/asomiyapratidin/media/media_files/2026/02/15/whatsap-2026-02-15-15-45-12.jpeg)
ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈছে ৷ আজি পুৱা ১০ বজাত দেৱালয় উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি বগীৰাম বড়োয়ে শিৱৰাত্ৰি মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-2026-02-15-15-44-34.jpeg)
গুপ্তেশ্বৰ দেৱালয়ত ভক্তপ্ৰাণ ৰাইজে পুৱাৰে পৰা শাৰী পাতি পূজা-অৰ্চনা কৰি বাবাৰ আশীষ লৈছে ৷ দেৱালয় পৰিসৰত উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে ৷ দেৱালয় উন্নয়ন সমিতিৰ মুখ্য সম্পাদক গোপাল আচাৰ্যই জনোৱা মতে,শিৱৰাত্ৰি মেলাত চাৰিপ্ৰহৰৰ শিৱপূজা, বাথৌপূজা, হৰিনাম-কীৰ্তন, ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী ৰখা হৈছে ৷
আনপিনে মীনা বজাৰ, চাৰ্কাছ আদিত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কাহিনীৰ স্মৃতি বিজড়িত গুপ্তেশ্বৰ দেৱালয়ত শিৱৰাত্ৰি মেলাৰ প্ৰথম নিশা জহামাৰি গাঁৱৰ ৰাইজৰ সমূহীয়া উদ্যোগত ভাওঁনা প্ৰদৰ্শন কৰা হয় ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জহামাৰীবাসী ৰাইজে ভাওনা প্ৰদৰ্শন কৰিব ৷ এইবাৰ ১৪০ সংখ্যক ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যাক্তাসকলে জনাইছে ৷ শিৱৰাত্ৰি মেলাত শান্তিশৃংখলা অটুট ৰাখিবলৈ গাঁওৰক্ষী বাহিনীয়ে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us