পিয়াঁহৰ পানীটুপি যোগান ধৰকঃ DGP জি পি সিঙৰ বিশেষ আহ্বান...

প্ৰচণ্ড গৰম। তাপমাত্ৰাৰ পাৰাস্তম্ভই চুইছেগৈ ৪০ৰ ঘৰ। ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰচণ্ড গৰমে। বৰ্ধিত গৰমৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সমূহ অসমবাসীক এটা বিশেষ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
New Update
পিয়াঁহৰ পানীটুপি যোগান ধৰকঃ DGP জি পি সিঙৰ বিশেষ আহ্বান...

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰম। তাপমাত্ৰাৰ পাৰাস্তম্ভই চুইছেগৈ ৪০ৰ ঘৰ। ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰচণ্ড গৰমে। বৰ্ধিত গৰমৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সমূহ অসমবাসীক এটা বিশেষ আহ্বান জনাইছে।

Advertisment

সামাজিক মাধ্যমযোগে জি পি সিঙে অসমবাসীক আহ্বান জনাইছে যে, শেহতীয়া গ্ৰীষ্মকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিগৰাকী সদাশয় নাগৰিকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ— এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক।

আমি আমাৰ আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱাপানীৰ বটল লগত ৰাখিবলৈ জনাইছো । প্ৰয়োজন সাপেক্ষে এই খোৱাপানীৰ বটলসমূহ আপোনালোকে পুন:ভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি বাধিত হ'ম ।আৰক্ষীৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা  মানৱীয় সহযোগিতাৰ বাবে  অসম আৰক্ষী আপোনাসৱৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব ।

উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই আহ্বানৰ প্ৰতি শেহতীয়াকৈ বহুতে সহাঁৰিও জনাইছে।

জি পি সিঙ