গৌৰীপুৰৰ আঠানিত বিধ্বংসী অগ্নিকাণ্ড

গৌৰীপুৰৰ আঠানিত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত এটা বাসগৃহ।

author-image
Asomiya Pratidin
New Update
AP WEB fire

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ গৌৰীপুৰৰ আঠানিত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত এটা বাসগৃহ।      

উল্লেখ্য যে খানাবাৰী পোনে নয় আনি গাঁৱৰ লক্ষণ মাল্লাৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডটো। জুইৰ লেলিহান শিখাই আৱৰি ধৰাত ভস্মীভূত হয় বাসগৃহটোৰ ভিতৰৰ সকলো সামগ্ৰী।

তাৰোপৰি স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাটো বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ  প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। 

আনফালে অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হোৱাৰ ধাৰণ কৰিছে।

গৌৰীপুৰ