/asomiyapratidin/media/media_files/2026/03/01/3-2026-03-01-17-18-42.jpg)
ডিজিটেল সংবাদ,ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জহামাৰি গাওঁত আজি ৪২'ৰ আন্দোলনৰ শ্বহীদ আৰু মুক্তিযোদ্ধাসকলৰ স্মৃতিত মনোজ্ঞ স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন হয় ৷ ৪২'ৰ মুক্তিযোদ্ধা আৰু শ্বহীদ ন্যাসৰ উদ্যোগত বৰছলা সমষ্টি গোৰ্খা জাগৰণ মঞ্চ আৰু মহকুমা নাগৰিক মঞ্চৰ সহযোগত আয়োজিত স্মাৰক বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক পংকজ কুমাৰ নাথে৷
তেওঁ মন্তব্য প্ৰদান কৰি কয় যে- স্বাধীনতা আন্দোলনত জহামাৰি প্ৰাণকেন্দ্ৰ আছিল ৷ ৪২'ৰ ঢেকীয়াজুলিৰ ঘটনাৰ ১৩ জন শ্বহীদ আৰু মুক্তিযোদ্ধাসকলৰ ত্যাগৰ কাহিনীৰ ৰাষ্ট্ৰীয় স্বীকৃতি হোৱা নাই ৷ ঢেকীয়াজুলিৰ ঘটনাৰ উচিত মূল্যাংকন হোৱা নাই ৷ ইয়াৰ বাবে স্বাধীনতা আন্দোলনৰ কেৱাজন নেতা জগৰীয়া ৷ এই ঘটনাত শ্বহীদ মনবৰ নাথ,কুমলী দেৱী,খহুলী দেৱী,তিলেশ্বৰী বৰুৱা,মহীৰাম কোচ,মনিৰাম কচাৰী,লেৰেলা কচাৰী, ৰতন কচাৰী,সৰুনাথ চুতীয়া, মংগল কুৰ্ক, দয়াল দাস পানিকাৰ লগতে এজন সাধু আৰু এজন অচিনাক্ত ভিক্ষাৰীসহ তেৰজন বীৰ-বীৰংগনা ব্ৰিটিছ পুলিচৰ গুলিচালনাত মৃত্যু হোৱাৰ লগতে বহুকেইজন সংগ্ৰামী আঘাতপ্ৰাপ্ত হয় ৷এই ঘটনাৰ বাবে ঢেকীয়াজুলিক শ্বহীদ নগৰী বুলি কোৱা হৈছে বুলি নাথে ভাষণত উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/889874d3-9d7.png)
মুক্তিযোদ্ধা স্মৃতি ন্যাসৰ সভাপতি তৰুণ দাসৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ন্যাসৰ সম্পাদক অনন্ত কুমাৰ নাথে ৷ অনুষ্ঠানত প্ৰৱীণ সাংবাদিক ৰমেশ চন্দ্ৰ বৰা, বিশিষ্ট সমাজকৰ্মী ৰাতুল কুমাৰ নাথ, শ্বহীদ কুমলী দেৱীৰ নাতি দেৱীচৰণ নেওঁগ, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড:শুকদেৱ অধিকাৰী, বৰছলা সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ সভাপতি নাৰায়ণ ফয়েলে ভাষণ দিয়ে ৷ অনুষ্ঠানত চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা নাৰায়ণ খতিওৰা, শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যকৰী সভাপতি তিলক পকোৱাল, ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল দাস, অৱসৰপ্ৰাপ্ত শিক্ষক গোপ বাহাদুৰ থাপা, ধ্ৰুৱভূষণ মহন্ত, ডা:নিত্যানন্দ নাথ, উমাচৰণ নাথ, বোধনাথ নাথ, হেমলতা দেৱী, বসুন্ধৰা শৰ্মা, সাধনা বেজবৰা, দুৰ্লভ দাস, অৰুণ দাস, প্ৰৱীন বৰা, কুশল নাথ, বিষ্ণু নাথ, ঘন ভূঞা, লক্ষী বৰা, যোগেন নাথ, কৈলাস নাথ, তিলক বৰা, বসন্ত কুমাৰ নাথ, জ্ঞান বাহাদুৰ নেৱাৰ, হিমসাগৰ উপাধ্যায়, গোবিন্দ খতিওৰা, গোকুল বছনেত, ডা:উমেশ চন্দ্ৰ দাস, সঞ্জীৱ নাথ, দীপক নাথ ৰমেশ চুব্বা, প্ৰাক্তন সৈনিক ৰাতুল নাথ, মঞ্জু দেৱী, দিপিকা বৰা,জয়া দেৱী,পুতু দেৱী,পপী দেৱী,ৰীতা বড়ো, সংগীতা দেৱীৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/d0f86aff-780.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us