/asomiyapratidin/media/media_files/2026/01/17/f3659dc3-6080-480e-a82f-b87d54868a51-2026-01-17-12-18-55.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ভোগালীৰ বতৰত এক মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে ঢকুৱাখনাত । ঢকুৱাখনা সমজিলাৰ এগৰাকী বয়স্ক ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢকুৱাখনা আৰু মাছখোৱাত । সংগৃহীত তথ্য মতে ঢকুৱাখনাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কৰৈগুৰি গাঁওৰ মহানন্দ খনিকৰ(৬৮) ভোগালী বিহুৰ উৰুকাৰ পাছতে আত্মীয়ৰ ঘৰত বিহু খাবলৈ বুলি নিজৰ চাইকেলখনক সাৰথি কৰি ঘৰৰ পৰা ওলাই গৈছিল স্বাভাৱিক ভাবে।
প্ৰথমে হাবুংৰ সমীপত থকা কন্যাৰ ঘৰত বিহু খাই মধুপুৰ কেছেৰুগুৰিৰ সমীপত অৱস্থিত বোৱাৰীৰ ঘৰত সোমাই যোৱাৰ লক্ষ্যৰে কন্যাৰ ঘৰৰ পৰা সুস্থ ভাবেই ৰাওনা হৈছিল নিজা বাইচাইকেলেৰে । পৰিয়ালৰ সূত্ৰই জনোৱা মতে মাছখোৱাৰ চৌখাম গাঁওৰ কন্যাৰ ঘৰলৈ যোৱাৰ পথৰ কেছেৰুগুৰি- বৰজানৰ পথৰ দাঁতিত শনিবাৰে পুৱা উদ্ধাৰ হয় বয়স্ক ব্যক্তি খনিকৰৰ মৃতদেহ ।
শনিবাৰে পুৱা স্থানীয় ৰাইজে পথৰ দাঁতিত চাইকেল সহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি মাছখোৱা আৰক্ষীক খবৰ দিয়ে । মাছখোৱা আৰক্ষী চকীৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আহি ব্যক্তিজনৰ নিথৰ দেহ উদ্ধাৰ কৰি জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
সুস্থ ভাবে আত্মীয়ৰ ঘৰলৈ যোৱা ব্যক্তিজনৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনাজনিত নে অন্য কিবা সেয়া অদ্যপি পোহৰলৈ অহা নাই । আৰক্ষীৰ তদন্তৰ পাছত মৃত্যুৰ প্ৰকৃত কাৰণ আৰু সকলো দিশ পোহৰলৈ আহিব।সংবাদ মাধ্যমক মৃতকৰ আত্মীয়ই এই মৰ্মান্তিক ঘটনাৰ আঁৰত অন্য কাৰণ জড়িত থকাৰো গভীৰ আশংকা ব্যক্ত কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us