/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-16-57-48.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ঢেকীয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত শিঙৰী অঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান পিএম শ্ৰী শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ বিদ্যালয় সপ্তাহ সফলতাৰে অনুষ্ঠিত হয় ৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় ৷ দিনৰ ১১ বজাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গংগা বাহাদুৰ ছেত্ৰীয়ে ৷
/asomiyapratidin/media/post_attachments/562cc151-146.png)
উল্লেখ্য যে, সভাত বিদ্যালয়ৰ অধ্যক্ষ হোম বাহাদুৰ খৰ্কাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে ৷ সভাত ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে কেইবাজনো বিদ্যাৰ্থীয়ে গীত -নৃত্য পৰিৱেশন কৰে ৷ শিক্ষক তেজ বাহাদুৰ ছেত্ৰীয়ে আঁত ধৰা সভাত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সমল ব্যক্তি চিত্ৰলেখা দেৱী, অনিৰূদ্ধ পাল, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি দেৱেন্দ্ৰ শৰ্মা, শিক্ষক মিলন দত্ত, বিৰাজ বৰুৱা, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক নাৰায়ণ ফয়েল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/6978ad2b-da9.png)
বঁটা বিতৰণী সভাখন পৰিচালনা কৰাত শিক্ষক গংগা বাহাদুৰ ছেত্ৰী, কংকনা বৰা, জোনালী ডেকাই সহযোগ কৰে ৷ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছত সভাৰ অন্ত পৰে ৷ উক্ত অনুষ্ঠানতে বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীৰ বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us