/asomiyapratidin/media/media_files/2025/12/10/448-2025-12-10-17-44-30.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্রাণ আহুতি দিয়া প্ৰথমগৰাকী জাতীয় বীৰ খৰ্গেশ্বৰ তালুকদাৰৰ পুন্যাত্মাৰ পবিত্ৰ স্মৃতিত বুধবাৰে পালন কৰা হয় শ্বহীদ দিৱস। বুধবাৰে অসম গণ পৰিষদৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ঘিলামৰাত অনুষ্ঠিত কৰা হয় শ্বহীদ দিৱস।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-imag-2025-12-10-17-42-44.jpeg)
বিধানসভা সমষ্টি সমিতিৰ অন্তৰ্গত সকলো আঞ্চলিক সমিতিৰ সহযোগিতাত ঘিলামৰা গণ পৰিষদৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত দিৱসৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সভাপতি দুলাল দত্তই । অগপ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য মহেশ দলে ,সাধাৰণ পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙ্গীয়া, জিলা প্ৰতিনিধি ৰাজেন্দ্ৰ প্ৰসাদ গগৈ, উপসভাপতি কালুৰাম দলে,হৰেন দত্ত, মহিলা পৰিষদৰ সভানেত্ৰী ৰূপাঞ্জলী চুতীয়া, সম্পাদিকা ৰীতাৰাভা শইকীয়া, নিতুমনি গগৈ ,যুৱ পৰিষদৰ সম্পাদক গৌতম শৰ্মাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া , ঘিলামৰা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থকা দিৱসত অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদৰ বিৰল ত্যাগৰ সশ্ৰদ্ধ স্মৰণ কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2-2025-12-10-17-41-55.jpeg)
সেই উপলক্ষত শ্বহীদ তৰ্পণ অনুষ্ঠানৰ আৰম্ভণী কৰে ঢকুৱাখনাৰ শ্বহীদ পৰিয়ালৰহৈ হেমন্ত পায়েঙে । ইয়াৰ পাছতে সমজুৱাভাৱে শ্বহীদ স্মৰণ কৰা হয় । অসম আন্দোলনৰ প্ৰতিগৰাকী বীৰ বীৰাংগনাৰ মহান ত্যাগ আৰু আদৰ্শ সুঁৱৰি সম্পাদক সমুজ্জল চেতিয়াই আঁত ধৰা সমগ্ৰ অনুষ্ঠানত উপদেষ্টা হিৰণ্য বৰগোহাঁইয়ে সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰি জাতীয় শ্বহীদ সকলৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।
ইপিনে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগটো ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত কৰা হয় শ্বহীদ দিৱস । সমজিলাখনৰ বিভিন্ন বিভাগ আৰু শিক্ষানুষ্ঠানৰ অংশগ্ৰহনেৰে দিন জোৰাকৈ সফল ভাবে অনুষ্ঠিত হয় শ্বহীদ দিৱস ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us