/asomiyapratidin/media/media_files/2025/10/03/cxcxdsewdvchxxzxdsas-2025-10-03-23-22-53.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ৫২ নং তিনি গাঁও আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় । ১৮৯৭ চনত প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ৰ অবসৰী শিক্ষাগুৰু হৰেন দত্ত আৰু তিলেশ্বৰী শইকীয়াৰ সশ্ৰদ্ধ স্মৃতিত গঠিত হৰেণ দত্ত -তিলেশ্বৰী দত্ত স্মাৰক ন্যাসৰ উদ্যোগত শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় স্মাৰক শৈক্ষিক বঁটা ।
৫২ নং তিনি গাঁও আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত দুপৰীয়া অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় বন্তি প্ৰজ্বলনেৰে। বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাগুৰু ক্ৰমে হৰেন দত্ত আৰু তিলেশ্বৰী শইকীয়াৰ লগতে জুবিন গাৰ্গৰ প্ৰতিকৃতিত ধূপ বন্তি জ্বলাই ,পুষ্প প্ৰদানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰবীণ শিক্ষাবিদ ললিত চন্দ্ৰ বৰা আৰু ভাৰতী দত্তই। প্ৰবীণ শিক্ষাবিদ , জ্যেষ্ঠ নাগৰিক পৃথু বৰাই সঞ্চালনা কৰা এই মনোজ্ঞ অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ঢকুৱাখনা সমজিলাৰ সহকাৰী আয়ুক্ত গৌৰাংগ দত্ত ,ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নবনিতা হাজৰিকা, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেম বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ বৰুৱা আদিয়ে। তাৰোপৰি সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই প্ৰাক্তন ছাত্ৰ গৌতম বৰুৱা, বগেন কোচ ,প্ৰধান শিক্ষয়িত্ৰী জুনু দত্ত আদিয়ে ।
ন্যাসৰ সচিব পলিকা দত্তৰ "মমতাৰ চিঠি" শীৰ্ষক কবিতা পাঠ, সহকাৰী সঞ্চালক জীৱন জ্যোতি দত্তৰ হৃদয়স্পৰ্শী গীত , বঁটা প্ৰাপক ছাত্ৰী জ্যোতি শিখা চুতীয়াৰ শ্ৰুতিমধুৰ গীত পৰিবেশনেৰে জীপাল হৈ পৰা অনুষ্ঠানত শিক্ষাসদী ৰাইজ , বিদ্যালয় মাতৃ গোট , বিদ্যালয় পৰিচালনা সমিতি , শিক্ষক শিক্ষাৰ্থী আদি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ পৰা চতুৰ্থ শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপক জ্যোতি শিখা চুতীয়াক ন্যাসৰ তৰফৰ পৰা "হৰেন দত্ত - তিলেশ্বৰী দত্ত স্মাৰক শৈক্ষিক বঁটা" ২০২৫ প্ৰদান কৰা হয়।
পৰিয়ালবর্গৰ হৈ পবিত্ৰ দত্তই আঁত ধৰা সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত মেধাৱী শিক্ষাৰ্থী জ্যোতি শিখা চুতীয়াক ন্যাসৰ সঞ্চালক তাপশ বৰা , সহ সঞ্চালক জীৱন জ্যোতি দত্ত আৰু সচিব পলিকা দত্তই অভ্যাগত বিশিষ্ট অতিথি সকলৰ সহযোগিতাত গামোচা, স্মাৰক, অমূল্য গ্ৰন্থ সম্ভাৰ আৰু শিকন সামগ্ৰীৰ টোপোলা প্ৰদান কৰাৰ উপৰিও নগদ ধন বিশিষ্ট স্মাৰক বঁটা প্ৰদান কৰে ।
সচিব পলিকা দত্তৰ ন্যাসৰ লক্ষ্য উদেশ্য আৰু পিতৃ মাতৃৰ সশ্ৰদ্ধ স্মৰণ কৰি প্ৰদান কৰা চমু ভাষণৰ পাছতেই স্মাৰক বক্তৃতা আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ কমল বৰাই। বৃহত্তৰ অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক শিক্ষানুৰাগী ,অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু বহু সংখ্যক বয়স্ক নাগৰিক উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত ন্যাসৰ বঁটা প্ৰাপক শিক্ষাৰ্থী গৰাকীয়েও চমু বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত উপস্থিত অভ্যাগত বক্তা সকলে ন্যাসৰ এই মহান প্ৰয়াসৰ শলাগ লয় আৰু ভৱিষ্যতৰ দিনত অধিক বহল পৰিসৰত এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াই। ন্যাসৰ হৈ পবিত্ৰ দত্তই বিদ্যালয়খনৰ প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থী সকলৰ মাজত অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি আৰু প্ৰতিযোগিতামূলক অধ্যয়নৰ প্ৰাসংগিকতা সাৰ্বজনীন কৰা আৰু মেধাবী শিক্ষাৰ্থীক উদগনি প্ৰদানৰ লক্ষ্যৰে অনাগত শিক্ষাবর্ষ সমূহতো ন্যাসে এনে শৈক্ষিক বঁটা প্ৰদান কৰি যাব বুলি অৱগত কৰি সকলোৰে শলাগ লয় ।