/asomiyapratidin/media/media_files/2025/07/05/ddd-2025-07-05-10-38-02.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ:-গহপুৰ সমজিলাৰ অন্তৰ্গত কলাবাৰী কলিতা গাঁও নিবাসী,ধৰ্মপ্ৰাণ ব্যক্তি দেৱী প্ৰসাদ ভূঞা(৮৬)ৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা মৃত্যু হয়।
জীৱনৰ সুদীৰ্ঘ দিন শংকৰী কৃষ্টি-সংস্কৃতিৰ লগত জড়িত হৈ জীৱনটোক মহীয়ান কৰি তোলা দেৱী প্ৰসাদ ভূঞা ৰাস,ভাওনা, নাম প্ৰসংগ, ভাগৱত পাঠ,খোল বাদন আদিত যথেষ্ট পাৰ্গত আছিল।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক দেৱী প্ৰসাদ ভূঞাৰ মৃত্যুত বৃহত্তৰ কলাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
সকলোৰে প্ৰিয়ভাজন সৰবৰহী ব্যক্তি দেৱী প্ৰসাদ ভূঞাই মৃত্যুত সময়ত এগৰাকী পুত্ৰ, এগৰাকী বোৱাৰী, চাৰিগৰাকী বিবাহিত জীয়াৰী,জোঁৱাই,নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us