/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-16-50-10.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পিৰাকাটাত ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী মণ্ডলৰ সৌজন্যত আৰু ঢেকীয়াজুলি শাখাৰ সহযোগত গ্ৰাম চৌপাল শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰে ৷ দিনৰ ১১ বজাত সংযুক্ত মৎস উৎপাদক সমবায় সমিতিৰ সভাপতি জুৱেল শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাৰ মুখ্য পৰিচালক ৰূপক দাসে ৷
/asomiyapratidin/media/post_attachments/ff5a5b9b-368.png)
উল্লেখ্য যে সভাত ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ আঞ্চলিক বাণিজ্যিক কাৰ্যালয়ৰ প্ৰৱন্ধক চৰৱেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ তেওঁ কয় যে- ভাৰতীয় ষ্টেট বেংকে কৃষক ৰাইজৰ কাৰণে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে ৷ প্ৰধানমন্ত্ৰী বীমা যোজনা, দুৰ্ঘটনাজনিত বীমাৰ লগতে কে চি চি আদি সুবিধা আগবঢ়োৱা হৈছে ৷ গতিকে এই সুবিধাসমূহ গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/1cb9e31d-605.png)
সভাত ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ বাণিজ্যিক কাৰ্যালয়ৰ মুখ্য পৰিচালক বেদান্ত মাধৱ বৰদলৈয়ে ভাষণ দিয়ে ৷ সভাত উপ-প্ৰবন্ধক জিতুমণি ডেকা, সত্যজিৎ মজুমদাৰ, সমাজকৰ্মী নমকৃষ্ণ মিত্ৰ, ৰত্নেশ্বৰ স্বৰ্গীয়াৰী, গাওঁ পঞ্চায়ত সদস্য অৰুণ সোৰ, শম্ভু চেৰুৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/c3033af7-ab6.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us