/asomiyapratidin/media/media_files/2025/08/11/ujdd-2025-08-11-09-15-47.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা ধোঁৱাচাংত তুলি নিৰ্বিচাৰ অনিয়ম দুৰ্নীতি সংঘটিত কৰা হৈছে ঢকুৱাখনা উন্নয়ন খণ্ডত। খণ্ডটোৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বহীন আৰু অৰ্থলোভী স্থিতিৰ লগতে বিভাগটোৰ একাংশ কৰ্মচাৰীৰ সুবিধাভোগী ভূমিকাৰ বাবে পৰ্বতসম বিত্তীয় অনিয়ম সংঘটিত হৈছে ঢকুৱাখনা খণ্ডত।
খণ্ডটোৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ পাছত এইবাৰ পোহৰলৈ আহিছে পূব ঢকুৱাখনা পঞ্চায়তৰ এম জি এন ৰেগা আঁচনিৰ ৰূপায়নত ভয়ংকৰ অনিয়মৰ ঘটনা। পঞ্চায়তখনৰ পূব ঢকুৱাখনা মোৱামাৰী গাঁওৰ হিতাধিকাৰী গীতাঞ্জলি দলেৰ বিপৰীতে আবন্টন হৈছিল এখন "ফাৰ্ম পণ্ড" আঁচনি। মীন পালনেৰে আত্মনির্ভৰশীল হোৱাৰ লক্ষ্যৰে আবন্তিত "ব্যক্তিগত হিতাধিকাৰী আঁচনি" শিতানত এই আঁচনিৰ ৰূপায়ণৰ প্রাৰম্ভিক স্তৰতে লাগিল কেনা ।
আঁচনিৰ বিপৰীতে আবন্তিত পুঁজিৰ প্ৰায় ৯৮ হাজাৰ টকাৰ প্ৰায় ১হাজাৰ ৭৯২ টকা হিতাধিকাৰীৰ জবকাৰ্ডৰ একাউন্টত যোৱা ৮আগষ্ট সোমাল । সমান্তৰাল ভাবে বুদ্ধেশ্বৰ পেগু ,ৰঘুনাথ পেগু , কস্পতি পেগুৰ একাউন্টত জবকাৰ্ডৰ বিপৰীতে ১ হাজাৰ ৭৯২ টকাকৈ সোমাল। তাৎপৰ্য পূৰ্ণ বিষয় হল এই আঁচনিৰ হিতাধিকাৰীৰ পৰিবৰ্তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা উলংঘা কৰি ৩৬ গৰাকী অন্য ব্যক্তিৰ একাউন্টত প্ৰতি জবকাৰ্ডৰ বিপৰীতে ১হাজাৰ ৭৯২ টকাকৈ সৰ্বমুঠ ৭১হাজাৰ ৬৮০ টকা সোমাল ।
তেনেদৰে পঞ্চায়তখনৰ ভোমা কপচান গাঁওৰ হিতাধিকাৰী মঞ্জিতা পাতিৰ নামত আবন্তিত "ফাৰ্ম পণ্ড" আঁচনিৰ নামত একাউন্টত ১৪ দিনৰ কৰ্মদিন দেখুৱাই ৮ আগষ্টত ৩ হাজাৰ ৫৮৪ টকা জবকাৰ্ডৰ জৰিয়তে প্ৰদান কৰিলে । একে আঁচনিৰ বিপৰীতে ৰোহিত দলেক ১৬ দিনৰ বাবদ জবকাৰ্ডৰ জৰিয়তে ৪হাজাৰ ৯৬ টকা আদায় দিলে উন্নয়ন খণ্ডই। কিন্তু নীতি বৰ্হিভূত ভাবে এই আঁচনিৰ পুঁজি অন্য ১৬ গৰাকী বেলেগ ব্যক্তিৰ জবকাৰ্ডৰ বিপৰীতে মুঠ ১৬ দিনৰ কাম কৰা দেখুৱাই মুঠ ৬৫ হাজাৰ ৫৩৬ টকা আদায় দিয়ে প্ৰতিদিনে ৪ হাজাৰ ৯৬ টকাকৈ ।
তদ্রুপ ভাবে পঞ্চায়তখনৰ ভোমা কপচান গাঁওৰ নেনা চুংক্ৰাংৰ আই বি এছ আঁচনি ৰূপায়ণৰ বেলিকাও একে দুৰ্নীতি অনিয়মৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে উন্নয়ন খণ্ডৰ অবিবেচকী বিষয়া কৰ্মচাৰীয়ে।পূব ঢকুৱাখনা পঞ্চায়তৰ সৰ্বত্ৰতে এম জি এন ৰেগা আঁচনিৰ জবকাৰ্ডৰ পুঁজি বিতৰণৰ ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ে গ্ৰহণ কৰা নীতি বৰ্হিভূত পদক্ষেপত তদানীন্তন খণ্ড উন্নয়ন বিষয়া, ভাৰপ্ৰাপ্ত গাননিক বিষয়া, পঞ্চায়ত সচিব, গ্ৰাম ৰোজগাৰ সহায়ক আদি প্ৰত্যক্ষ ভাবে জড়িত থকা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।
গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰী সকলক ভুল পথে পৰিচালিত কৰি এনেবোৰ দায়িত্বহীন বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাতে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আঁচনিৰ পুঁজি ব্যাপক অপচয় হোৱাৰ বাবে প্ৰাপ্য পুঁজিৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ হিতাধিকাৰী সকল ।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে এম জি এন ৰেগা আঁচনিৰ সকলো নিয়ম জলাঞ্জলি দি অবৈধ মুনাফা অর্জনৰ লক্ষ্যৰে বিষয়া কৰ্মচাৰী সকলে এনে দুষ্কাৰ্য কৰি অহা বুলি ব্যাপক ৰাজহুৱা অভিযোগ উথাপিত হৈছে ।
ক্ষমতাৰ অপব্যবহাৰ কৰি খণ্ড উন্নয়ন বিষয়াৰ পৰা গাননিক বিষয়া আৰু তলতিয়া কৰ্মচাৰী সকলে মুনাফা অর্জনৰ পথ হিচাবে চৰকাৰী আঁচনিক ব্যৱহাৰ কৰাৰ পাছতো নীৰৱ লখিমপুৰ জিলা আয়ুক্ত ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আদি । চৰকাৰী আঁচনিৰ পুঁজিৰ পৰা হিতাধিকাৰী সকলক বঞ্চিত কৰি বক্ৰ পথেৰে লাভান্বিত হোৱাৰ ফন্দি পতা এনেবোৰ বিষয়া কৰ্মচাৰীৰ ওপৰত তদন্ত ঘোষণা কৰাৰ ৰাজহুৱা দাবী উথাপিত হৈছে । এই ক্ষেত্ৰত নৱনিযুক্ত সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীৰ কঠোৰ প্ৰশাসনিক স্থিতি কামনা কৰিছে খণ্ডটোৰ ন্যায়কামী হিতাধিকাৰী সকলে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us