৰাৰ লগতে শোকাহত পৰিয়ালৰ কাষত থিয় হৈ আৰ্থিক কায়িক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

ঢকুৱাখনা