/asomiyapratidin/media/media_files/2026/02/12/dhakuakhananana-2026-02-12-20-05-11.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শ্ৰমিক সমাজৰ প্ৰতি অভিশাপ স্বৰূপ শ্ৰম ক’ড বাতিলৰ দাবীত বৃহস্পতিবাৰে ঢকুৱাখনাত পালন কৰা হয় সাধাৰণ ধৰ্মঘট কাৰ্যসূচী। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে এই দাবীৰ সমৰ্থনত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।
ঢকুৱাখনা নগৰৰ গণেশ গগৈ প্ৰেক্ষাগৃহৰ প্ৰাঙ্গনত দুপৰীয়া এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দলৰ আঞ্চলিক সমিতিয়ে । কাৰ্যসূচীত দলৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সদস্য গোপাল গগৈ , ঢকুৱাখনা আঞ্চলিক সমিতিৰ সম্পাদক গহীন চুতীয়া , সদস্য পূৰ্ণানন্দ ফুকন ,টংকেশ্বৰ গগৈ , লখিমপুৰ জিলা সমিতিৰ সম্পাদক অমিয় কুমাৰ সন্দিকৈ আদি কেইবাগৰাকী নেতৃত্বই অংশগ্ৰহণ কৰে।
গৰিষ্ঠ সংখ্যক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী, শ্ৰমিক, কৃষকৰ সহযোগিতাত প্ৰতিবাদী সমদলকাৰীসকলে হাতে হাতে মাৰাত্মক শ্ৰম ক’ড বাতিল কৰক, মেহনতি শ্ৰমিকৰ প্ৰতি অভিশাপ স্বৰূপ শ্ৰম ক’ড প্ৰত্যাখ্যান কৰক , এম জি এন ৰেগাৰ বিলুপ্তি ঘটাই প্ৰৱৰ্তন কৰা ভিভিজি ৰামজি আইন শীঘ্ৰে বাতিল কৰক, দেশৰ সংবিধান সুৰক্ষিত কৰক আদি দাবী সম্বলিত প্লে' কাৰ্ড লৈ ঢকুৱাখনা নগৰৰ ৰাজপথত সমদল বাহিৰ কৰে।
নগৰাঞ্চল পৰিভ্ৰমণ কৰি পুনৰ গণেশ গগৈ প্ৰেক্ষাগৃহত সমবেত হৈ প্ৰতিবাদী সমদলৰ সামৰণি মাৰে। এই সন্দৰ্ভত অনুষ্ঠিত এক প্ৰতিবাদী সভাত ৰাজ্যিক সদস্য গোপাল গগৈ, আঞ্চলিক সম্পাদক গহীন চুতীয়া, জিলা সম্পাদক অমিয় কুমাৰ সন্দিকৈ আদিয়ে দাবীসমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়।
প্ৰতিবাদী সভাত ৰাজ্যিক সদস্য গোপাল গগৈয়ে দেশৰ ২৯খন শ্ৰম আইন চক্ৰান্তমূলকভাৱে বাতিল কৰি ৪খন শ্ৰম ক’ড বনাই ২০২০ চনত কৌশলেৰে গৃহীত কৰা শ্ৰমিক বিৰোধী কাৰ্যৰ সমালোচনা কৰে। গগৈয়ে শ্ৰমিকসকলৰ অধিকাৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি স্বৰূপ এই মাৰাত্মক শ্রম ক’ড ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা দেশজুৰি প্ৰৱৰ্তন কৰাৰ হঠকাৰী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰাৰ আহ্বান জনায় এই বিতৰ্কিত শ্রম ক’ড শ্ৰমিকৰ ওপৰত ভয়ংকৰ আক্ৰমণ বুলি অভিহিত কৰে।
গগৈয়ে এমজিএনৰেগাৰ বিলুপ্তি ঘটাই নতুন নামাকৰণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজিৰ তাৰতম্য ঘটাই অসমৰ দৰে ৰাজ্যসমূহক নিঃশেষ কৰাৰ গেৰুৱা দল আৰু চৰকাৰে চক্ৰান্ত কৰা বুলি অভিযোগ উত্থাপন কৰে। তাৰোপৰি বিতৰ্কিত "হিট এণ্ড ৰাণ" আইনৰো বিৰোধিতা কৰি বক্তব্য আগবঢ়াই ৰাজ্যিক সদস্যগৰাকীয়ে।
উল্লেখযোগ্য যে, ৭টা শ্ৰমিক সংগঠনৰ সমৰ্থনৰ লগতে চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ সমৰ্থনত বৃহস্পতিবাৰে দেশজুৰি আহ্বান জনোৱা বন্ধ কাৰ্যসূচীৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে সাব্যস্ত কৰা এই প্ৰতিবাদী সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ সৰ্বাত্মক প্ৰভাৱ পৰে ঢকুৱাখনাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us