শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ প্ৰৱেশ পথৰ কৃষ্ণচূড়াৰ মনোৰম দৃশ্যত মুগ্ধ ভক্ত

গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সিংহদ্বাৰৰ পৰা হস্তীদ্বাৰলৈ যোৱা পথচোৱাৰ দুয়োকাষে শাৰী শাৰীকৈ ফুলি থকা কৃষ্ণচূড়াৰ সৌন্দৰ্য্যই আপ্লুত কৰিছে নামঘৰলৈ অহা ভক্তিপ্ৰাণ ৰাইজক ৷

author-image
Asomiya Pratidin
New Update
143

ডিজিটেল সংবাদ, ঘিলাধাৰী : গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সিংহদ্বাৰৰ পৰা হস্তীদ্বাৰলৈ যোৱা পথচোৱাৰ দুয়োকাষে শাৰী শাৰীকৈ ফুলি থকা কৃষ্ণচূড়াৰ সৌন্দৰ্য্যই আপ্লুত কৰিছে নামঘৰলৈ অহা ভক্তিপ্ৰাণ ৰাইজক ৷ নামঘৰলৈ প্ৰৱেশ কৰা প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োকাষে ফুলি থকা কৃষ্ণচূড়াৰ ৰঙে ৰঙীন কৰি তুলিছে পথছোৱা ৷

উল্লেখ্য যে ২০১৪ চনৰ ৩১ আগষ্টত গোলাঘাটৰ ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু মক্ৰং চাহ বাগিচাৰ কৰ্তৃপক্ষই নামঘৰৰ সিংহদ্বাৰৰ পৰা হস্তীদ্বাৰলৈ কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি প্ৰতিপালন কৰি আহিছিল ৷ এই পুলিবোৰ এতিয়া ডাঙৰ হোৱাত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ় লৈ উঠিছে ৷

পথছোৱাত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ আৰু মক্ৰং চাহ বাগিচাক ভূয়সী প্ৰশংসা কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷

আঠখেলীয়া নামঘৰ