‘ছাত্ৰকাল জীৱনৰ সোণাময় ক্ষণ’

ছাত্ৰকাল জীৱনৰ আটাইতকৈ সোণাময় ক্ষণ। এই ক্ষণৰ প্ৰতিটো পলৰ সদ্ব‍্যৱহাৰে শিক্ষাৰ্থীৰ জীৱন জাতিষ্কাৰ কৰি তোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  ছাত্ৰকাল জীৱনৰ আটাইতকৈ সোণাময় ক্ষণ। এই ক্ষণৰ প্ৰতিটো পলৰ সদ্ব‍্যৱহাৰে শিক্ষাৰ্থীৰ জীৱন জাতিষ্কাৰ কৰি তোলে। পুথিগত শিক্ষাৰ লগতে আনুষংগিক বিষয়ৰ জ্ঞান লাভৰ প্ৰতি ধাউতি থকা শিক্ষাৰ্থীয়ে জীৱনত কেতিয়াও পাছলৈ ঘূৰি চাব লগা নহয়। এই মন্তব্য মাজুলী মহাবিদ‍্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ । 

প্ৰাণিধানযোগ্য যে ঢকুৱাখনাৰ কাইজেন একাডেমিত বাৰ্ষিক ক্ৰীড়া সমাৰোহ সম্পন্ন। ঢকুৱাখনাৰ কাইজেন একাডেমিৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠ বাৰ্ষিক ক্ৰীড়া সমাৰোহ -২০২৫ৰ বঁটা বিতৰণী। এই  সভাত নিৰ্দিষ্ট বক্তা আসনৰ পৰা এই তত্বগধূৰ মন্তব্য আগবঢ়াই শিক্ষাবিদ ডঃ শইকীয়াই । 

তাৰোপৰি একাডেমিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জনাকীৰ্ণ মুকলি সভা একাডেমিৰ সঞ্চালক পূৰ্ণানন্দ গগৈৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে। ঢকুৱাখনাৰ সমজিলা আয়ুক্ত সংস্কৃতি সোমানীও উপস্থিত থাকি শৈক্ষিক জীৱনৰ সমান্তৰাল ভাৱে খেল-ধেমালিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষাৰ্থীসকলক  অৱগত কৰে । একাডেমিৰ উপ-সঞ্চালক ধৰ্মেন্দ্ৰ বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে কাইজেন চচাইটিৰ সভাপতি ভোলানাথ গগৈয়ে।

আনফালে,একাডেমিৰ শৈক্ষিক সমন্বয়ক কুমুদ চন্দ্ৰ শৰ্মাই অভ্যাগত সকলোকে আদৰণি জনায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনা স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ‍্যালয়ৰ অধ‍্যাপিকা মীনাক্ষী সেনাপতি, ঢকুৱাখনা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষা কল্পনা গগৈ, জ্যেষ্ঠ নাগৰিক পূৰ্ণ লাহন, কাইজেন একাডেমিৰ মুখ‍্য উপদেষ্টা বসন্ত শইকীয়া আৰু একাডেমিৰ কাৰ্যকৰী সভাপতি মনজিৎ সিং।  

ইৰোপৰি,কাইজেন একাডেমিৰ অধ‍্যক্ষ পি. এ. মাৰাক, গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষয়িত্ৰী , অভিভাৱক ,তিনি শতাধিক শিক্ষাৰ্থী আৰু একাডেমিৰ পৰিয়াল  উপস্থিত থকা সভাত একাডেমিৰ শিক্ষাৰ্থীসকলে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনেৰে পৰিবেশ জীপাল কৰি তোলে। 

উল্লেখ্য যে এই সভাতেই বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা বিদ্যাৰ্থী সকলক একাডেমিৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।

ঢকুৱাখনা