/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-15-34-36.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ঢেকীয়াজুলিশিক্ষা খণ্ডৰ অন্তৰ্গত ধিৰাই মাজুলী লোকনায়ক অমিয় কুমাৰ দাস মধ্য ইংৰাজী বিদ্যালয়ত আজি বন্ধু বিদ্যালয় কাৰ্যক্ৰমৰ অধীনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ আয়োজক লোকনায়ক অমিয় কুমাৰ দাস মধ্য ইংৰাজী বিদ্যালয় আৰু ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উঠা-বহা, সংগীত চকী আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/b4e670ad-27a.png)
শিক্ষক নয়নজিৎ বৰা, দেৱাশিষ পাল, প্ৰণৱ গোৱালা, ৰিদুস্মিতা দেৱী, জুলু দেৱী, টিনা দেৱী, সৌৰভ চেড়াই, দেৱেন নিৰোলাই প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে ৷ ইয়াৰ পিছত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় ৷ ধিৰাই মাজুলী লোকনায়ক অমিয় কুমাৰ দাস মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন গোৰাগাঞিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক নয়নজিৎ বৰাই ৷
/asomiyapratidin/media/post_attachments/b441708b-c8e.png)
সভাত শিৱসাগৰৰ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে বিশিষ্ট অতিথিৰ ভাষণ দিয়ে ৷ তেওঁ কয়, কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰি ৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাৰ মনোভাৱেৰে অধ্যয়ন কৰি যোৱা উচিত ৷ প্ৰতিযোগিতা অবিহনে কোনো লক্ষ্যত উপনিত হ’ব নোৱাৰি ৷ অধ্যয়নৰ লগতে খেলা-ধূলা কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় ৷ সভাত ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য নাৰায়ণ ফয়েলে ভাষণ দিয়ে ৷
/asomiyapratidin/media/post_attachments/e4f2ed47-6e6.png)
বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীয়ে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিছে ৷ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কথা-বতৰা তথা ভাৱ আদান- প্ৰদানৰ সুযোগ দিয়া হৈছে বুলি তেওঁ নিজৰ ভাষণত প্ৰকাশ কৰে ৷ সভাত ছাত্ৰ বিৰাজ খতিওৰাৰ লগতে শিক্ষয়িত্ৰী ৰিদুস্মিতা দেৱীয়ে গীত পৰিৱেশন কৰে ৷ সভাত ছাত্ৰ-ছাত্ৰীক সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us