/asomiyapratidin/media/media_files/2025/09/08/bgjuuytgfdfewfr-2025-09-08-21-54-26.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতৰত্ন সংগীত সূৰ্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত ঢকুৱাখনা নগৰৰ গণেশ গগৈ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা হয় এই জন্ম শতবাৰ্ষিকী অনুষ্ঠান।
সমজিলাখনৰ ভিন্ন প্ৰান্তত পুৱা হাজৰিকাৰ নিৰ্বাচিত গীত পৰিবেশন, বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠান, গাঁও পঞ্চায়ত কাৰ্য্যালয় আদিত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই, পুষ্প মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতেই সমজিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় সমূহত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ উপৰিও দুপৰীয়া গণেশ গগৈ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ অনুষ্ঠান। এই অনুষ্ঠানত ঢকুৱাখনা সমজিলাৰ আয়ুক্ত সংস্কৃতি সুমানীয়ে বন্তি প্ৰজ্বলন কৰি আদৰণি ভাষণ আগবঢ়ায়।
সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰাহুল প্ৰসেনজিৎ গগৈ, গৌৰাংগ দত্ত, আল্যমান ফিৰদৌছ আহমেদ, সমজিলা সাংস্কৃতিক বিষয়া ইভালিনা পাঠক, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক সৌৰভ বৰফুকন, খণ্ড উন্নয়ন বিষয়া চালেহ হেদায়ত হুছেইন আদিৰ উপৰি বিভিন্ন বিভাগৰ মুৰব্বী ,বিষয়া কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানৰ পাছতে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ বিদ্যাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা । মুঠ ১৭ টা গ্রুপত গৰিষ্ঠ সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। কবি ৰাজীৱ তামুলী আৰু মৃণালী গোহাঁইয়ে আঁতধৰা জনাকীৰ্ণ অনুষ্ঠান ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ কেশৱ হাজৰিকাই নিৰ্ধাৰিত বিষয় বস্তুৰ ওপৰত গৱেষণালব্ধ বক্তব্য আগবঢ়াই । বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে সংগীতসূৰ্য ডঃ হাজৰিকাৰ বৰ্ণময় জীৱন চৰ্যা, অতুল্য সৃষ্টিশীলতা আৰু মানৱ দৰদী ভাষা সাহিত্যৰ ওপৰত মননশীল বক্তব্যৰ লগতে সুধাকণ্ঠৰ বহু কেইটা শ্ৰুতিমধুৰ গীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। সন্ধিয়ালৈ সমজিলা আয়ুক্ত ছুমানি উদ্বোধনী ভাষণেৰে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।
তাৰোপৰি উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ উদ্যোগত কাৰ্য্যালয়ৰ সমীপৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত দিনজোৰাকৈ উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান । পঞ্চায়ত সভানেত্ৰী গীতাঞ্জলি চেতিয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানৰ পাছতেই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ কৰে খণ্ড উন্নয়ন বিষয়া চালেহ হেদায়ত হুছেইনে। সমাধি ক্ষেত্ৰত শিক্ষক শিক্ষাৰ্থী, স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি সুধাকণ্ঠৰ জন্ম দিৱস উদযাপন কৰাৰ লগতে ডঃ বিৰচিত বহু কেইটা গীত পৰিবেশনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ দুগুণ বৃদ্ধি কৰে ।