ঢকুৱাখনাৰ আঘোণৰ পথাৰত আধ্যাত্মিক পৰিবেশ

ঢকুৱাখনাৰ আঘোণৰ পথাৰত বুধবাৰে এক নান্দনিক পৰিবেশৰ সূচনা হয়  । প্ৰাত্যহিক ব্যস্ততাকো আওকান কৰি  ঢকুৱাখনাৰ গৰিষ্ঠসংখ্যক পুৰুষ- মহিলা, ভকত বৈষ্ণৱ নামি পৰিলে আঘোণৰ পথাৰত ।

author-image
Asomiya Pratidin
New Update
460

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ আঘোণৰ পথাৰত বুধবাৰে এক নান্দনিক পৰিবেশৰ সূচনা হয়  । প্ৰাত্যহিক ব্যস্ততাকো আওকান কৰি  ঢকুৱাখনাৰ গৰিষ্ঠসংখ্যক পুৰুষ- মহিলা, ভকত বৈষ্ণৱ নামি পৰিলে আঘোণৰ পথাৰত । এই আগমন পিছে লখিমী চপাবলৈ নহয় ।

ঢকুৱাখনাৰ কেমেৰা পুখুৰী দীঘলা গাঁওত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক পৰ্য্যায়ৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে পথাৰৰ নৰা কাটিবলৈ এনে উৎসাহপূৰ্ণ পৰিবেশ । উল্লেখযোগ্য যে গাঁওখনৰ জিলা নামঘৰৰ মাধৱ ক্ষেত্ৰত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৩৯ সংখ্যক ৰাজ্যিক অধিবেশন অনুষ্ঠিত হব অহা ২০২৬ বর্ষৰ ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত ।

WhatsApp Image 2025-12-11 at 11.28.39 AM


ঢকুৱাখনা জিলা সত্ৰ সমাজৰ আতিথ্যত তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হব লগা এই ৰাজ্যিক অধিবেশনৰ বাবে বুধবাৰে কেমেৰা পুখুৰী পথাৰত সমূহীয়া ভাবে নৰা কটা পৰ্ব শুভাৰম্ভ কৰা হয় । সত্ৰ সমাজৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ সম্পাদক দিপুল শইকীয়া , সহকাৰী সম্পাদক দেবেন শইকীয়া ,প্ৰণৱ বৰপাত্ৰ গোঁহাইকে প্ৰমুখ্য কৰি সত্ৰ সমাজৰ সকলো ধৰ্মপ্ৰাণ বুঢ়া মেঠা ,আই বাপ সমস্ত আহি দেওবাৰে দুপৰীয়া ব্যস্ত হয় নৰা কটাত ।

জগত গুৰুজনাৰ আদৰ্শ বিস্তাৰৰ লক্ষ্যৰে অনুষ্ঠিত এই পবিত্ৰ ৰাজ্যিক  অনুষ্ঠান ভাগি  সৰ্বতো প্ৰকাৰে সফলতাৰে সম্পন্ন হোৱাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই পথাৰত । ইয়াৰোপৰি গুৰুবন্দনাৰে চাকি বন্তি জ্বলাই ভকত বৈষ্ণবে  মুখত হৰি নামৰ  অমিয়া সুৰৰ মূৰ্ছনা তুলি নৰা কটাত ব্যস্ত হয় ।

সুদীর্ঘ সময় ভক্তপ্ৰাণ আই বাপ সমস্তই পথাৰৰ নৰা কাটি জিলা নামঘৰলৈ কঢ়িয়াই আনি এই প্ৰক্ৰিয়া নিৰন্তৰভাৱে অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে  । ৰাজ্যিক অধিবেশন ভাগি অনুষ্ঠিত কৰাৰ এই প্ৰাৰম্ভিক পৰ্বৰ শুভাৰম্ভ কৰি অভ্যৰ্থনা সমিতিৰ সম্পাদক দিপুল শইকীয়াই সত্ৰ সমাজৰ অন্তৰ্গত প্ৰায় ২২খন জিলা সমিতিৰ তিনি শতাধিক শাখা সমিতিৰ ভকত বৈষ্ণৱৰ এই অধিবেশনলৈ আগমন ঘটিব বুলি অৱগত কৰি এই তিনি দিনীয়া ৰাজ্যিক অধিবেশন সাফল্য মণ্ডিত কৰাৰ বাবে ৫৭লাখ টকাৰ এক বাজেট প্ৰস্তুত কৰি অভ্যৰ্থনা সমিতিৰ অধীনত মুঠ ২০খন উপ সমিতি গঠন কৰা হৈছে বুলি জনালে । ইয়াৰোপৰি অহা ১৪ ডিচেম্বৰ দেওবাৰে মাধৱ ক্ষেত্ৰত এই ৰাজ্যিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হব  ।

সত্ৰ সমাজৰ ২২খন জিলাৰ ২৫ সহস্ৰাধিক ভকত বৈষ্ণবৰ আগমন ঘটাৰ সম্ভাৱনা থকা উক্ত মূল অধিবেশনৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন অনুষ্ঠানলৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধৰ্ম প্ৰাণ ৰাইজ ,ভকত বৈষ্ণবৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে ।

ঢকুৱাখনা